কেনে আছে কাৰ্বি ভূমিৰ ১২৮ বছৰীয়া আইতা…চাওক VIDEO

কেনে আছে কাৰ্বি ভূমিৰ ১২৮ বছৰীয়া আইতা…চাওক VIDEO

ডিজিটেল সংবাদ, ৰহাঃ অসমৰ মানুহৰ গড় আয়ুস কিমান? ২০১৭ চনৰ এক সমীক্ষা মতে ৬৩ বছৰ। কিন্তু কাৰ্বি আংলঙৰ হাঁওৰাঘাটৰ এগৰাকী আইতাৰ লগতে পৰিয়ালৰ লোকে দাবী কৰিছে যে আইতাৰ বয়স ১২৮ বছৰ। হাতত লাখুটি লৈ থৰক-বৰক খোজ কাঢ়ে আইতাগৰাকীয়ে। আইতাৰ নাম সাবিত্ৰী দাস। আইতাৰ জন্ম পাকিস্তানত। বিয়া হৈছিল পাকিস্তানতে। আইতাৰ সাতজন ল'ৰা আৰু তিনিগৰাকী কন্যা সন্তান। ভাৰত বিভাজনৰ সময়ত আইতাৰ পৰিয়ালটো আহিল ভাৰতলৈ আৰু পিছত অসমলৈ আহি প্ৰথমে কাৰ্বি আংলঙৰ হাওৰাঘাটত থাকিবলৈ ল'লে।

তাৰ পিছত ১৯৬২ চনত চৰকাৰে পৰিয়ালটোক পাকিস্তানৰ পৰা অহা শৰণাৰ্থী তালিকাত অন্তৰ্ভুক্ত কৰি ৰহাৰ আমচৈৰ মাকৰশালীত সাত বিঘা মাটি অনুদান দি সংস্থাপিত কৰিলে । তেতিয়াৰ পৰা আইতা অসমতে আছে। আইতাৰ স্বামী কেতিয়াবাই ঢুকাল। ডাঙৰ পুতেক দুটা আৰু জীয়েক কেইজনীও ঢুকাল। জীয়াই থকা তৃতীয় পুত্ৰৰ বয়স এতিয়া প্ৰায় ৯০ বছৰ। কেইবাটাও প্ৰজন্মৰ সাক্ষী হৈ থকা আইতাৰ এতিয়া আছে এখন বিশাল সংসাৰ।

আইতাৰ আছে শতাধিক আত্মীয়-স্বজন, অগণন নাতি-পৰিনাতি। আইতাই দেখিলে বহু পৰিবৰ্তন, সাক্ষী হৈ আছে বহু ঘটনা-পৰিঘটনাৰ। কিন্তু তাৎপৰ্যপূৰ্ণ কথা যে ৬ কুৰি আঠ বছৰ অতিক্ৰম কৰিলেও আইতাৰ দাঁত এতিয়াও মজবুত। অৱশ্যে চুলি পকাৰ লগতে চকুৰে নেদেখে আইতাই। তথাপি লাখুটিৰ সহায়ত খোজকাঢ়িব পাৰে আইতাই। চাওক এই ১২৮ বছৰীয়া আইতাক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in