কেৰালাৰ বান পৰিস্থিতি অতি শোচনীয়, নিশাই ৰাজ্যখনত উপস্থিত প্ৰধানমন্ত্ৰী

কেৰালাৰ বান পৰিস্থিতি অতি শোচনীয়, নিশাই ৰাজ্যখনত উপস্থিত প্ৰধানমন্ত্ৰী

ডিজিটেল ডেস্কঃ কেৰালাৰ বান পৰিস্থিতি অধিক শোচনীয় হৈ পৰিছে। ৰাজ্যখনৰ বান পৰিস্থিতি বুজ ল'বলৈ আজি কেৰালাত উপস্থিত হৈছেগৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। যোৱা ১০০ বছৰৰ ভিতৰত কেৰালাত এনে প্ৰলয়ংকাৰী বানৰ সৃষ্টি হৈছে। আজি পুৱাই  প্ৰধানমন্ত্ৰী কোচিত উপস্থিত হয় আৰু আকাশমাৰ্গেৰে বানপৰিস্থিতিৰ বুজ লয়।

ইফালে, ৰাজ্যখনৰ এই ভয়াৱহ বানত আক্ৰান্ত লোকসকলক সহায়ৰ বাবে বিদেশী ৰাষ্ট্ৰ্যই সহায্য আগবঢ়াইছে। সংযুক্ত আৰব এমিৰিটছে কেৰেলালৈ বান সাহায্যৰ কথা ঘোষণা কৰে। তেলেংগানা চৰকাৰেও কেৰালা চৰকাৰক বান সাহায্যৰ বাবে ২৫কোটি টকা প্ৰদান কৰিছে। ইফালে, ৰাজ্যখনত এতিয়াও ধাৰাসাৰ বৰষুণ হৈয়ে আছে।

কেৰালা বিশ্ববিদ্যালয়ৰ সকলো পৰীক্ষা ২৩ আগষ্টলৈকে বন্ধ কৰি দিয়া হৈছে। ৰাজ্যখনৰ প্ৰায়বোৰ বিদ্যালয় এতিয়া পানীৰ তলত থকাৰ বাবে বন্ধ হৈ আছে। কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়েও প্ৰধানমমন্ত্ৰীৰে টেলিফোনযোগে বাৰ্তালাপ কৰি কেৰালালৈ সকলো ধৰণৰ সহায় আগবঢ়াবলৈ অনুৰোধ জনাইছে।

কেৰালাৰ লগতে তামিলনাডুতো বান পৰিস্থিতি অধিক জটিল হৈছে। শুকুৰবাৰ দিনটোতে কেৰালাত ২৫জনৰো অধিক লোকৰ মৃত্যু ঘটিছে। কেন্দ্ৰই ইতিমধ্যে বানাক্ৰান্তৰ সহায়ৰ বাবে পৰ্যাপ্ত ধন মুকলি কৰি দিয়া বুলি ঘোষণা কৰিছে। এই বানত ৰাজ্যখনৰ ৩লাখৰো অধিক লোক গৃহহীন হৈ পৰিছে।

প্ৰতিখন জিলাতেই বান সাহায্য শিবিৰৰ লগতে হেল্পলাইন নম্বৰ স্থাপন কৰিছে কেৰালা চৰকাৰে। অন্ধ্ৰপ্ৰদেশ চৰকাৰেও কেৰালালৈ ১০কোটি টকাৰ বান সাহায্য প্ৰদান কৰিছে। অটল বিহাৰী বাজপেয়ীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰাৰ পাছতে শুকুৰবাৰে নিশা কেৰালাত গৈ উপস্থিত হয়গৈ প্ৰধানমন্ত্ৰী।

এই বানত এতিয়ালৈকে ৰাজ্যখনৰ ৩৫০ৰো অধিক লোক নিহত হৈছে। বায়ু সেনা, স্থল সেনা আৰু নৌ সেনাৰ লগতে এন ডি আৰ এফৰ জোৱানসকল উদ্ধাৰ অভিযানত নামি পৰিছে। খাদ্যৰ লগতে পেট্ৰল-ডিজেলৰ সংকটেও  দেখা দিছে কেৰালাত।

ৰাজ্যখনৰ ১৪খনৰ জিলাৰ ভিতৰত ১২খন জিলাতে জাৰি কৰি থোৱা হৈছে ৰেড এলাৰ্ট। বৰষুণৰ লগতে কেৰালা নদীবান্ধসমূহৰ পৰা অতিৰিক্ত পানীয়ে কেৰালাৰ বান পৰিস্থিতি অধিক জটিল কৰি তুলিছে।

বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিয়া মতে, অহা ২৪ঘণ্টাৰ ভিতৰত ৰাজ্যখনত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বান কেবাহাজাৰ পথ উটুৱাই নিছে কেৰালাত। ইফালে, ৮০তাতকৈ অধিক সৰু-ডাঙৰ নদীবান্ধৰ পানী খুলি দিয়াত এই পৰিস্থিতি আৰু অধিক ভয়াৱহ হৈ পৰাৰ সম্ভাৱনা আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in