কি লাভ হ’ল?

কি লাভ হ’ল?

যোৱা সোমবাৰে (৮ নৱেম্বৰ) বিমুদ্ৰাকৰণ অথবা নোটবন্দীৰ পাঁচ বছৰ হ'ল। 'পৰিবৰ্তনৰ শ্ল'গানেৰে দেশৰ ক্ষমতায় অধিষ্ঠিত হোৱাৰ দুবছৰৰ পিচতে প্রধানমন্ত্রী নৰেন্দ্র মোডীয়ে দেশবাসীৰ ওপৰত জাপি দিয়া এই আকস্মিক সিদ্ধান্তই দেশত কেনে এক ভূমিকম্পসদৃশ জোকাৰণিৰ সৃষ্টি কৰিছিল তাৰ কম্পনৰ ৰেশ এতিয়াও জনসাধাৰণৰ মনৰ পৰা মাৰ যোৱা নাই। বিমুদ্ৰাকৰণ আৰু পণ্য-সেৱাকৰ ব্যৱস্থাই দেশৰ সামগ্রিক অর্থনৈতিক অবস্থাক এনেকৈ ছেদেলি-ভেদেলি কৰি পেলালে যে বহু ক্ষুদ্র ব্যবসায়ীয়ে বেঁকা হৈ পৰা কঁকাল পোনাবই নোৱাৰিলে।

ভূতৰ ওপৰত দানহ পৰাদি তাৰ তিনি বছৰৰ পিচত অহা কোৰোনা মহামাৰীয়ে দেশৰ অর্থনীতি বিধ্বস্তই কৰি পেলালে। এই তিনিটা ঘটনাৰ পৰিণতি দেশবাসীয়ে কেনেকৈ ভোগ কৰিব লগা হৈছে তাৰ অভিজ্ঞতা ঘৰে ঘৰে হৈছে, দোহৰা নিষ্প্রয়োজন। কিন্তু বিমুদ্ৰাকৰণৰ পাঁচ বছৰৰ পিচত দেশবাসীৰ মনলৈ অৱধাৰিতভাবে প্রশ্ন আহিছে দেশবাসীৰ অৱস্থা নাজল নাথল কৰি প্ৰধানমন্ত্রী মোডীয়ে কাকো কোনো আগজাননী নিদিয়াকৈ, সাজু হ'বলৈ ন্যূনতম অৱকাশো নিদিয়াকৈ যে বিমুদ্ৰাকৰণৰ সিদ্ধান্তটো ঘোষণা কৰি চমক দিছিল তাৰ পৰা দেশৰ কি লাভ হ'ল?

এই প্রশ্নটোৰ উত্তৰ বিশ্লেষণ কৰাৰ পূর্বে স্মৰণ কৰা উচিত হ'ব বিমুদ্ৰাকৰণ ঘোষণা কৰিব লগাৰ বাবে কি পৰিস্থিতিৰ কথা কৈছিল প্রধানমন্ত্রীগৰাকীয়ে। কোৱা হৈছিল যে ৫ ত্ৰিলিয়ন ক'লাধন লুকুৱাই ৰাখিছে দুর্নীতিগ্রস্ত ব্যক্তি কলা বেপাৰীয়ে। আৰু কোৱা হৈছিল যে বৃহৎ পৰিমাণৰ ক'লাধনেৰে সন্ত্রাসবাদীক অর্থ যোগান দিয়া হৈছে দেশখনক অস্থিৰ কৰি ৰখাৰ স্বাৰ্থত। গতিকে সেই ক'লাধনৰ ভঁৰাল ধ্বংস কৰিবলৈ, সন্ত্রাসবাদীত প্রতিহত কৰিবলৈকে লোৱা হৈছে বিমুদ্ৰাকৰণৰ সিদ্ধান্ত। প্রধানমন্ত্রীয়ে ইয়াক ইমানদাৰীৰ উৎসৱ' বুলি অভিহিত কৰি জনসাধাৰণক সহযোগ কৰিবলৈ আহ্বান জনাইছিল।

তাৰ পিচৰ অৱস্থাটো এতিয়াও প্ৰতিগৰাকী দেশবাসীৰ স্মৃতিত সঞ্জীৱ হৈয়ে আছে। প্রধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি দি সেই ইমানদাৰীৰ উৎসৱত ভাগ লৈ কোটি কোটি সাধাৰণ মানুহে বেংকবোধৰ সন্মুখত শাৰী পাতিছিল নিজৰ সাঁচতীয়া পাঁচশ এহেজাৰটকীয়া নোটবোৰ সলনি কৰিবলৈ। বেংকৰ মানুহৰ তৰা নৰা ছিগি গৈছিল। সকলোৰে কেনে দুর্দশা হৈছিল তাৰ বৰ্ণনাৰ প্ৰয়োজন নাই। 'ইমানদাৰ' দেশবাসীয়ে নিজৰ 'ইমানদাৰী' সঠিকভাবেই প্ৰদৰ্শন কৰিলে। কিন্তু ক'লাধনৰ ভঁৰাল ধ্বংস হলনে? সন্ত্রাসবাদীক দিয়া ক'লাধনবোৰ কি হ'ল। শুনিলে আচৰিত হ'বলগীয়া কথাটো হ'ল যে ২০১৭ চনৰ ৩০ জুনৰ ভিতৰত বিমুদ্ৰাকৃত ৯৮.৯৬% ধনেই বেংকবিলাকলৈ ঘূৰি আহিল।

ধনৰ সংখ্যাৰ হিচাপত এই পৰিমাণ হল ১৫.২৮ ত্রিলিয়ন টকা। প্রশ্ন হ'ল এই বিশাল পৰিমাণৰ ধন বেংকক কোনে ঘূৰাই দিলে? বেংকৰ সন্মুখত শাৰী পাতিছিল জনসাধাৰণে। যদি ইয়াৰ মাজত দুর্নীতিগ্রস্ত ক'লাধনৰ গৰাকী বা ক'লা বেপাৰী আছিল তেওঁলোকৰ ক'লাধনবোৰ বগা কৰি পেলোৱা হ'ল নেকি? কাৰণ ক'লাধনবোৰ বগা হৈ বেংকলৈ আহিল, কিন্তু যাৰ ধন তাৰ হৈয়ে থাকিল। চৰকাৰৰ হাতলৈতো বা বেংকলৈতো কোনো গৰাকীবিহীন নোট নাহিল। ফলত অৱধাৰিতভাৱে জনসাধাৰণৰ মনলৈ অহা ধাৰণাটো হ'ল ক'লাধনৰ গৰাকীক বগাধনৰ গৰাকী কৰিবলৈকে সম্পন্ন হ'ল বিমুদ্ৰাকৰণৰ ভূমিকম্পসদৃশ পর্বটো, যাৰ বাবে চৰম লটি-ঘটিৰ সম্মুখীন হ'বলগা হ'ল ইমানদাৰ' জনসাধাৰণ।

অৱশ্যে এটা কথা ঠিক হ'ল যে কাৰোবাৰ আলমাৰিত বা গোপন চন্দুকত সোমাই থকা নোটবোৰ বেংকলৈ আহিল আৰু জালনোটবোৰ আপোনা-আপুনি মূল্যহীন হৈ গ'ল। আনহাতে সেই বৃহৎ অর্থনৈতিক কাণ্ডটোৰ পিচত দেশত অভাৱনীয়ভাৱে বৃদ্ধি হ'ল ডিজিটেল লেনদেনৰ পৰিমাণ। আৰ বি আইৰ তথ্যমতেই ২০১৫-১৬ বিত্তীয় বর্ষৰ শেষত ১৬.৪১ লাখ কোটি টকাৰ নোট দেশত প্ৰচলন হৈ আছিল। সেইমতে চলি থাকিলে ২০২০-২১ বৰ্ষত এই পৰিমাণ হ'বগৈ লাগিছিল ৩২.৬২ লাখ কোটি টকা। কিন্তু সেই হাৰত বৃদ্ধি নহৈ ২০২১ ত এই পৰিমাণ হয়গৈ ২৮.২৬ লাখ কোটি।

অর্থাৎ ৪:৩৬ লাখ কোটি টকাৰ নোট কমকৈ প্রচলন হয়। ইয়াৰ পৰাই ধাৰণা কৰিব পাৰি ডিজিটেল লেনদেনৰ হাৰ কেনেদৰে ঊর্ধ্বগামী হৈছে। বিমুদ্ৰাকৰণৰ এনেকুৱা কিছুমান ভাল দিশ থাকিলেও ইয়াক বলবৎ কৰা পদ্ধতিটো যে ভুল আছিল সেইটো পৰৱৰ্তী সময়ত প্রতিপন্ন হৈছে। আকস্মিকভাবে এনেকুৱা এটা সাংঘাতিক সিদ্ধান্ত জাপি দি জনসাধাৰণক লটি-ঘটিৰ সম্মুখীন নকৰাকৈও সকলোকে অলপ সময় দি বিমুদ্ৰাকৰণৰ প্ৰক্ৰিয়াটো সম্পন্ন কৰিব পৰা গ'লহেঁতেন। তেনে কৰিলেও একেই ফলাফলেই পোৱা গ'লহেঁতেন।

ঘটনাপ্রবাহৰ গতি-গোত্ৰলৈ চাই বিভিন্ন মহলত হোৱা চৰ্চামতে কলাধন ধ্বংসটো বাহ্যিকভাৱে প্ৰদৰ্শন কৰা যুক্তিহে আছিল, আচলতে সেই সময়ত হ'বলগীয়া উত্তৰ প্রদেশ বিধানসভা নির্বাচনত যাতে সমাজবাদী পার্টি কংগ্রেছকে ধৰি বিৰোধী দলবোৰক ধন ব্যৱহাৰৰ পৰা আঁতৰাই ৰাখিব পৰা যায়, তাৰ বাবেহে ততাতৈয়াকৈ বলৱৎ হৈছিল বিমুদ্ৰাকৰণৰ সিদ্ধান্তটো, যাতে দলবিলাকে জমা ৰখা ধন সলনিৰ সুবিধাই নাপায়। ভবামতে উত্তৰপ্ৰদেশ সেইবাৰ পুনৰ বিজেপিৰ কৰ্তৃত্বলৈ আহিল। এতিয়া আকৌ উত্তৰ প্ৰদেশৰ নিৰ্বাচন আহিছে। বিজেপিয়ে বিৰোধীক ৰুধিবলৈ এইবাৰ বা কি পথ লয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in