২য় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে সাজু কৰিমগঞ্জৰ ১০৪ বছৰীয়া আইতা

২য় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে সাজু কৰিমগঞ্জৰ ১০৪ বছৰীয়া আইতা

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে সমগ্ৰ দেশৰ লগতে অসমৰো ৫ লোকসভা সমষ্টিত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। সকলো দলৰ প্ৰাৰ্থীৰ লগতে সাজু হৈছে সমষ্টি কেইটাৰ ভোটাৰ ৰাইজ। নিজৰ পচণ্ডৰ প্ৰাৰ্থীক ভোটদান কৰি ৰাজ্যৰ উন্নতিৰ বাবে অৱদান আগবঢ়োৱাৰ লগতে প্ৰাৰ্থী সকলৰ ভৱিষ্যৎ নিৰ্ধাৰণ কৰিব অসমৰ ৰাইজে।

তাৰমাজতে দেখা গৈছে কৰিমগঞ্জ লোকসভা সমষ্টিত বৃহস্পতিবাৰে ভোটদানৰ বাবে সাজু হৈছে এগৰাকী ১০৪বছৰীয়া বৃদ্ধা। সাৰাগুণা ববি বৰভূঞা নামৰ এই বৃদ্ধাগৰাকীয়ে কাইলৈ সাব্যস্ত কৰিব নিজৰ ভোটাধিকাৰ। বৃদ্ধা গৰাকীৰ পুত্ৰ বদৰুদ্দিন বৰভূঁঞাই কয়- 'তেওঁ প্ৰতিবাৰে নিৰ্বাচনত ভোট দিয়ে আৰু আনকো ভোট দিবলৈ উৎসাহিত কৰে। কাইলৈ মই তেওঁক ভোটগ্ৰহণ কেন্দ্ৰলৈ লৈ যাম।' উল্লেখ্য যে, অসমত কৰিমগঞ্জৰ লগতে দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ক্ৰমে- শিলচৰ, স্বায়ত্ত শাসিত জিলা (ডিফু), মঙলদৈ আৰু নগাঁৱত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in