লকডাউনঃ গুৱাহাটীত নতুনকৈ ১৫ টা তেল ডিপু খুলিলে, গাখীৰ বিক্ৰী কেতিয়া…

লকডাউনঃ গুৱাহাটীত নতুনকৈ ১৫ টা তেল ডিপু খুলিলে, গাখীৰ বিক্ৰী কেতিয়া…

ডিজিটেল ডেস্কঃ লকডাউনৰ সময়ত পেট্ৰ'ল-ডিজেল বিক্ৰী কৰাৰ বাবে গুৱাহাটী মহানগৰীত পুনৰ ১৫ টা তেল ডিপু খোলাৰ বাবে অনুমতি দিছে কামৰূপ মহানগৰ প্ৰশাসনে। পূৰ্বৰ ২৩ টা ডিপুৰ সৈতে নতুনকৈ খোলা ১৫ টা ডিপুৱে এতিয়াৰে পৰা মহানগৰীত তেল বিক্ৰী কৰিব পাৰিব।

নতুনকৈ খোলা ডিপুকেইটা হৈছেঃ

১. গোস্বামী ছাৰ্ভিচ ষ্টেচন, জিএনবি ৰোড, শিলপুখুৰী।

২. অম্বিকা ছাৰ্ভিচ ষ্টেচন, জু ৰোড তিনি আলি, গুৱাহাটী।

৩. শৰাইঘাট ছাৰ্ভিচ ষ্টেচন, আদাবাৰী।

৪. বৰুৱা ছাৰ্ভিচ ষ্টেচন, আমবাৰী।

৫. ডেকা ফিলিং ষ্টেচন, ৰুক্মিনীগাওঁ।

৬. কিৰণ ছাৰ্ভিচ ষ্টেচন, ৱায়াৰলেছ, বেলতলা।

৭. নেছা ছাৰ্ভিচ ষ্টেচন, জিএছ ৰোড।

৮ প্ৰভাত অইল ষ্টেচন, শান্তিপুৰ।

৯. শ্ৰী ছাৰ্ভিচ ষ্টেচন, বেতকুছি।

১০. কিৰণ ফুইল ষ্টেচন, নাৰ্ছাৰী।

১১. শিৱম ফিলিং ষ্টেচন, বৰবাৰী।

১২. বাৰৈ ছাৰ্ভিচ ষ্টেচন, বৰবাৰী ভিআইপি ৰোড।

১৩. এনইএছ, লখৰা ৰোড।

১৪. ৰাজ এনাৰ্জী ষ্টেচন, জ্যোতিকুছি।

১৫. ৰিফাইনেৰি কো অপাৰেটিভ পেট্ৰ' পাম্প, নুনমাটি।

পূৰ্বে খুলি দিয়া ডিপুকেইটাঃ

১. আশা ফিলিং ষ্টেচন, তেপেছিয়া, এনএইচ-৩৭।

২. চান্দমাল ছাৰাওগী এণ্ড কোঃ, এনএইচ-৩৭।

৩. ৰাজ ছাৰ্ভিচ, বশিষ্ঠ চাৰিআলি,এনএইচ-৩৭।

৪. লখৰা ছাৰ্ভিচ ষ্টেচন, লখৰা, এনএইচ-৩৭।

৫. ভৱানী ছাৰ্ভিচ ষ্টেচন, শাওকুছি, এনএইচ-৩৭।

৬. স্বাগত আৰঅ' আইএছবিটি, বেতকুছি, এনএইচ-৩৭।

৭. ছ'গানি ছাৰ্ভিচ ষ্টেচন, বৰাগাঁও, এনএইচ-৩৭।

৮. নৰ্থ ইষ্ট ছাৰ্ভিচ ষ্টেচন, জালুকবাৰী, এনএইচ-৩৭।

৯. প্ৰদীপ অইল ডেপ'ত, ধাৰাপুৰ।

১০. এছকেএম ছাৰ্ভিচ ষ্টেচন, লালমাটি।

১১. ছাগানমল ছাৰাওগি এণ্ড ছনছ, দিশপুৰ।

১২. থানসিং নাথমল, উলুবাৰী।

১৩. চাণ্ডমল ছাৰাওগি, উলুবাৰী।

১৪. সঞ্জীৱনী ফিউল পইন্ট, বেলতলা।

১৫. এনআৰএল, জয়ানগৰ।

লকডাউনৰ সময়চোৱাত খুলিবলগীয়া পেট্ৰ'ল পাম্পৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবে এই সময়তো নিজ নিজ কামত নিয়োজিত হৈ থকা মহানগৰীৰ হাজাৰৰোধিক লোকৰ সুবিধা হ'ব বুলি অনুমান কৰা হৈছে। কাৰণ পূৰ্বে জু-ৰোড, চান্দমাৰী অথবা শিলপুখুৰী এলেকাত এটাও পেট্ৰ'ল পাম্প নথকাৰ বাবে অসুবিধাৰ সন্মুখীন হৈছিল বহু লোক।

আনহাতে একেসময়তে অত্যাৱশ্যকীয় সামগ্ৰীৰ বিপণী তথা গাখীৰ আদিৰ বিক্ৰী বন্ধ ৰখাৰ বাবে অসুবিধাত পৰিছে বিভিন্ন লোক। এজন দুখীয়া লোকৰ বাবে কেবাদিনলৈকে সামগ্ৰী ক্ৰয় আৰু মজুত কৰি ৰখাটো সম্ভৱ নহয়। তেনেস্থলত তেওঁলোকে প্ৰতিদিনাৰ নিজা সামগ্ৰী সংগ্ৰহ কৰে। অৱশ্যে কোৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে এই সময়ত দোকান বন্ধ ৰখাটো বহুলোকেই আদৰণি জনাইছে।

তেনেসময়তো গাখীৰ বিক্ৰেতাসকলক কিছু স্থানত গাখীৰ বিক্ৰী কৰাৰ বাবে অনুমতি দিয়া হৈছে যদিও অধিকাংশ স্থানতেই গাখীৰ বিক্ৰেতাসকলক আৰক্ষী প্ৰশাসনৰ লোকে হাৰাশাস্তি কৰাৰ অভিযোগ উঠিছে। সোমবাৰে একাংশ গাখীৰ বিক্ৰেতাই নিজা গাখীৰ পেলাই নুনমাটিত প্ৰতিবাদ কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in