দৌলাশালস্থিত চতুৰ্দ্দশ অসম আৰক্ষী বাহিনীৰ ৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন…

দৌলাশালস্থিত চতুৰ্দ্দশ অসম আৰক্ষী বাহিনীৰ ৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন…

ডিজিটেল সংবাদ চেঙা : নলবাৰী জিলাৰ দৌলাশালস্থিত চতুৰ্দ্দশ অসম আৰক্ষী বাহিনীয়ে সোমবাৰে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে বাহিনীৰ মুখ্য কাৰ্যালয়ত বাহিনীটোৰ ৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰে ৷ ১৯৮৭ চনৰ ৮ ফেব্ৰুৱাৰীত অসম গণ পৰিষদ চৰকাৰৰ সময়ত বৰক্ষেত্ৰীৰ দৌলাশালত স্থাপন কৰা চতুৰ্দ্দশ অসম আৰক্ষী বাহিনীৰ সোমবাৰে ৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱস বাহিনীৰ বিষয়া-জোৱানসকলে উলহ-মালহেৰে পালন কৰে ৷

পুৱা অসম আৰক্ষীৰ পতাকা উত্তোলন আৰু শ্বহীদ জোৱান সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে বাহিনীৰ সহঃঅধিনায়ক অণিৰ্বাণ শৰ্মাই ৷ পতাকা উত্তোলন কৰি বাহিনীৰ সহঃ অধিনায়ক অণিৰ্বান শৰ্মাই দিয়া ভাষণৰ আৰম্ভণিতে বাহিনীৰ প্ৰতিজন বিষয়া আৰু জোৱানসকলক প্ৰতিষ্ঠা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে ৷ সহঃ অধিয়ানকজনে ভাষণ প্ৰসংগত অসম আৰক্ষীৰ শ্বহীদ বীৰসকলক শ্ৰদ্ধাৰে প্ৰণিপাত জনাই বীৰসকলৰ আত্মাৰ সদগতি কামনা কৰে ৷

তদুপৰি চতুৰ্দ্দশ অসম আৰক্ষী বাহিনীৰ সফলতা আৰু জনসাধাৰণক প্ৰদান কৰি অহা অহৰহ নিৰাপত্তাৰ দিশত বক্তব্য প্ৰদান কৰি শৰ্মাই কয় যে চতুৰ্দ্দশ অসম আৰক্ষী বাহিনীৰ বিষয়া-জোৱানসকলে ৰাজ্য তথা দেশৰ বিভিন্ন প্ৰান্তত নিয়োজিত হৈ নিজ পৰিয়াল আৰু আত্মীয়ৰ পৰা দূৰৈত থাকি দেশৰ জনসাধাৰণৰ স্বাৰ্থত অহৰহ দায়িত্ব পালন কৰি আহিছে ৷ বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা অতিমাৰী কৰোনা মহামাৰীৰ সময়তো বাহিনীৰ বিষয়া-জোৱানসকলে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত গৈ দায়িত্ব সমাপন কৰি মাৰাত্মক ভাইৰাছবিধিৰ বিৰুদ্ধে যুঁজ দিছিল ৷

ইপিনে কে'বাগৰাকীও জোৱানে নিজৰ দায়িত্ব সমাপন কৰিবলৈ গৈ সন্ত্ৰাসবাদীৰ আক্ৰমণত দেশৰ হকে প্ৰাণ আহুতি দিবলগীয়া হোৱাৰ কথাও সদৰি কৰি তেওঁলোকৰ বিদেহ আত্মাৰ চিৰ শান্তি কামনা কৰে ৷ পতাকা উত্তোলনৰ পিছতে পেৰেড কামাণ্ডাৰ হেমচৰণ কলিতাৰ নেতৃত্বত আৰক্ষীৰ ত্ৰিশ জনীয়া দল এটিয়ে পেৰেড প্ৰদৰ্শন কৰে ৷

প্ৰতিষ্ঠা দিৱস উপল্যক্ষে বাহিনীৰ বিষয়া-জোৱানসকলৰ সতি-সন্ততিয়ে বিগত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৭০ শতাংশতকৈ অধিক নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ -ছাত্ৰীসকলক গামোচাৰে আদৰণি জনায় আৰু কিতাপৰ টোপালা প্ৰদান কৰি অভিনন্দন জ্ঞাপন কৰে বাহিনীৰ শীৰ্ষ আৰক্ষী বিষয়াসকলে ৷

প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বাহিনীৰ চৌহদত অনুষ্ঠিত হয় বেডমিন্টন প্ৰতিযোগিতা ৷ বাহিনীৰ সদ্য অৱসৰপ্ৰাপ্ত উপ আৰক্ষী অধীক্ষক (ডিএচপি) অনিল চৌধুৰীয়ে উদ্বোধন কৰা প্ৰতিযোগিতাৰ খিতাপ দখল কৰে হাবিলদাৰ ক্লাৰ্ক যতিন ৰয় আৰু বিকাশ তালুকদাৰে ৷

চূড়ান্ত খেলত ৰাণাৰ্চাপৰ খিতাপ দখল কৰে হাবিলদাৰ ক্লাৰ্ক যোগেশ কলিতা আৰু কনিষ্ঠবল জ্যোতিষ ডেকাই ৷ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হয় মনোজ কুমাৰ চৌধুৰী ৷ তদুপৰি বিভিন্ন খেল ধেমালি আৰু নিশা সাংস্কৃতিক কাৰ্যসূচীৰে বাহিনীৰ বিষয়া-জোৱান সকলে ৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in