নগাঁৱৰ পশ্চিমাঞ্চলত স্বাধীনতা দিৱসৰ উলাহ

 নগাঁৱৰ পশ্চিমাঞ্চলত স্বাধীনতা দিৱসৰ উলাহ

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ  এটা সময় আছিল স্বাধীনতা দিৱস, গণতন্ত্ৰ দিৱস বুলি ক'লে নৱ প্ৰজন্মই অনুভৱ কৰিছিল বিশেষ উছাহ৷ কিন্তু সময়ে সময়ে উগ্ৰপন্থীৰ দ্বাৰা এনেবোৰ দিৱসত ঠায়ে ঠায়ে সংঘটিত হোৱা কূটাঘাটে ক্ৰমান্বয়ে যেন ম্লান কৰি পেলাইছিল স্বাধীনতাৰ মাদকতা৷ এনে সময় আহিছিল অনুষ্ঠান-প্ৰতিষ্ঠানত পতাকা উত্তোলন কৰিবলৈও যেন ভয়-শংকা৷ দায়িত্বৰ খাতিৰত নিশাৰ ভাগতেই মনে মনে কোনোবাই পতাকা উৰুৱাই মাথো নিজৰ দায় সাৰিবলৈ চেষ্টা চলাইছিল!

কিন্তুু বৰ্তমান তেনে বিভীষিকাময় পৰিৱেশ যেন ক্ৰমান্বয়ে সলনি হৈ পৰিছে৷ নিজৰ দেশখনক ভালপোৱা সৰু-ডাঙৰ সকলো এতিয়া পুনৰ আগৰ দৰে মুকলি মনেৰে পুৱাই উলাই আহিছে ৰাষ্ট্ৰীয় পতাকাক সন্মান জনাই 'জন-গণ-মন-অধিনায়ক' গাবলৈ৷

বহু বছৰৰ মূৰত নগাঁও জিলাৰ পশ্চিমাঞ্চলটো আজি ৭২ সংখ্যাক স্বাধীনতা দিৱসটি সকলো প্ৰান্তৰ সকলো শ্ৰেণীৰ লোকে উলহ-মালহেৰে পালন কৰা পৰিলক্ষিত হয়৷ বিশেষকৈ পুৱাৰে পৰা বিভিন্ন শিক্ষানুষ্ঠানত কণ-কণ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত দেখা পোৱা গ'ল ব্যাপক উছাহ৷ আজি স্বাধীনতা দিৱস উপলক্ষে বৃহত্তৰ এলেকাটোৰ বিভিন্ন বিদ্যালয়ে শোভাযাত্ৰা, সাংস্কৃতিক অনুষ্ঠান, খেল-ধেমালি অনুষ্ঠিত কৰাৰ লগতে বহু জেষ্ঠ্য নাগৰিকক আমন্ত্ৰণ কৰি আনি সম্বৰ্ধনাও জ্ঞাপন কৰে।

২৬৫ নং আলিটাঙনী মোক্তাৱত আড়ম্বৰপূৰ্ণভাৱে উদযাপিত হয় আজিৰ স্বাধীনতা দিৱস৷ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে আলিটাঙনী ওচমানীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ এ কে ফজলুল হক, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আবুবক্কৰ ছিদ্দিক, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ইউনুচ আলী আৰু আফতাব উদ্দিন আকন্দ, লগতে আলিটাঙনী মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক আমিনুল ইছলাম ফৰাজী৷ পতাকা উত্তোলন কৰে এ কে ফজলুল হকে৷ অতিথিসকলৰ উপৰিও স্থানীয় ৰাইজ, বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সমূহ সদস্য, অভিভাৱক উপস্থিতিত ছাত্ৰ-ছাত্ৰীসকলে শোভাযাত্ৰা কৰি বিভিন্ন শ্লোগানেৰে বৃহত্তৰ অঞ্চলটোত দেশপ্ৰেমৰ বানী বিলোৱাৰ সুন্দৰ প্ৰয়াস কৰা দেখা যায়৷

বাটমাৰী জ্ঞানদ্বীপ জাতীয় বিদ্যালয়ৰ শিক্ষাৰ্থী তথা শিক্ষক-অভিভাৱকসকলেও পতাকা উত্তোলন কৰি দেশপ্ৰেমমূলক গীত গাই, বিভিন্ন শ্লোগান দি অঞ্চলটোত এক বৰ্ণাঢ্য শোভাযাত্ৰা উলিয়াই আনন্দ-ষ্ফুৰ্টীৰে স্বাধীনতা দিৱস উদযাপন কৰে৷

বটদ্ৰৱা শ্ৰীশ্ৰী শঙ্কৰদেৱ উচ্চত্বৰ মাধ্যমিক বিদ্যালয়, শঙ্কৰদেৱ মহাবিদ্যালয়, শঙ্কৰদেৱ শিশু নিকেতন, জাতীয় বিদ্যালয় সহিতে সকলো প্ৰাথমিক, উচ্চ আৰু উচ্চত্বৰ মাধ্যমিক বিদ্যালয়ৰ লগতে আৰক্ষী নিৱেশ, বেংক, ডাকঘৰ, প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, বিভিন্ন চৰকাৰী-বেচৰকাৰী কাৰ্যালয় তথা অঞ্চলটোৰ নাগৰিকৰ বাসগৃহটো আজি অতি উলাহেৰে দেশৰ স্বাধীনতা দিৱস উদযাপন কৰা হৈছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in