শেহতীয়া খবৰ
ৰাজ্যত পুনৰ কোভিড-১৯ত আক্ৰান্ত এগৰাকী মহিলাই হেৰুৱালে প্ৰাণ...  •  বিশ্বনাথত কোভিড ৱাৰ্ডত কাম কৰা এগৰাকী নাৰ্ছৰ দেহত কোৰোনা...  •  কোকৰাঝাৰত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ২১০ জনলৈ বৃদ্ধি...  •  অখিল গগৈৰ মুক্তিৰ দাবীত গোৱালপাৰাত গ্ৰামীণ শ্ৰমিক সন্থাৰ প্ৰতিবাদ...  •  অখিল গগৈ কোভিড পজিটিভ, ভৰ্তি কৰা হ’ব জিএমচিএইচত...  •  বিধায়ক বলিন চেতিয়াৰ সংস্পৰ্শলৈ অহা সাংসদ প্ৰদান বৰুৱাক কোৱাৰেন্টাইন...  •  কৃষ্ণাইত শ্ৰীকান্ত ৰাভাৰ স্মৃতিত ‘পঢ়ুৱৈৰ আড্ডা’...  •  অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে গঠন কৰা হ’ব ক’ৰ কমিটী...  •  তামুলপুৰত নৈৰ বাঢ়নী পানীত থিয় হৈ ৰাইজৰ প্ৰতিবাদ...  •  গুৱাহাটীত আকৌ এসপ্তাহৰ বাবে লকডাউন বৃদ্ধি কৰাৰ সম্ভাৱনা...

শিক্ষালাভত বয়স হেঙাৰ হ’ব নোৱাৰে! চতুৰ্থ শ্ৰেণীত অধ্যয়ন কৰি থকা ১০৫ বছৰীয়া আইতাগৰাকী

393

ডিজিটেল ডেস্কঃ শিক্ষা লাভৰ কোনো বয়স নাথাকে। এনে বহু লোক আছে, যিয়ে বিভিন্ন কাৰণত জীৱনৰ আগছোৱাত শিক্ষা লাভৰ বঞ্চিত হৈ জীৱনৰ শেষৰ সময়ছোৱাত শিক্ষাত মনোনিৱেশ কৰিছে। সেয়াই যেন পুনৰ এবাৰ প্ৰমাণ কৰি দেখুৱালে কেৰালাৰ ভাগীৰথী আম্মাই। ১০৫ বছৰ বয়সত ভাগীৰথী আম্মাই দিলে চতুৰ্থ শ্ৰেণীৰ পৰীক্ষা।

কেৰেলাৰ ৰাজ্য সাক্ষৰতা মিছনৰ অধীনত ভাগীৰথী আম্মাই চতুৰ্থ শ্ৰেণীৰ পৰীক্ষা দি নতুন ইতিহাস ৰচিবলৈ সক্ষম হৈছে। ভাগীৰথী আম্মাই সংবাদ মাধ্যমক জনোৱা মতে, তেওঁৰ সৰুতে পঢ়াৰ ইচ্ছা আছিল যদিও কম বয়সতে মাতৃক হেৰুৱাব লগা হৈছিল। যাৰ বাবে ভাতৃ-ভগ্নীৰ দায়িত্ব ল’বলৈ গৈ তেওঁ ৯ বছৰ বয়সত পঢ়াৰ সপোন ত্যাগ কৰিবলৈ বাধ্য হৈছিল। সেই সময়ত তেওঁ আছিল তৃতীয় শ্ৰেণীৰ ছাত্ৰী।

জীৱনত বহু ঘাত প্ৰতিঘাত পাৰ হৈ আজি ১০৫ বছৰীয়া হৈছে ভাগীৰথী আম্মা। কিন্তু প্ৰখৰ স্মৃতিশক্তি সম্পন্ন ভাগৰথী আম্মাই জীৱনৰ এই বয়সতো পঢ়াৰ সপোন পুহি ৰাখিছিল। যাৰ ফলত ৰাজ্য সাক্ষৰতা মিছনৰ অধীনত পুনৰ তেওঁ চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাত বহে। সাক্ষৰতা মিছনৰ সঞ্চালক পি এছ শ্ৰীকলাই কয় ‘ভাগৰথী আম্মা সাক্ষৰতা মিছনৰ অধীনত কেৰেলাত শিক্ষা লাভ কৰা সকলোতকৈ বয়োজ্যেষ্ঠ মহিলা। তেওঁৰ এই পঢ়াৰ আগ্ৰহে আন বহুতৰে মনত অধ্যয়ণৰ প্ৰতি ধাউতি যোগাব বুলি আমি আশাবাদী।’

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি