১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

১. ৰাজ্যত বৃহস্পতিবাৰে দিনটোত মুঠ ৫২৪ গৰাকী ব্যক্তিৰ দেহত কোৰোনমাৰ উপস্থিতি ধৰা পৰিছে। দিনটোত ৭৯,২৪৫ গৰাকী ব্যক্তিৰ দেহত কোৰোনা পৰীক্ষা কৰা হৈছিল। সেই অনুসৰি বৃহস্পতিবাৰে দিনটোত কোৰোনা পজিটিভিটিৰ হাৰ ০.৫৫ শতাংশ।

২. বৃহস্পতিবাৰে দিনটোত ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে মুঠ ৪ গৰাকী ব্যক্তি। ইয়াৰ ভিতৰত ২ জনৰ কামৰূপ মহানগৰত আৰু ২ জনৰ লখিমপুৰত মৃত্যু হৈছে। আনহাতে সৰ্বাধিক কামৰূপ মহানগৰত ৭১ গৰাকী, গোলাঘাটত ৪১ গৰাকী  শিৱসাগৰত ৩২ গৰাকী শোণিতপুৰত ২৭ গৰাকী ব্যক্তিৰ দেহত কোৰোনাৰ উপস্থিতি ধৰা পৰিছে।

৩.বৃহস্পতিবাৰে জনতাভৱনত অনুষ্ঠিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰৰ কেবিনেট বৈঠক। এই কেবিনেট বৈঠকৰ পিছতে সংবাদমেল সম্বোধন স্বাস্থ্যমন্ত্রী কেশৱ মহন্তৰ। মাজুলীৰ ঘটনাৰ বাবে কেবিনেটৰ আৰম্ভণিতে কৰা হৈছে মৌন প্রাৰ্থনা। অতিৰিক্ত মুখ্য সচিব মনিন্দ্র সিঙক দিয়া হৈছে মাজুলী ঘটনাৰ তদন্তৰ দায়িত্ব। ঘটনাৰ তদন্তৰ প্ৰতিবেদন এমাহৰ ভিতৰত দাখিল কৰিব লাগিব। মাজুলীৰ ঘটনাৰ বাবে আৰক্ষীকো ফৌজদাৰী গোচৰ তৰাৰ নিৰ্দেশ কেবিনেটৰ। মাজুলী সংযোগী দলং নিৰ্মাণ সম্পৰ্কে পৰ্যবেক্ষণ কৰিবলৈ বিত্তমন্ত্রী অজন্তা নেওগক দায়িত্ব প্ৰদান।

৪.ডি এন এল এয়ে ৬ মাহৰ বাবে ঘোষণা কৰা যুদ্ধ বিৰতি সন্দৰ্ভতো কেবিনেটত সিদ্ধান্ত গ্ৰহণ। এই সময়ছোৱাত তেওঁলোকৰ বিৰুদ্ধে কোনোধৰণৰ অভিযান চলোৱা নহয়। সংগঠনটোৱে এই সময়চোৱাত অস্ত্র-শস্ত্র লৈ ঘূৰা আৰু ধন দাবী আদি কাৰ্যত লিপ্ত হ'ব নোৱাৰিব।

৬.চৰকাৰী চাকৰি সন্দৰ্ভতো লোৱা হৈছে সিদ্ধান্ত। এতিয়াৰে পৰা চৰকাৰী চাকৰি মকৰলৰ ক্ষেত্রত পুলিচ ভেৰিফিকেছনৰ প্রয়োজন নহ'ব। প্রাৰ্থীয়ে ছেল্ফ ডিকলাৰেচন দিব লাগিব। কোনো প্রাৰ্থীয়ে ভুল তথ্য দিলে তেওঁলোকৰ ওপৰত আইনগত ব্যৱস্থা লোৱা হ'ব। আধাৰ কাৰ্ডৰ জৰিয়তে নিয়োগ বিনিময় কেন্দ্রত পঞ্জীয়ন কৰিব পাৰিব। চৰকাৰী চাকৰিত বিশেষভাৱে সক্ষম সকলৰ বাবে পূৰ্বৰ ৩ শতাংশৰ পৰিৱৰ্তে ৪ শতাংশ আসন সংৰক্ষণ থাকিব।

৭. এতিয়াৰে পৰা দূৰ শিক্ষাৰ ডিগ্রী, ডিপ্ল'মা আদি নিয়মীয়াৰ সৈতে একেই গণ্য কৰা হ'ব। গুৱাহাটী বিশ্ববিদ্যালয় আৰু আইড'ল আদিৰ ডিগ্রী, ডিপ্ল'মা একেই বিবেচনা কৰা হ'ব।

৮. এতিয়াৰে পৰা কনষ্ট্ৰাকশ্বনৰ কাম কৰিলে বন বিভাগক পূৰ্বে ৰয়েলিটি দিয়াৰ পৰিৱৰ্তে চৰকাৰী কামৰ ক্ষেত্ৰত ঠিকাদাৰৰ বিল পোৱাৰ সময়ত ৰয়েল্টিৰ শতাংশ কাটি ৰখা হ'ব। উন্নয়নমূলক কামৰ স্থবিৰতা দূৰ কৰিবৰ বাবে কেবিনেটৰ এই সিদ্ধান্ত৷ ব্যক্তিগত খণ্ডৰ বাবে চাৰিটা সমান installmentত ৰয়েলিটি ট্ৰেজাৰিত জমা দিব লাগিব৷

৯. মৰিগাওঁ জিলাৰ উপায়ুক্তই জিলাখনৰ জনসাধাৰণৰ বাবে মুকলি কৰিছে তেওঁৰ দুটা মোবাইল নম্বৰ। জিলাবাসীৰ সুবিধাৰ্থে উপায়ুক্তগৰাকীয়ে ৮৮১১৯৫১৫৫২ হোৱাটছএপ নম্বৰ আৰু ফোন কৰিব পৰাকৈ ৮০৯৯২৫৩০৪৬ নম্বৰ মুকলি কৰিছে।জিলাখনৰ জনসাধাৰণে সকলোধৰণৰ চৰকাৰী কাৰ্যালয়ৰ ৰাজহুৱা অভিযোগ এই নম্বৰ দুটাৰ জৰিয়তে উপায়ুক্তক পোনপটীয়াকৈ দাখিল কৰিব পাৰিব। ইয়াৰ উপৰিও জনসাধাৰণে উপায়ুক্ত কাৰ্যালয়ত লিখিত আকাৰে অভিযোগ দাখিল কৰিব পৰাকৈ কাৰ্যালয়ত স্থাপন কৰিছে এটা ৰাজহুৱা অভিযোগ বাকচ।

১০. বাৰিষাক ভৰা ব্ৰহ্মপুত্ৰত নিমাতী-কমলাবাৰী ঘাটত বুধবাৰে সংঘটিত শোকাৱহ নাও দুৰ্ঘটনাত প্ৰাণ দিয়া মাজুলীৰৰঙাচাহী মহাবিদ্যালয়ৰ প্ৰবক্তা তথা ২৭ বছৰীয়া গাভৰু পৰিমিতা দাসৰ অন্তিম সংস্কাৰ বৃহস্পতিবাৰে সন্ধিয়া গুহাৱাহাটীৰ নৱগ্ৰহ স্মশানত সম্পন্ন কৰা হয়।

১১. গুৱাহাটীৰ ৰেভ পাৰ্টিৰ ৭ অভিযুক্তলৈ জামিন প্ৰদান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ।সমান্তৰালকৈ এই ৰেভ পাৰ্টিৰ ৫ জনৰ জামিন আবেদন নাকচ কৰিলে উচ্চ ন্যায়ালয়ে।মুঠ ১২ অভিযুক্তই জামিনৰ বাবে কৰিছিল আবেদন।ৰেভ পাৰ্টিৰ সৈতে মুঠ ১৯ জন ব্যক্তি অভিযুক্ত হৈছিল।বৰ্তমানে এই ৰেভ পাৰ্টিৰ সৈতে জড়িত থকা ১২ জন অভিযুক্ত কাৰাগাৰত আছে।চৰকাৰী পক্ষৰ হৈ যুক্তি দিছিল অধিবক্তা মাখন ফুকনে।

১২. কেন্দ্ৰীয় চৰকাৰে বুধবাৰে ২০২২-২৩ বৰ্ষৰ ৰবি বিপণন ঋতুৰ বাবে শস্যৰ এক নতুন এম এছ পি মুকলি কৰে৷ ঘেঁহুৰ এম এছ পি ৪০ টকা বৃদ্ধি কৰা হৈছে৷ যোৱা বছৰ ঘেঁহুৰ মূল্য আছিল প্ৰতি কুইন্টালত ১৯৭৫ টকা। এই মূল্য এতিয়া ২০১৫ টকা হ'ব। অৱশ্যে, কৃষক সংগঠনবোৰ চৰকাৰৰ এই বৃদ্ধিত সুখী নহয়। তেওঁলোকে কয় যে ঘেঁহুৰ এম এছ পিত ৪০ টকা বৃদ্ধি মাত্ৰ ২.০৩ শতাংশ আৰু ই বিগত ১২ বছৰত সৰ্বনিম্ন।

১৩. শেহতীয়াকৈ প্ৰকাশ হোৱা সমীক্ষাৰ মতে 'টাইগাৰ ষ্টেট' বুলি জনাজাত মধ্য প্ৰদেশ বাঘৰ মৃত্যুৰ ক্ষেত্ৰত দেশৰ ভিতৰতে প্ৰথম স্থানত থকা বিষয়টোৱে চৰ্চা লাভ কৰিছে।বিগত ৮ মাহত ৰাজ্যখনত ৩১ টা বাঘে প্ৰাণ হেৰুৱাইছে। ইয়াৰ ভিতৰত একাংশ বাঘ চিকাৰীয়ে হত্যা কৰিছে আৰু আন একাংশ বাঘৰ প্ৰাকৃতিকভাৱে মৃত্যু হৈছে।

১৪. নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিমাতিঘাটৰ দুৰ্ঘটনাক লৈ প্ৰতিক্ৰিয়া।তেওঁ কয়- দুৰ্ঘটনাৰ বাবে মই মৰ্মাহত হৈছো। এনে ঘটনা কাহানিও নঘটক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে মোৰ কথা- বতৰা হৈছে। এছ ডি আৰ এফ আৰু এন ডি আৰ এফ য়ে নিষ্ঠাৰে উদ্ধাৰ অভিযানত ব্ৰতী হৈছে। নিহত সকলৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো

১৫. লগতে তেওঁ কয়, মাজুলীবাসী ৰাইজৰ দলং নিৰ্মাণৰ বহু দীৰ্ঘ দিনীয়া দাবী। কেন্দ্ৰ-ৰাজ্য চৰকাৰ মাজুলীত দলং নিৰ্মাণ কৰিবলৈ সংকল্পবদ্ধ। ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণ কৰোতে সময়ৰ প্ৰয়োজন হয়, এইয়া ৰাজনীতিৰ বিষয় নহয়। ভবিষ্যতে যাতে এনে ঘটনা নহওক তাৰ বাবে ব্যৱস্থা লব লাগিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে ভাৰত চৰকাৰৰ তৰফৰ পৰা সম্পুৰ্ণ সহযোগৰ আশ্বাস দিছে। মই নিজেই পৰহিলৈ মাজুলীলৈ যাম ৷

১৬. আফগানিস্তানত চৰকাৰ গঠন কৰাৰ পাছতে তালিবানে সলনি কৰিবলৈ আৰম্ভ কৰিছে বহু নিয়ম। আফগান মহিলাক কোনো খেলত অংশ লোৱাৰ পৰা বঞ্চিত কৰিবলৈ ওলাইছে তালিবানে। তালিবানাৰ নেতা আহমাদুল্লা ওৱাছিকে ৰাষ্ট্ৰখনৰ মহিলাসকলক ক্ৰীড়াৰ পৰা দূৰত থাকিবলৈ সকীয়াই দি প্ৰকাশ কৰিছে বিজ্ঞপ্তি। এই বিজ্ঞপ্তিত কোৱা হৈছে যে মহিলাৰ দেহৰ কোনো অংগ ওলাই থকাটো ইছলামৰ পৰিপন্থী কাৰ্য। লগতে কোৱা হৈছে যে খেলৰ সময়ত মহিলাসকলে তেওঁলোকৰ দেহত সকলো অংগ ঢাকি ৰাখিব নোৱাৰে। সেয়েহে আফগানিস্তানৰ মহিলাসকলক খেলত ভাগ ল'বলৈ দিয়া নহ'ব। ইয়াৰ পাছতে অষ্ট্ৰেলিয়াই আফগানিস্তানৰ সৈতে অনুষ্ঠিত হ'বলগা মহিলা ক্ৰিকেট মেচ বাতিল কৰাৰ কথা ঘোষণা কৰে।

১৭. ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিছে নিৰ্বাচন আয়োগে। অসমত ৪ অক্টোবৰত হ'ব ৰাজ্যসভাৰ এখন আসনৰ বাবে উপ নিৰ্বাচন। উল্লেখ্য যে, ১০ মে'ত খালী হৈছিল বিশ্বজিত্‍ দৈমাৰীৰ আসন। মুঠ ৫খন ৰাজ্যত ৬খন অসমৰ বাবে অনুুষ্ঠিত হব এই নিৰ্বাচন।

১৮. মাজুলীৰ শোকাৱহ নাও দুৰ্ঘটনাক দিছপুৰৰ বিধায়ক অতুল বৰা মন্তব্যই শেহতীয়াকৈ বিৰ্তকৰ সৃষ্টি কৰিছে। বিধায়কগৰাকীয়ে এই দুৰ্ঘটনাক লৈ কয়- কম-বেছি পৰিমাণে সকলোৰে গাত দোষ আছিল। বহু পৰিমাণে যাত্ৰীসকলৰো দোষ আছে বুলি মন্তব্য কৰিছে দিছপুৰৰ বিধায়কগৰাকীয়ে। যাত্ৰী, জল পৰিবহনৰ বিষয়াসকলৰ দোষৰ বাবেই এই ঘটনা সংঘটিত হৈছে।তেওঁ লগতে কয়, দুভাৰ্গ্য যেতিয়া আহে , কাকো দোষ দি লাভ নাই। তেওঁলোকক মৃত্যুয়ে তেওঁলোকক মাতিছে, ইয়াত কোনেও একো কৰিব নোৱাৰে। ইফালে বিধায়কগৰাকীয়ে- মাজুলীৰ দলঙৰ নিৰ্মাণক লৈ কেন্দ্ৰীয় চৰকাৰে যথেষ্ট পলম কৰাৰৰ কথাও কৈও আক্ষেপ ব্যক্ত কৰে। তেওঁ কয়, ইয়াৰ পিছত সকলো সজাগ হোৱাৰ প্ৰয়োজন আছে।

১৯. মাজুলীবাসীৰ তীব্ৰ প্ৰতিবাদ অব্যাহত। বিভিন্ন দল-সংগঠনৰ লগতে সাধাৰণ ৰাইজে অব্যাহত ৰাখিছে প্ৰতিবাদ। আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতিৰ দৰে ঘটনা সংঘটিত হৈছে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ লাঠীচালনা। প্ৰতিবাদকাৰীৰ সৈতে খণ্ডযুদ্ধতো লিপ্ত আৰক্ষী।

২০. বুধবাৰে মাজুলীৰ নিমাতীঘাটত সংঘটিত নাও দুৰ্ঘটনাই কাঢ়ি নিলে এগৰাকী যুৱতীৰ প্ৰাণ। এই শোকাৱহ দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন) চমুকৈ আলফাই। এক শোক বাৰ্তাত আলফাই লিখিছে- ৮ ছেপ্টেম্বৰত বিয়লি নিমাতী ঘাটত সংঘটিত শোকাৱহ নাও দুৰ্ঘটনাত আমি সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)য়ে গভীৰ শোক প্ৰকাশ কৰিছো।

২১. মাজুলীৰ ৰঙাচাহী কলেজৰ শিক্ষাৰ্থীসকলে বৃহস্পতিবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদৰ সময়চোৱাত ঘেৰাও কৰিলে মন্ত্ৰী বিমল বৰাক। ৰাজপথতেই বিমল বৰাক আগচি ধৰিলে প্ৰতিবাদকাৰীসকলে। বিভিন্ন দল-সংগঠনৰ লগতে মাজুলীবাসীয়ে সাব্যস্ত কৰিছে এই প্ৰতিবাদ। দীৰ্ঘদিনীয়া এই দাবীৰ প্ৰতি কিয় মনোযোগ নিদিলে বুলি প্ৰশ্ন মন্ত্ৰীগৰাকীক।

২২. আমেৰিকাত বানৰ তাণ্ডৱ অব্যাহত। নিৰ্উয়ক আৰু নিউজাৰ্চীত ৪০ৰো অধিক লোকৰ মৃত্যু। নিৰ্উয়কত ১৩গৰাকী আৰু নিউজাৰ্চীত ২৭গৰাকী লোকৰ মৃত্যু হোৱাৰ কথা সদৰি কৰিছে প্ৰশাসনে।বিগত ২২বছৰত এনে বিধ্বংসী বানৰ সন্মুখীন হোৱা নাছিল আমেৰিকাবাসী। বিগত সপ্তাহৰ পৰা আমেৰিকাত ধাৰাবাহিকভাৱে হৈ আছে প্ৰচণ্ড বৃষ্টিপাত আৰু ধুমুহা।

২৩. নিমাতিঘাটত নাওঁ দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে প্ৰতিবাদমুখৰ হৈ পৰিল মাজুলী। আছু আৰু সাধাৰণ ৰাইজৰ প্ৰতিবাদ। বিভাগৰ হেমাহিৰ বাবেই এনে দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ আছুৰ। আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত খণ্ডযুদ্ধ। জনপ্ৰতিনিধিৰ পুত্তলিকা দাহ কৰিছে প্ৰতিবাদকাৰীয়ে। ক'লা বেজ পৰিধান কৰি মাজুলী আছুৰ প্ৰতিবাদ।

২৪. পেৰা অলিম্পিকত পদক অৰ্জন কৰা সকলো খেলুৱৈক প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ।খেলুৱৈসকলৰ সৈতে মত বিনিময় কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। প্ৰধানমন্ত্ৰী কাৰ্যালয়ত আয়োজন কৰা হৈছিল বিশেষ সম্বৰ্ধনা কাৰ্যসূচী।

২৫. মাজুলীত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।নিমাতীঘাট দুৰ্ঘটনাৰ বুজ ল'বলৈ উপস্থিত হৈছে মুখ্যমন্ত্ৰীগৰাকী।বিশেষ নাৱেৰে দুৰ্ঘটনাস্থলী পৰিদৰ্শন।যোৰহাট-মাজুলীৰ মাজত এটা ইঞ্জিন থকা ফেৰী চলাচল আজিৰ পৰা বন্ধ কৰাৰ ঘোষণা মুখ্যমন্ত্ৰীৰ।ফেৰীসমূহ দুটা ইঞ্জিনলৈ ৰূপান্তৰ কৰা হ'ব।তাৰ বাবে দিয়া হ'ব ১০ লাখকৈ টকা।ইয়াৰে ৭৫ শতাংশ ছাবছিডী হিচাপে দিয়া হ'ব।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে সাংবাদিকৰ আগত কয়-ঘটনাক লৈ অপৰোধ গোচৰ ৰুজু কৰা হৈছে।আভ্যন্তৰিণ জনপৰিবহন বিভাগৰ তিনিজন বিষয়াক নিলম্বন কৰা হৈছে।নবেম্বৰৰ পৰা আৰম্ভ হ'ব মাজুলীৰ দলং নিৰ্মাণৰ কাম।৪ বছৰ লাগিব এই দলঙৰ কাম সম্পূৰ্ণ হ'বলৈ।মন্ত্ৰীগোটে পৰ্যালোচনা কৰিব দলঙৰ কাম।ইতিমধ্যে এই সন্দৰ্ভত কেন্দ্ৰৰ সৈতে আলোচনা কৰা হৈছে।এতিয়াও দুজন যাত্ৰী সন্ধানহীন হৈ আছে।বায়ু সেনা, এছ ডিআৰএফ-এনডিআৰএফ আৰু সেনা বাহিনীয়েও অভিযান অব্যাহত ৰাখিছে।পৰিমিতাৰ পৰিয়ালক যিধৰণে সহায়-সহযোগিতাৰ প্ৰয়োজন আমি চাই দিম।বাকী সন্ধানহীন হৈ থকা দুজনক জীৱন্তে উদ্ধাৰ কৰাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in