১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

১. বহিঃৰাষ্ট্ৰৰ পৰা ভাৰতলৈ বিমান যোগে ঘূৰি অহা সকলে হোটেলত কোৱাৰেন্টাইন হ'বলৈ দিব লাগিব ১৪দিনৰ আগধন।– ৰাজ্যসমূহৰ মুখ্য সচিবলৈ এই নিৰ্দেশ কেন্দ্ৰীয় গৃহ সচিবৰ।

২. আহমেদাবাদৰ পৰা গুৱাহাটীলৈ ঘূৰি অহা দুজন লোকৰ দেহত ধৰা পৰিল কোৰোনা ভাইৰাছৰ উপস্থিতি। ২৫ মে'ত গুৱাহাটীলৈ স্পাইচ জেটৰ বিমানযোগে ঘূৰি আহিছিল দুয়োগৰাকী লোক।

৩. ঝাৰখণ্ডত ৪৫৮জনলৈ বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। ইফালে, ৰাজ্যখনত বৰ্তমানেও কোৰোনাত আক্ৰান্ত ২৬৩জন লোক চিকিৎসাধীন হৈ আছে।

৪. মুম্বাইৰ ধাৰাৱীত আৰু ১৮জনৰ দেহত ধৰা পৰে কোৰোনা ভাইৰাছৰ উপস্থিতি। ধাৰাৱীত ১৬৩৯জনলৈ বৃদ্ধি পাইছে কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা।

৫. উত্তৰপ্ৰদেশত ৬৯৯১জনলৈ বৃদ্ধি পাইছে কোভিড-১৯ত আক্ৰান্তৰ সংখ্যা। ৰাজ্যখনত বুধবাৰে নতুনকৈ ২৬৯জনৰ দেহত ধৰা পৰে কোৰোনা ভাইৰাছত।

৬. ৰাজস্থানত বুধবাৰে নতুনকৈ ২৮০জনৰ দেহত ধৰা পৰে কোৰোনা ভাইৰাছ। আৰু বুধবাৰে এই ভাইৰাছত আক্ৰান্ত হৈ ৰাজ্যখনত ৩জন লোকে হেৰুৱাই প্ৰাণ।

৭. হাৰিয়ানাত ১৩৮১জনলৈ বৃদ্ধি কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। ৰাজ্যখনত বুধবাৰে আৰু ৭৬জনৰ দেহত ধৰা পৰে কোভিড-১৯ৰ উপস্থিতি।

৮. মধ্যপ্ৰদেশত ৭২৬১জনলৈ বৃদ্ধি কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা। ৰাজ্যখনত নতুনকৈ ২৩৭জন লোকৰ দেহত ধৰা পৰে কোৰোনা ভাইৰাছৰ উপস্থিতি।

৯. ২৯ মে'ত উচ্চতম ন্যায়ালয়ৰ পঞ্জীয়কৰ কাৰ্যালয়ে ILPৰ আবেদনখন শুনানিৰ কাৰণে তালিকাভুক্ত কৰিছে। অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ বিচাৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু সদৌ টাই আহোম ছাত্ৰ সন্থাই উচ্চতম ন্যায়ালয়ত লেখ আবেদন দাখিল কৰিছিল।

১০. উত্তৰ-পশ্চিম আৰু মধ্য ভাৰতত ১ৰ পৰা ২ ডিগ্ৰী চেলচিয়াছ তাপমাত্ৰা হ্ৰাস পাই বুধবাৰে। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰে এই কথা।

১১. ১৪ আগষ্টত মুক্তি পাব নতুন হিন্দী ছবি এটেক। ছবিখনত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা জ'ন আব্ৰাহামে।

১২. মহাৰাষ্ট্ৰৰ ধোবীতালাৱত ভয়ংকৰ অগ্নিকাণ্ড। এখন হোটেলত সংঘটিত হয় এই অগ্নিকাণ্ড। ৫খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে নিৰ্বাপিত কৰে জুই।

১৩. গহপুৰৰ জঘন্য ঘটনাৰে জড়িত ৭ অভিযুক্তক জামিন। কিশোৰীক দলবদ্ধ ধৰ্ষণ-হত্যাৰ গোচৰত দিয়া হ'ল জামিন। আৰক্ষীয়ে ৯০ দিনৰ ভিতৰত জমা দিব নোৱাৰিলে কেছ ডায়েৰী।

১৪. তেলেংগানাৰ মেডাকৰ এটা কুঁৱাত বাগৰি পৰে এটি ৩ বছৰীয়া শিশু। আৰক্ষীয়ে অব্যাহত ৰাখিছে শিশুটিৰ উদ্ধাৰ কাৰ্য।

১৫. মণিপুৰত বুধবাৰে আৰু ৫জনৰ দেহত ধৰা পৰে কোৰোনা ভাইৰাছৰ উপস্থিতি। ৰাজ্যখনত বৰ্তমানলৈ ৪৪জনৰ দেহত ধৰা পৰিছে কোভিড-১৯।

১৬. গোগামুখৰ নিৰ্মীয়মাণ দুহেজাৰ মেগাৱাট নামনি জলবিদ্যুৎ প্ৰকল্পত ব্যাপক ভূমিস্খলন। জলবিদ্যুৎ প্ৰকল্পটোৰ পাহৰৰ এটা বৃহৎ অংশ খহি পৰিছে।

১৭. মাইবং আৰু মুফা ৰেল ষ্টেচনৰ মাজত ভয়াবহ ভূমিস্খলন। আই আৰ চি টি চি জড়িয়তে আৱদ্ধ হোৱা মুঠ চাৰিহাজাৰ যাত্ৰীক আহাৰ যোগান।

১৮. নাগালেণ্ডত কোভিড আক্ৰান্ত সংখ্যা ৯ জনলৈ বৃদ্ধি। নাগালেণ্ডত বুধবাৰে পুনৰ চেন্নাইৰ পৰা উভতা ৫ জন লোক কোৰোনাত নতুনকৈ আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে।

১৯. লখিমপুৰ জিলাৰ নাৰায়ণপুৰত প্ৰথমজন কোৰোনা পজিটিভ চিনাক্তক লৈ আতংক। চৈধ্যপুনীয়াস্থ জৱাহৰ নবোদয় বিদ্যালয় কোৱৰেন্টাইন চেন্তাৰৰ আবাসী আছিল যুৱক জন।

২০. কামপুৰৰ বাৰগোগাত কপিলীৰ পানীয়ে ছিঙিলে মথাউৰি। ১০ খন গাঁও প্লাৱিত, আতংকিত গঞা।

২১. শিলচৰৰ পৰা বাতিল কৰা হৈছে স্পাইচজেট বিমান। ২৮ আৰু ৩১ মে'ত বাতিল কৰিছে দুখনকৈ স্পাইচজেট বিমান। শিলচৰ বিমান বন্দৰ কৰ্তৃপক্ষই জনাইছে এই কথা।

২২. অসমত এবাৰ কোৰোনাত আক্ৰান্ত হৈ সুস্থ হোৱা মহিলাৰ শৰীৰত কোৰোনা পজিটিভ। বোকাখাতৰ বন্তি শইকীয়া পুনৰ আক্ৰান্ত হ'ল কোৰোনাত।

২৩. বুধবাৰে মুম্বাইৰ পৰা বাৰানসী অভিমুখে যাত্ৰা কৰা এখন বিশেষ শ্ৰমিক ৰেলত উদ্ধাৰ দুজন শ্ৰমিকৰ মৃতদেহ। এই ঘটনা সন্দৰ্ভত ইতিমধ্যে জিআৰপিয়ে আৰম্ভ কৰিছে তদন্ত।

২৪. গুজৰাটত যোৱা ২৪ ঘন্টাত কোভিড-১৯ত আক্ৰান্ত ৩৭৬জন লোক।ইফালে, এই সময়চোৱাত ৰাজ্যখনত কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হয় ২৩জনৰ।

২৫. কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা পলায়ন কৰা যুৱকৰ দেহত ধৰা পৰিল কোৰোনাৰ অৱস্থিতি। যোৱা ২১ মে' তাৰিখে বন্ধুৰ সৈতে পশ্চিমবংগৰ পৰা আহি সৰুসজাইৰ কোৱাৰেণ্টাইন চেণ্টাৰত আছিল দৰং জিলাৰ খাৰুপেটীয়াৰ আমিনুল ইছলাম নামৰ এজন যুৱক। আন ৪ জনৰ সৈতে তেওঁ কৰিছিল পলায়ন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in