১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. দেওবাৰে ৰাজ্যত কোৰোনাত আক্ৰান্ত হয় ২৫ গৰাকী লোক । কোৰোনাত আক্ৰান্ত হৈ আৰোগ্য লাভ কৰে ১২ জনে । দেওবাৰৰ দিনটোত কোৰোনা আক্ৰান্ত হৈ এগৰাকীৰো মৃত্যু হোৱা নাই ।

২. ২২ মাৰ্চত পুনৰ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ । মাজুলী,জোনাই আৰু ওদালগুৰিত নিৰ্বাচনী প্ৰচাৰ চলাব কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে ।

৩. দেওবাৰে পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে মুকলি কৰে ইস্তাহাৰ । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিজেপিৰ ইস্তাহাৰ খন মুকলি কৰি চৰকাৰ আহিলে সোনাৰ বাংলাৰ প্ৰতিশ্ৰুতি দিয়ে ।

৪. বটদ্ৰৱা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী শিবামনি বৰাই সংখ্যালঘু লোকৰ বিৰুদ্ধে কৰা এক মন্তব্যকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সমষ্টিটোৰ নিৰ্দলীয় প্ৰাৰ্থী মতিউৰ ৰহমানে । মতিউৰ ৰহমানে সংবাদমেল যোগে কংগ্ৰেছ প্ৰাৰ্থী গৰাকীক গ্ৰেপ্তাৰৰ দাবী জনাই ।

৫. বলিউদ সুন্দৰী লাৰা দত্তই এইবাৰৰ লেকমে ফেশ্বন উইকত ডিজাইনাৰ সংযুক্তা দত্তৰ শ্ব'ষ্টপাৰ হিচাৱে খোজ দিব। প্ৰখ্যাত হোৱা ডিজাইনাৰ সংযুক্তা দত্তই এইবাৰ লেকমে ফেশ্বন উইকত তেখেতৰ নতুন সংগ্ৰহ 'শুকুলা' ২১ মাৰ্চ ২০২১ত প্ৰদৰ্শন কৰে।

৬. নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণকলৈ কটাক্ষ বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ । মহাজোঁটৰ চৰকাৰ আহাটো নিশ্চিত সেয়ে ভয় খাই বাৰে বাৰে অসমলৈ নৰেন্দ্ৰ মোডী আহিছে বুলি মন্তব্য হাগ্ৰামাৰ ।

৭. সোমবাৰে বৰষুণৰ পানী সংৰক্ষণ অভিযান আৰম্ভ কৰিব নৰেন্দ্ৰ মোডীয়ে।মোডীয়ে অভিযান আৰমঅবৰ পিছতে নিৰ্বাচন অনুষ্ঠিত নহোৱা ৰাজ্য সমূহৰ গাওঁত গাও পঞ্চায়ত আৰু গাওঁসভাই বৰষুণৰ পানী সংগ্ৰহৰ বাবে বৈঠক অনুষ্ঠিত কৰিব ।

৮.দেওবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ চতুৰ্থ দীক্ষান্ত সমাৰোহ অনুষ্ঠিত হয়। এই সমাৰোহ অনুষ্ঠানত ৪৮২গৰাকী শিক্ষাৰ্থীক ডিগ্ৰীৰ ডিপ্লমা প্ৰদান কৰা হয় ।

৯.কোভিড মুক্ত হ'ল অজন্তা নেওগ । নেওগৰ দেওবাৰৰ RT-PCR টেষ্টত ৰিপ'ৰ্ট নিগেটিভ আহে । ১৯ মাৰ্চৰ টেষ্টত অজন্তা নেওগৰ দেহত ধৰা পৰিছিল কোভিডৰ অৱস্থিতি ।অজন্তা নেওগ গোলাঘাটৰ বিজেপি প্ৰাৰ্থী ।

১০. কথমপি বাছিল অসম জাতীয় পৰিষদৰ কেইবাগৰাকীও নেতা । অজাপৰ হেলিকপ্টাৰৰ ৰৰৈয়া জৰুৰী অবতৰন । কজিৰঙাত ঘূৰ্নী বতাহৰ কবলত পৰিছিল হেলিকপ্টাৰ খন । পইলটৰ দক্ষতাত কথমপি অবতৰন কৰে হেলিকপ্টাৰ খন ।

১১. দেওবাৰে বোকাখাতত 'বিজয় সংকল্প ' সমাবেশত এংশ গ্ৰহণ কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। প্ৰধানমন্ত্ৰী গৰাকীয়ে বিজেপিয়ে পুনৰ চৰকাৰ গঠন কৰিব বুলি নিশ্চিত বুলি মন্তব্য কৰে ।

১২. মধ্যপ্ৰদেশত আকৌ ১৩২২জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২৭৫৭২৭জনলৈ পাইছে বৃদ্ধি।

১৩. মুম্বাইত আকৌ ৩৭৭৫জনৰ দেহত ধৰা পৰে কোৰোনাৰ উপস্থিতি। মহানগৰীখনত যোৱা ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত ১০জনৰ মৃত্যু।

১৪. পঞ্জাৱত আকৌ ২৬৬৯জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১৩১১০জনলৈ পাইছে বৃদ্ধি।

১৫. পঞ্জাৱৰ আৰক্ষীৰ ওপৰত আক্ৰমণ। নিহাং শিখৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন আৰক্ষীৰ লোক।

১৬. অন্ধ্ৰপ্ৰদেশত আকৌ ৩৬৮জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৮৯৩৭৩৪জনলৈ পাইছে বৃদ্ধি।

১৭. কেৰালাত আকৌ ১৮৭৫জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত দেওবাৰে এই ভাইৰাছত আক্ৰান্ত ১৩জনৰ মৃত্যু হয়।

১৮. যোৱা ২৪ ঘন্টাত মহাৰাষ্ট্ৰত আকৌ ৩৬১৪জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১৯৩০৮০জনলৈ পাইছে বৃদ্ধি।

১৯. জম্মু-কাশ্মীৰত যোৱা ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত ১৫৮জন লোক। ৰাজ্যখনত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১২৮৫৪৭জনলৈ পাইছে বৃদ্ধি।

২০. তামিলনাডুত আকৌ ১২৮৯জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৮৬৬৯৮২জনলৈ পাইছে বৃদ্ধি।

২১. কৰ্ণাটকত আকৌ ১৭১৫জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত যোৱা ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত দুজনৰ মৃত্যু।

২২. ২২ মাৰ্চত অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা ।ৰাষ্ট্ৰীয় সভাপতি গৰাকীয়ে টিংখং,তিতাবৰ আৰু বিহালীত নিৰ্বাচনী প্ৰচাৰ চলাব । ইপিনে ২২ মাৰ্চত অসমলৈ আহিব বিহাৰৰ উদ্যোগ মন্ত্ৰী শ্বাহানৱাজ হুচেইন ।

২৩. দেওবাৰে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে অসমত নিৰ্বাচনী প্ৰচাৰ চলাই মোডী চৰকাৰক কটাক্ষ কৰে । গান্ধীয়ে যোৰহাট,নাজিৰ আৰু খুমটাইত নিৰ্বাচনী প্ৰচাৰত অংশ লয় । ইফালে ২২ মাৰ্চতো অসমত নিৰ্বাচনী প্ৰচাৰ চলাব নেত্ৰী গৰাকীয়ে ।

২৪. ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যক পুনৰ আছুৰ মুখ্য উপদেষ্টাৰ দায়িত্ব দিয়াৰ লগতে উপদেষ্টাৰূপে প্রকাশ চন্দ্র দাস, উদীপজ্যোতি গগৈক দায়িত্ব প্ৰদান কৰা হয় ।গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত আছুৰ কাৰ্যনিৰ্বাহকত এই সিদ্ধান্ত গ্ৰহন কৰা হয় ।

২৫. মাস্ক পৰিধান নকৰাৰ বাবে ২০ লাখ লোকক কৰা হৈছে জৰিমনা । মুম্বাই আৰক্ষীয়ে কৰিছে এই জৰিমনা । মাস্ক নিপিন্ধাৰ ফলত আৰক্ষীয়ে সৰ্বমুঠ ৪০ লাখ টকাৰ জৰিমনা কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in