১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

১. সোমবাৰৰ দিনটোত ৰাজ্যত নতুনকৈ কোভিডত আক্ৰান্ত হ'ল ১৯২ জন লোক। এই সময়ছোৱাত মুঠ ৩৮, ৮৯২ গৰাকী ব্যক্তিৰ দেহত কৰা হৈছিল কোভিড পৰীক্ষা। সেই অনুসৰি কোভিড পজিটিভিতিৰ হাৰ ৪৯ শতাংশ।

২. দিনটোত কামৰূপ মহানগৰ জিলাত সৰ্বাধিক ৮৬ গৰাকী, গোৱালপাৰাত ১৫ গৰাকী, কামৰূপ গ্ৰাম্য জিলাত ১৩ গৰাকী, শিৱসাগৰত ১০ গৰাকী ব্যক্তিৰ দেহত কোভিডৰ উপস্থিতি ধৰা পৰিছে।

৩. আনহাতে লখিমপুৰ জিলাত ২ জন, কামৰূপ মহানগৰ, শিৱসাগৰ আৰু শোণিতপুৰত ১ জনকৈ লোক কোভিডত আক্ৰান্ত হৈ মৃত্যু হয়।

৪. আগন্তুক ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত মুকলি কৰা হব জি এম চি এইছৰ নতুন চুপাৰ স্পেচিয়েলিটি চিকিৎসালয়খন। 

৫. এই নতুন চুপাৰ চিকিৎসালয়খন কাৰ্যক্ষম হোৱাৰ পিছত কাৰ্ডিঅ'লজী, নিউৰোলজী, কাৰ্ডিয়াক চাৰ্জাৰী আৰু নিউৰো চাৰ্জাৰী বিভাগ সম্পূৰ্ণৰূপে জিএমচিএইচৰ পৰা নতুন চিকিৎসালয়লৈ স্থানান্তৰ কৰা হ'ব। 

৬. ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিত্তীয় কেলংকাৰীৰ অভিযোগত নিলম্বিত হোৱা উপাচাৰ্য ৰঞ্জিত তামুলীক বৰ্খাস্ত কৰা হ'ল।

৭. উপাচাৰ্য ৰঞ্জিত তামুলীৰ অভিযোগৰ তদন্ত কৰিবলৈ ৰাজ্যপালে গঠন কৰি দিছিল তদন্ত কমিটী। এই তদন্ত কমিটীৰ প্ৰতিবেদনৰ ভিত্তিতেই উপাচাৰ্য ৰঞ্জিত তামুলীক বৰ্খাস্ত কৰা হৈছে।

৮. কামৰূপ মহানগৰ জিলাত কোভিড সংক্ৰমণ বৃদ্ধি হৈ থকা স্পৰ্শকাতৰ এলেকা সমূহ ইতিমধ্যে চিনাক্ত কৰা হৈছে। ৰাজধানী মণ্ডল (capital zone) আৰু পূৱ মণ্ডলত (East zone) বিশেষকৈ এতিয়াও কোভিডৰ সংক্ৰমণ হ্ৰাস নোহোৱাৰ বাবে পুণৰ কোভিড পৰীক্ষাৰ সংখ্যা বৃদ্ধি কৰাৰ নিৰ্দেশ দিয়ে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝায়ে।

৯. পাকিস্তানে ভাৰতে আফগানিস্তানক আগবঢ়োৱা ৫০,০০০ মেট্ৰিক টন ঘেঁহুক মানৱীয় সহায় হিচাপে পাকিস্তানৰ মাজেৰে যাবলৈ অনুমতি দিব বুলি ঘোষণা কৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ ফালৰ পৰা।

১০. ডিজিটেল অৰ্থনীতি, সেৱা, স্বাস্থ্য সম্পৰ্কীয় বাণিজ্য আৰু আনকি কৃষিৰ দৰে ক্ষেত্ৰত ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰ দুটা অৰ্থনীতিৰ মাজত বিকাশৰ যথেষ্ট সম্ভাৱনা আছে। নতুন দিল্লীত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাণিজ্য প্ৰতিনিধি ৰাষ্ট্ৰদূত কেথৰিন টাইয়ে কয় এইদৰে।

১১. ইডিয়ে কলকাতাস্থিত ৰামসৰূপ ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ সঞ্চালক আশীষ ঝুনঝুনৱালাক ১৮৪.৪৩ কোটি টকাৰ বেংক জালিয়াতিৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰৰ দিনা, ইডিয়ে কলকাতাৰ ৫ টা স্থানত তালাচী অভিযান চলাইছিল আৰু আপত্তিজনক নথিপত্ৰ জব্দ কৰিছিল।

১২. দক্ষিণৰ ছবি জগৰত চুপাৰষ্টাৰ কল হাছান কোভিডত আক্ৰান্ত। এই বিষয়ে তেওঁ সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিছে।

১৩. সোমবাৰে লক্ষ্ণৌৰ কাঞ্চীৰাম ইকো পাৰ্কত অনুষ্ঠিত হয় কৃষক মহাপঞ্চায়ত। এই মহাপঞ্চায়তৰ জৰিয়তে কৃষকে কৃষি আইন প্ৰত্যাহাৰৰ ঘোষণাক সাংবিধানিক প্ৰক্ৰিয়াৰে সমাধান কৰিবলৈ দাবী কৰিছে।

১৪. মহাপঞ্চায়তখনত কৃষক নেতা ৰাকেশ টিকাইটে সোমবাৰে ঘোষণা কৰিছে যে কেন্দ্ৰীয় চৰকাৰে ৩খন কৃষক আইন বাতিল কৰাৰ লগতে কৃষকসকলৰ কেইবাটাও সমস্যা সমাধান কৰিব লাগিব।

১৫. কৃষক মহাপঞ্চায়তে দাবী কৰিছে কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰ টেনিৰ পুত্ৰক গ্ৰেপ্তাৰ কৰাৰ লগতে অজয় মিশ্ৰ টেনিক বৰ্খাস্ত কৰিবলৈ দাবী জনাইছে।

১৬. কৃষক সংগঠনৰ দাবী কেৱল কৃষি আইন প্ৰত্যাহাৰ কৰাতেই সীমাবদ্ধ নহয়। কৃষকৰ আছে আৰু বহু দাবী। এই দাবীসমূহৰ ভিতৰত আছে বিভিন্ন শস্যৰ বাবে এম এছ পিৰ আইনী স্থিতিৰ দাবী।

১৭. চৰকাৰে ১০ বছৰ পুৰণি টেক্টৰ চলোৱাৰ ক্ষেত্ৰত নিষিদ্ধ কৰা আইনো বাতিল কৰিবলৈ দাবী জনাইছে। কৃষকৰ দাবী চৰকাৰে ১০ বছৰ পুৰণি টেক্টৰ চলোৱাত নিষেধাজ্ঞা প্ৰদান কৰা আইনে কৃষকসকলক ধ্বংসৰ দিশে লৈ গৈছে।

১৮.  কৃষক আন্দোলনৰ অন্যতম নেতা যোগেন্দ্ৰ যাদৱে প্ৰধানমন্ত্ৰী মোডীৰ অংহকাৰৰ বেমাৰ হৈছে বুলি তীব্ৰ কতাক্ষ কৰিছে। কৃষক মহাপঞ্চায়তত তেওঁ কৈছে, প্ৰধানমন্ত্ৰী মোডীৰ অহংকাৰৰ বেমাৰ হৈছে।

১৯. সোমবাৰে গুৱাহাটীৰ বিশিষ্ট ৰেডিঅ'লজিষ্ট ডা০ মৃণাল কুমাৰ শৰ্মাৰ দেহাৱসান৷ ৫৫ বছৰ বয়সত দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে গুৱাহাটীৰ চান্দমাৰীৰ নিবাসী ডা০ শৰ্মাই ৷

২০. সামুদ্ৰিক সুৰক্ষা সহযোগিতাৰ ওপৰত পঞ্চম পূব এছিয়া সন্মিলন (ইএএছ) ২৩-২৪ নৱেম্বৰত কলকাতাত অনুষ্ঠিত হ'ব। অষ্ট্ৰেলিয়াৰ সৈতে অংশীদাৰীত্বত ভাৰতে এই অনুষ্ঠানৰ আয়োজন কৰিছে।

২১. কংগ্ৰেছ নেতা কেচি বেণুগোপাল, ভূপিন্দৰ সিং হুডা, কুমাৰী শৈলজা, নৱজ্যোত সিন্ধু, পঞ্জাৱৰ মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নী, শক্তিসিংহ গোহিল, অজয় কুমাৰ লাল্লু, অনিল চৌধুৰী আদি সকলে কেন্দ্ৰৰ কৃষি আইন বাতিলৰ সিদ্ধান্তৰ ওপৰত ৰণনীতি আনুষ্ঠানিক কৰিবলৈ আলোচনাত মিলিত হৈছে।

২২.কংগ্ৰেছৰ সাধাৰণ সম্পাদক (সংগঠন) কেচি বেণুগোপালে কৈছে যে আমি সংসদৰ আগন্তুক অধিৱেশনত মুদ্ৰাস্ফীতিৰ বিষয়টো উত্থাপন কৰিম। সংসদৰ অধিৱেশনৰ ৰণনীতি চূড়ান্ত কৰিবলৈ ২৫ নৱেম্বৰত নতুন দিল্লীত কংগ্ৰেছ সংসদীয় ৰণনীতি গোটৰ বৈঠক অনুষ্ঠিত হ'ব।

২৩. তামিলনাডুত সোমবাৰে ৭৫০ জন নতুনকৈ কোভিডত আক্ৰান্ত হৈছে। আনহাতে ৮৪৩ জনে আৰোগ্য লাভ কৰিছে। দিনটোত মুঠ ১৩ জন কোভিড আক্ৰান্তৰ মৃত্যু হৈছে।

২৪. তৃণমূল কংগ্ৰেছৰ নেতা আৰু গোৱাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লুইজিনহো ফালেইৰো পশ্চিম বংগৰ পৰা ৰাজ্যসভাৰ সদস্য হিচাপে নিৰ্বাচিত হৈছে।

২৫. দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সোমবাৰে লুধিয়ানাত অটোৰিক্সা চালকসকলৰ সৈতে বাৰ্তালাপ কৰে। তেওঁ কয়, "দিল্লীত আমাৰ চৰকাৰ গঠনৰ ক্ষেত্ৰত অটো আৰু টেক্সি চালকসকলৰ ৭০% অৱদান আছিল। আপুনি দিল্লীৰ যিকোনো অটো ড্ৰাইভাৰক ফোন কৰিব পাৰে আৰু আমাৰ বিষয়ে সুধিব পাৰে। যদি তেওঁ আমাক প্ৰশংসা নকৰে তেন্তে মোক ভোট নিদিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in