১০ বিধায়কে যোগ দিলে বিজেপিত

১০ বিধায়কে যোগ দিলে বিজেপিত
  • উত্তৰ-পূবৰ আন এখন ৰাজ্য ছিকিমত ৰাজনৈতিক গৰা খহনীয়া।
  • ছিক্কিম ডেমক্ৰেটিক ফ্ৰন্টৰ ১০ বিধায়কে যোগ দিলে বিজেপিত।
  • দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আৰু বিজেপিৰ কাৰ্যবাহী সভাপতি জে পি নড্ডাৰ উপস্থিতিত এই যোগদান।
  • যোগদান কৰা বিধায়কসকলৰ ভিতৰত নাই ছিকিমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পৱন কুমাৰ চামলিং।
  • শেহতীয়া নিৰ্বাচনত ছিক্কিম ডেমক্ৰেটিক ফ্ৰন্টৰ ১৫ জন বিধায়ক জয়ী হৈছিল।
  • ইয়াৰে ১০ জনে বিজেপিত যোগ দিয়াত ৰাজ্যখনত অস্তিত্বহীন হোৱাৰ দৰে হ'ল এই দলটো।
  • বৰ্তমান ৰাজ্যখনত আছে ছিক্কিম ক্ৰান্তিকাৰী মৰ্চা শাসনত।
  • বিজেপিত যোগদান কৰা বিধায়কসকলে মোডী-অমিত শ্বাহৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে।
  • বিজেপিৰ শাসনত আস্থা ৰাখি দলটোত যোগদান কৰিছে বুলি উল্লেখ কৰে বিধায়কসকলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in