দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জত ১৪ টা চোৰাং গৰু জব্দ…

দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জত ১৪ টা চোৰাং গৰু জব্দ…

ডিজিটেল সংবাদ দক্ষিণ শালমাৰাঃ ধুবুৰী আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলাত অব্যাহত আছে গৰুৰ চোৰাং ব্যৱসায়। আজি ফকিৰগঞ্জ আৰক্ষীয়ে কুশবাৰীত এক অভিযান চলাই নদীৰ পৰা ১৪ টা চোৰাং গৰু জব্দ কৰে। গৰু কেইটা চোৰাং সৰবৰাহকাৰীয়ে বাংলাদেশলৈ নি থকা অৱস্থাত আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই এই গৰু কেইটা জব্দ কৰে।

অৱশ্যে আৰক্ষীয়ে গৰু কেইটা জব্দ কৰে যদিও সৰবৰাহকাৰী কেইটা পলায়ন কৰে। গোৱালপাৰা জিলাৰ জলেশ্বৰ, গৌৰনগৰ সপ্তাহিক বজাৰৰ পৰা গৰু কেইটা ক্ৰয় কৰি ধুবুৰী আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ নদী পথেৰে বাংলাদেশলৈ সৰবৰাহ কৰিবলৈ অনা হৈছিল বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in