আৰক্ষী থানা নহয় যেন বাইকৰ ডিলাৰহেঃ চুৰি বাইকেৰে ভৰি পৰিল লাহৰীঘাট থানা…

আৰক্ষী থানা নহয় যেন বাইকৰ ডিলাৰহেঃ চুৰি বাইকেৰে ভৰি পৰিল লাহৰীঘাট থানা…

ডিজিটেল সংবাদ লাহৰিঘাটঃ লাহৰীঘাট আৰু মৰিগাওঁ আৰক্ষীৰ বৃহৎ সফলতা। উদ্ধাৰ কৰিছে ১৪ খনকৈ চুৰি বাইক। আনহাতে গ্ৰেপ্তাৰ কৰিছে ৫ টা চোৰক। লাহৰীঘাট আৰক্ষীয়ে মগিৰাওঁ আৰক্ষীৰ লগত যৌথ অভিযান চলাই বিভিন্ন স্থানৰ পৰা ১৪ খনকৈ চুৰি বাইক উদ্ধাৰ কৰিছে।

আনহাতে আৰক্ষীয়ে এই অভিযানত গ্ৰেপ্তাৰ কৰিছে ৫ টা চোৰক। ধৃত চোৰ কেইটা ক্ৰমে ছাদ্দাম হুছেইন (২৪) হৰজত আলী (২৬) হায়াৎ উল্লাহ (২০) বাহাৰুল ইছলাম (২৮) আৰু চৰিফ ইছলাম (১৮)। উল্লেখ্য যে আৰক্ষীয়ে উদ্ধাৰ কৰা ১৪ খন বাইকৰ অধিকাংশৰে নাই নম্বৰ প্লেট। এই আটাইকেইখন বাইকৰে আনুমানিক মূল্য প্ৰায় ৫ লাখ টকা। উক্ত চুৰি ঘটনা সন্দৰ্ভত লাহৰীঘাট আৰক্ষীয়ে ৩০৪ /২০২২ U/s- ৩৭৯ /৪১১ /৩৪ IPC ধাৰাত গোচৰ ৰুজু কৰি জেৰা অব্যাহত ৰাখিছে |

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in