যোৰাবাটত জব্দ ১০ খনকৈ কয়লা ভৰ্তি ট্ৰাক

যোৰাবাটত জব্দ ১০ খনকৈ কয়লা ভৰ্তি ট্ৰাক

ডিজিটেল ডেস্কঃ ৰাজ্যত অব্যাহত আছে অবৈধ কয়লাৰ বেহা। আৰক্ষীৰ কটকটীয়া নিৰাপত্তাৰ মাজতো কোনো অদৃশ্য শক্তিৰ সুবাদত প্ৰতিদিনে গুৱাহাটী মাজেদিয়েই বহিঃৰাজ্যলৈ সৰবৰাহ হয় কোটি টকাৰ অবৈধ কয়লা। শুকুৰবাৰে নিশা যোৰাবাট আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত জব্দ কৰে ১০ খনকৈ কয়লাভৰ্তি ট্ৰাক।

যোৰাবাট আৰু খানাপাৰা আৰক্ষীৰ যুটীয়া প্ৰচেষ্টাত জব্দ ট্ৰাক কেইখনে অবৈধ ভাৱে বহিৰাজ্যলৈ কঢিয়াই নিছিল এই কয়লাখিনি। জব্দ কৰা বাহন কেইখনৰ সঠিক নথিপত্ৰ লাভ কৰা নাই আৰক্ষীয়ে।

ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। উল্লেখ্য যে, কিছুদিনৰ পূৰ্বেও বেলতলা আৰক্ষীয়ে জব্দ কৰিছিল কেইবাখনো অবৈধ কয়লাভৰ্তি ট্ৰাক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in