‘মোডী চৰকাৰ হায় হায়, সৰ্বানন্দৰ কাম নাই’, বন্ধত উত্তাল ৰাজ্য…

‘মোডী চৰকাৰ হায় হায়, সৰ্বানন্দৰ কাম নাই’, বন্ধত উত্তাল ৰাজ্য…

ডিজিটেল ডেস্কঃ ট্ৰাইবেল সংঘ আৰু জনজাতি সমন্বয়ৰক্ষী সমিতিয়ে আহ্বান দিয়া ২৪ ঘণ্টীয়া বন্ধৰ প্ৰভাৱ ঠায়ে ঠায়ে ব্যাপকভাৱে পৰা পৰিলক্ষিত হয়। বন্ধৰ সময়চোৱাত দুই-এক বিক্ষিপ্ত ঘটনাও সংঘটিত হৈছে। কোকৰাঝাৰত বন্ধৰ সময়চোৱাত বন্ধ সমৰ্থকে কেবাখনো বাহনলৈ লক্ষ্য কৰি শিল দলিওৱাৰ লগতে বন্ধ সমৰ্থকে দুখনকৈ মটৰ চাইকেল জ্বলাই দিয়ে। ৬ জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতিবাদত ট্ৰাইবেল সংঘ আৰু জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে এই বন্ধৰ আহ্বান দিছিল।

বিটিএডিত বন্ধৰ প্ৰভাৱ আছিল সৰ্বাত্মক। এই সময়চোৱাত যান-বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ হোৱাৰ লগতে কোকৰাঝাৰৰ নেপালীসুতিত এ এছ ১৬ বি ৬৮৩৩ আৰু এ এছ ১৯ বি ৩৭০৬ নম্বৰৰ মটৰ চাইকেল দুখন জ্বলাই দিয়ে। কোকৰাঝাৰ চহৰতো বন্ধ  সমৰ্থকে মোডী চৰকাৰ হায় হায়, সৰ্বানন্দ সোণোৱালৰ কাম নাই আদি ধ্বনিৰে উত্তাল কৰি তোলে। এই সময়ত তিতাগুৰি, বালাজান, চালাকাটি, তিনালি আদি অঞ্চলত সকলো চৰকাৰী প্ৰতিষ্ঠানৰ লগতে দোকান-পোহাৰ বন্ধ আছিল।

আৰক্ষীয়ে ১২জনৰো অধিক বন্ধ সমৰ্থকক আটক কৰে কোকৰাঝাৰত। ইফালে, নগাঁৱতো বন্ধৰ প্ৰভাৱ পৰা পৰিলক্ষিত হয়। মৰিগাঁৱতো তিৱা অধ্যূষিত অঞ্চলসমূহত দোকান-পোহাৰ বন্ধ থকাৰ লগতে যান-বাহন চলাচলো বন্ধ আছিল। চৰাইবৰী, সোণাপুৰ, জাগীৰোড আদি অঞ্চলতো দোকান-পোহাৰ বন্ধ থকাৰ লগতে দুই-এক বিক্ষিপ্ত ঘটনাও সংঘটিত হয়।

ওদালগুৰিতো বন্ধৰ প্ৰভাৱ আছিল সৰ্বাত্মক। মুছলপুৰত বন্ধ সমৰ্থকে ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। নগাঁৱৰ আমচৈৰ পৰা ডিমৌ অঞ্চললৈকে বন্ধৰ প্ৰভাৱ পৰিছিল। অৱশ্যে গুৱাহাটীত অনুষ্ঠিত হোৱা শিক্ষকসকলৰ প্ৰতিবাদী কাৰ্যসূচীলৈ অহা যান-বাহনসমূহ ৰেহাই দিয়ে বন্ধ সমৰ্থকে।  এই সময়ত ৰাজপথত বন্ধ সমৰ্থকে কেবাখনো ট্ৰাক চালকক মাৰপিট কৰা ঘটনাও সংঘটিত হয়।

তামোলপুৰতো বন্ধ সমৰ্থকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। ৰাভা হাছঙতো বন্ধৰ প্ৰভাৱ আছিল সৰ্বাত্মক। মৰিগাঁও জিলাৰ জাগীৰোড, বৰডুবিয়া, সোণাপুৰ অঞ্চলতো বন্ধৰ প্ৰভাৱ পৰে। নগাঁৱৰ গমাৰিআটিত বন্ধৰ সমৰ্থকে এখন ট্ৰাকৰ গ্লাছ ভঙাৰ লগতে আন কিছু স্থানত গাড়ীলৈ শিলগুটি নিক্ষেপ কৰা ঘটনা সংঘটিত হয়।

বিক্ষিপ্ত ঘটনাৰ মাজেৰেই এই বন্ধৰ সময়চোৱাত বহু স্থানত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে। জনজাতিসকলৰ অধিকাৰ খৰ্ব কৰি ৬ জনগোষ্ঠীক জনজাতিকৰণৰ বাবে মোডী চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ পাছতেই এইদৰে এতিয়া ৰাজ্য জ্বলি উঠিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in