৫ দিনীয়াকৈ গুৱাহাটীত অনুষ্ঠিত হৈছে ১৫ সংখ্যক সদৌ অসম ৰক ক্লাইম্বিং আৰু দুঃসাহসিক শিৱিৰ

৫ দিনীয়াকৈ গুৱাহাটীত অনুষ্ঠিত হৈছে ১৫ সংখ্যক সদৌ অসম ৰক ক্লাইম্বিং আৰু দুঃসাহসিক শিৱিৰ

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটীত অনুষ্ঠিত হৈ আছে ১৫ সংখ্যক সদৌ অসম ৰক ক্লাইম্বিং আৰু দুঃসাহসিক শিৱিৰ(15th All Assam Rock Climbing cum Adventure Camp)। অসম ৰক এণ্ড স্পৰ্ট ক্লাইম্বিং এচ'ছিয়েচনে আয়োজন কৰিছে এই শিৱিৰৰ।

চলিত বৰ্ষৰ ২২ জানুৱাৰীৰ পৰা ২৬ জানুৱাৰীলৈ ৫ দিনীয়াকৈ আয়োজন কৰা প্ৰশিক্ষণ শিৱিৰত অসমৰ বিভিন্ন ঠাইৰ ২৭ জন যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰিছে। শিৱিৰত প্ৰশিক্ষণ প্ৰদান কৰি থকা চাবলৈকো সমৱেত হৈছে বহু লোক।

গুৱাহাটীৰ ওচৰে পাজৰে বিভিন্ন শৈলক্ষেত্ৰ আৰু পাহাৰীয়া অঞ্চলত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰশিক্ষাৰ্থী সকলক প্ৰাকৃতিক আৰু কৃত্ৰিম শৈলাৰোহন/অৱৰোহনৰ লগতে জংগল ট্ৰেকিং, পাহাৰীয়া নদী পাৰ হোৱাৰ কৌশল, জংগলত নৈশযাপন, ইত্যাদিৰ প্ৰশিক্ষণ দি থকা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in