/asomiyapratidin/media/media_files/2025/01/31/Sw7et1VCn9ZO53PqKKaK.png)
প্ৰতিদিন মিডিয়া নেটৱৰ্কৰ সৈতে সহযোগিতাৰে জনছনছ বেবীয়ে শেহতীয়াকৈ মাতৃসকলৰ সবলীকৰণ আৰু কেঁচুৱাৰ যতনৰ ক্ষেত্ৰত প্ৰয়োজনীয় শ্ৰেষ্ঠ শিক্ষা তথা উৎপাদনসমূহ যোগান ধৰাৰ উদ্দেশ্যৰে এক প্ৰসাৰ কাৰ্যসূচী সম্পন্ন কৰে৷ শতসহস্ৰ মাতৃৰ জীৱনক স্পৰ্শ কৰা উক্ত প্ৰচেষ্টাই মাতৃসকলৰ যাত্ৰাৰ এক বিশ্বস্ত সহযোগী হিচাপে জনছনছ বেবীৰ স্থান অধিক সবল কৰি তোলে৷
উদ্দেশ্য
সমগ্ৰ দেশৰ মাতৃসকলক উপযুক্ত সৰঞ্জামেৰে সুসজ্জিত কৰি তোলাৰ লক্ষ্যৰে প্ৰস্তুত কৰা উক্ত কাৰ্যসূচীত কেঁচুৱাৰ যতনৰ সঠিক উপায় আৰু এই ক্ষেত্ৰত ব্যৱহাৰ কৰিবলগীয়া উচ্ছ মানৰ উৎপাদনসমূহৰ সন্দৰ্ভত তথ্য যোগান ধৰা হৈছিল৷ ইয়াৰ জৰিয়তে মাতৃসকলক সহযোগ পোৱাৰ ক্ষেত্ৰত আত্মবিশ্বাসী কৰি তুলি অভিভাৱকত্বৰ যাত্ৰাত যে তেওঁলোক অকলশৰীয়া নহয়, তাকেই প্ৰতিপন্ন কৰাত গুৰুত্ব প্ৰদান কৰা হৈছিল৷
প্ৰচেষ্টাৰ গুৰুত্বপূৰ্ণ দিশসমূহ
- বিশেষজ্ঞৰ দ্বাৰা শিক্ষাদানৰ বৈঠক
শিশু উন্নয়ন বিশেষজ্ঞ [চি ডি অ’]ৰ দৰে বিশেষজ্ঞসকলে কেঁচুৱাৰ যতনৰ আৱশ্যকীয় পৰামৰ্শ প্ৰদানেৰে মাতৃসকলৰ এনে বৈঠক পৰিচালনা কৰে৷ এই ক্ষেত্ৰত শিশুৰ ছালৰ যতন আৰু নৱজাতকৰ যতন লোৱাৰ ক্ষেত্ৰত কৰণীয় তথা নকৰিবলগীয়া আদি ধাৰণাসমূহৰ সন্দৰ্ভত পৰামৰ্শ আগবঢ়োৱা হয়৷
- আশা কৰ্মীসকলৰ বাবে প্ৰশিক্ষণ
আশা কৰ্মীসকলক কেঁচুৱাৰ যতনৰ যথোচিত অভ্যাস আৰু নৱজাতকৰ বাবে ব্যৱহাৰ কৰিবলগীয়া সঠিক উৎপাদন সন্দৰ্ভত শিক্ষিত কৰি তোলা হয়৷ এই প্ৰশিক্ষণৰ জৰিয়তে তেওঁলোকক উক্ত কাৰ্যসূচীৰ প্ৰভাৱ অধিক বিস্তৃত কৰি তুলিব পৰাকৈ ভিতৰুৱা বা দুৰ্গম এলেকাৰ মাতৃসকললৈও তথ্য যোগানৰ বাবে সাজু কৰি তোলা হয়৷
- বিশেষভাৱে প্ৰস্তুত কৰা ছেম্পল কিটসমূহ
প্ৰত্যেক মাতৃকে প্ৰথম দিনাৰ পৰাই কেঁচুৱাৰ যতন ল’ব পৰাকৈ সযতনে প্ৰস্তুত কৰা জনছনছ বেবীৰ একোটা ছেম্পল বাকচ প্ৰদান কৰা হয়৷ এনে কিটসমূহত আছিল–
জনছনছ বেবী অইল : যি দৈনন্দিন মালিচৰ জৰিয়তে বৃদ্ধিক বিকশিত কৰে [আই এ পি নীতি নিৰ্দেশনা]
জনছনছ বেবী শ্ব’প : বীজাণু আৰু শুষ্কতাৰ পৰা ৰক্ষা কৰি মসৃণভাৱে পৰিষ্কাৰ কৰে৷
জনছনছ বেবী ক্ৰীম : ২৪ ঘণ্টাপৰ্যন্ত আদ্ৰৰ্তা অটুট ৰাখে৷
- মাতৃসকলক অধিক সমৰ্থন যোগাবলৈ প্ৰত্যেকটো বাকচত শিশুৰ যতনৰ শৈক্ষিক ভিডিঅ’ সম্বলিত কিউ আৰ কোড অন্তভুৰ্ক্ত কৰা হয়, যি মাতৃসকলক ঠাইতে মূল্যৱান সমলৰ যোগান ধৰিব পাৰে৷
পটভূমিৰ সক্ৰিয়কৰণ আৰু বিতৰণ
অসমত সম্পাদিত এই প্ৰভাৱশালী বি টি এল কাৰ্যসূচীৰ দ্বিতীয় পৰ্যায়ত নিম্নোক্ত জিলাসমূহত মুঠতে ১০,০০০টা কিট বিতৰণ কৰা জিলা কেইখন –কামৰূপ [মেট্ৰ’], কামৰূপ, বৰপেটা, তিনিচুকীয়া, ডিব্ৰুগড়, লখিমপুৰ, ধেমাজি, যোৰহাট, গোলাঘাট, তেজপুৰ, নগাঁও, মৰিগাঁও, বঙাইগাঁও, ধুবুৰী, কোকৰাঝাৰ, গোৱালপাৰা, ওদালগুৰি, শোণিতপুৰ, আৰু নলবাৰী৷ এনে বিতৰণ মাতৃসকলৰ প্ৰয়োজন পূৰণ কৰিব পৰাকৈ হাস্পতাল আৰু অংগনৱাড়ীৰ দৰে গুৰুত্বপূৰ্ণ স্থানসমূহত সম্পন্ন কৰা হয়৷
প্ৰচেষ্টাৰ প্ৰভাৱ
এই প্ৰসাৰ কাৰ্যসূচীৰ জৰিয়তে কেৱল মাতৃসকলে আৱশ্যকীয় উৎপাদনসমূহ লাভ কৰাই নহয়, লগতে তেওঁলোকক কেঁচুৱাৰ যতন সন্দৰ্ভত জ্ঞান দিয়াৰ জৰিয়তে তথ্যৰ আধাৰত উপযুক্ত সিদ্ধান্ত গ্ৰহণ কৰিব পৰাকৈ সমৰ্থও কৰি তোলা হয়৷ আশা কৰ্মীসকলক শিক্ষাদানৰ জৰিয়তে উক্ত প্ৰচেষ্টাৰ জৰিয়তে [গ্ৰাম্য] আৰু পাচপৰা এলেকাসমূহলৈ নিজৰ প্ৰসাৰ বিস্তৃত কৰা হয়৷ এই ক্ষেত্ৰত যাতে কোনো মাতৃ বাদ পৰি নাযায়, তাৰ প্ৰতি লক্ষ্য ৰখা হৈছিল৷
জনছনছ বেবীৰ এই অভিযানে, প্ৰত্যেক কেঁচুৱাই ১ম দিনটোৰ পৰাই সম্ভাব্য শ্ৰেষ্ঠ যতন লাভ কৰাটো নিশ্চিত কৰি, ব্ৰেণ্ডটোৰ মাতৃ আৰু শিশুসকলৰ মাজৰ স্নেহবন্ধনক উদগনি দিয়াৰ প্ৰতি দায়বদ্ধতাকেই প্ৰতিফলিত কৰিছিল৷
লক্ষ্য নিৰ্ধাৰিত প্ৰসাৰ কাৰ্যসূচীৰ প্ৰচেষ্টাৰ জৰিয়তে জনছনছ বেবীয়ে মাতৃত্বৰ যাত্ৰাত ইয়াৰ অংশীদাৰ হোৱাৰ ভূমিকাক পুনঃপ্ৰতিষ্ঠা কৰিলে, যাৰ জৰিয়তে শতসহস্ৰ পৰিয়ালৰ মাজত বিশ্বাস আৰু আনন্দৰ প্ৰসাৰ ঘটিল৷
[*ক্লিনিকেল অধ্যয়নৰ ভিত্তিত]