/asomiyapratidin/media/media_files/2025/05/09/mIrbD7Xyi23AjxCp3cx9.jpg)
ডিজিটেল সংবাদ, ছয়দুৱাৰ: উদণ্ড বাইক চালকৰ খুন্দাত এখন ভৰি ভগা এজন দৰিদ্ৰ লোকে উন্নত চিকিৎসাৰ অভাৱত অকাল মৃত্যুক সাবতিব লগাৰ দৰে কৰুণ ঘটনা সংঘটিত হ'ল গহপুৰত। পিতৃৰ অকাল মৃত্যুৰ ফলত একেবাৰেই অকলসৰীয়া হৈ পৰিল জন্মদাত্ৰী মাতৃয়ে কেচুৱাতে এৰি থৈ যোৱা এগৰাকী ৯ বছৰীয়া কনমানি কন্যা সন্তান।
উল্লেখ্য যে গহপুৰ সমজিলাৰ ককিলাগুৰিৰ নিৱাসী ঘণশ্যাম চুতীয়া ওৰফে খহুলা ভাইটিক যোৱা ২মেৰ সন্ধ্যা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত খুন্দিয়াইছিল দ্ৰুতবেগী অচিনাক্ত বাইক চালকে। দ্ৰুতবেগী বাইক খনৰ প্ৰচণ্ড খুন্দাত বাও ভৰি খন ভগিছিল ঘনশ্যাম চুতীয়াৰ।
নিজ পৰিয়াল বুলি ক'বলৈ একমাত্ৰ কনমানি কন্যা সন্তান হে থকা ঘনশ্যামে দিন হাজিৰাৰে নিজ সৰু পৰিয়ালটো চলাই আছিল। কিন্তু দুৰ্ঘটনাত বাওঁ ভৰিখন ভাগি যোৱাত আৰ্থিক দুৰৱস্থাৰ বাবে চিকিৎসা কৰাব পৰা নাছিল। ককিলাগুৰিৰ এটা জৰাজীৰ্ণ জুপুৰি সদৃশ ঘৰত বসৱাস কৰি থকা ঘনশ্যামৰ দুৰ্যোগৰ কথা জানিব পাৰি ককিলাগুৰি গাঁৱৰ সমুজ্জল যুৱক সংঘৰ বিষয়ববীয়া সদস্যসকলে সহায়ৰ বাবে আগবাঢ়ি আহি প্ৰাথমিক চিকিৎসাৰ ব্যৱস্থা কৰিছিল।
দুৰ্ঘটনাত অতি গুৰুতৰ ভাবে ভৰিখন ভগা ঘনশ্যামৰ ভৰিখন সংকটজনক অৱস্থা দেখি গহপুৰৰ শ্বহীদ কনকলতা বৰুৱা অসামৰিক চিকিৎসালয়ৰ চিকিৎসকে উন্নত চিকিৎসাৰ বাবে অন্য চিকিৎসালয়লৈ নিয়াৰ পৰামৰ্শ দিয়ে। ঘনশ্যামৰ উন্নত চিকিৎসাৰ বাবে অধিক অৰ্থৰ প্ৰয়োজন হোৱাত সমুজ্জল যুৱক সংঘই অৰ্থ সাহাৰ্য বিচাৰি ৰাইজলৈ আহ্বান জনাইছিল যদিও ৰাইজৰ ফালৰ পৰা কোনো ধৰণৰ আৰ্থিক সাহাৰ্য লাভ নকৰাৰ ফলত যুৱক সংঘৰ বিষয়ববীয়া সকল থমকি ৰ'ব লগা হৈছিল।
কেও কিছু নথকা ঘনশ্যামে অৱশেষত উপযুক্ত চিকিৎসাৰ অভাৱত আজি পুৱাৰ ভাগত কৰুণ ভাবে মৃত্যুক সাৱতি লয়। খহুলা ভাইটিৰ মৃত্যুৰ ফলত ইতিমধ্যে মাতৃয়ে এৰি থৈ একমাত্ৰ কন্যা সন্তানটিও একেবাৰেই নিথৰুৱা হৈ পৰিল। উদণ্ড বাইক চালকৰ বাবে এজন দৰিদ্ৰ যুৱকে কৰুণ মৃত্যুক সাৱতি লোৱাৰ সমান্তৰাল ভাবে এগৰাকী কনমানি কন্যা সন্তান তেনেই নিঠৰুৱা হৈ পৰা ঘটনাই সমগ্ৰ অঞ্চলটোৰ ৰাইজক শোক বিহ্বল কৰি তুলিছে।
উল্লেখযোগ্য যে, প্ৰায় চাৰি বছৰ আগতে ঘনশ্যামক পত্নীয়ে এৰি থৈ যোৱাত একমাত্ৰ কন্যাক বুকুত সাবটি জীয়াই আছিল ঘনশ্যাম। কিন্তু পিতৃৰ মৃত্যুৰ পিছত এতিয়া কেওফালৰ পৰা যেন অন্ধকাৰে ঘেৰি ধৰিছে কনমাণি কন্যা সন্তানটিৰ ভৱিষ্যতক। ঘনশ্যাম চুতীয়াৰ মৃত্যুৰ ঘটনাই গহপুৰৰ শ্বহীদ কনকলতা বৰুৱা অসামৰিক চিকিৎসালয়ৰ ফোপোলা স্বৰূপটোও বাৰুকৈয়ে উন্মোচিত কৰি তুলিলে।
দৰিদ্ৰ ৰাইজৰ প্ৰতি দায়বদ্ধতা আৰু সহায়- সহানুভূতিৰ কথা কোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ যে কথা আৰু কামৰ মাজত আকাশ পাতালৰ তৎফাত আছে সেই কথা ঘনশ্যাম চুতীয়াৰ মৃত্যুৰ কাহিনীয়ে দিনৰ পোহৰৰ দৰে স্পষ্ট কৰি তুলিলে।