ইটানগৰত ১২ ঘন্টীয়া বন্ধৰ সময়ত হিংসাত্মক ঘটনা, প্ৰতিবাদকাৰীয়ে ভাঙিলে কেবাখনো বিলাসী বাহনৰ গ্লাছ…

ইটানগৰত ১২ ঘন্টীয়া বন্ধৰ সময়ত হিংসাত্মক ঘটনা, প্ৰতিবাদকাৰীয়ে ভাঙিলে কেবাখনো বিলাসী বাহনৰ গ্লাছ…

ডিজিটেল ডেস্কঃ ১২ ঘন্টীয়া বন্ধৰ সময়ত ইটানগৰত উত্তপ্ত পৰিস্থিতি। অল নিচি য়ুথ এছ'চিয়েচনে আহ্বান জনোৱা বন্ধৰ সময়ত বন্ধ সমৰ্থনকাৰী প্ৰতিবাদকাৰীয়ে কেবাখনো বাহনৰ ক্ষতি কৰে। পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ আহ্বান জনোৱা বন্ধৰ সময়ত অৰুণাচলৰ ৰাজধানী চহৰ ইটানগৰৰ ৰাজপথ একপ্ৰকাৰৰ অচল হৈ পৰিছে।

এপিএছএছবি (Arunachal Pradesh Staff Selection Board)ৰ বিফলতাৰ পিছতে বিভিন্ন পদৰ পৰা অব্যাহতি দিয়া কৰ্মচাৰী সকলক চাকৰিৰ পৰা নিলম্বন আৰু গ্ৰেপ্তাৰৰ লগতে আন কেবাটাও দাবীৰে বন্ধৰ আহ্বান জনাইছে এছ'চিয়েচনে। বন্ধৰ বাবে বিভিন্ন স্থানত প্ৰতিবাদকাৰীয়ে বন্ধ কৰি দিছে ৰে'লৰ চলাচলো। ইটানগৰ আৰু নাহৰলগুনৰ বজাৰ সমূহো বন্ধ কৰি ৰখা হৈছে।

গংগা মাৰ্কেটৰ সমীপত বাহনলৈ প্ৰতিবাদকাৰীয়ে শিল নিক্ষেপ কৰে। বাহনৰ ওপৰত আক্ৰমণ কৰি গংগা মাৰ্কেটৰ লগতে আন বহু স্থানত ভাঙি পেলোৱা হৈছে গ্লাছসমূহো। ইয়াৰ লগতে পথত টায়াৰ জ্বলাইয়ো প্ৰতিবাদ সাব্যস্ত কৰিছে সংগঠনটোৰ সদস্যসকলে। অৱশ্যে এই বন্ধত ৰেহাই দিয়া হৈছে এম্বুলেঞ্চ, সামৰিক বাহিনী, দণ্ডাধীশ ইত্যাদিৰ বাহন।

তাৎপৰ্যপূৰ্ণ কথা এয়ে যে, এনে পৰিস্থিতিত উপ-মুখ্যমন্ত্ৰীকে ধৰি বহু মন্ত্ৰী আজি কাৰ্যালয়লৈ নাহিল যদিও মুখ্যমন্ত্ৰী পেমা খান্দু আৰু গৃহমন্ত্ৰী বামাং ফেলিক্স প্ৰতিবাদকাৰীৰ প্ৰতিৰোধ নেওচি কাৰ্যালয়ত উপস্থিত হয় । কিন্তু সচিবালয়কে ধৰি সকলো চৰকাৰী কাৰ্যালয়, বিদ্যালয়, স্কুল-কলেজ বন্ধ থাকে । ইটানগৰৰ ডি চেক্টৰত বন্ধ উলংঘন কৰা আৰোহীৰ মটৰ চাইকেল এখনো বন্ধ সমৰ্থকে জ্বলাই দিয়ে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in