Advertisment

ছাত্ৰ একতা সভাৰ নিৰ্বাচনত EVM: পানবাৰী চাহ বাগিচা মডেল স্কুলৰ পদক্ষেপ

ইভিএমকলৈ বিভিন্ন বিতৰ্ক অব্যাহত থকাৰ সয়তে ছাত্ৰ-ছাত্ৰীৰ মাজত ইভিএম ব্যৱহাৰেৰে গণতান্ত্ৰিক চেতনাৰ বিকাশ আৰু সজাগতা বৃদ্ধিৰ উদ্দেশ্য ঢেকীয়াজুলিৰ পানবাৰী চাহ বাগিচা মডেল স্কুলে দেখুওৱালে এক নিদৰ্শন।

author-image
Asomiya Pratidin
New Update
ছাত্ৰ একতা সভাৰ নিৰ্বাচন

ডিজিটেল সংবাদ ওৰাংঃ ইভিএমকলৈ বিভিন্ন বিতৰ্ক অব্যাহত থকাৰ সয়তে ছাত্ৰ-ছাত্ৰীৰ মাজত ইভিএম ব্যৱহাৰেৰে গণতান্ত্ৰিক চেতনাৰ বিকাশ আৰু সজাগতা বৃদ্ধিৰ উদ্দেশ্য ঢেকীয়াজুলিৰ পানবাৰী চাহ বাগিচা মডেল স্কুলে দেখুওৱালে এক নিদৰ্শন।

Advertisment

দ্যালয়খনত ছাত্ৰ একতা সভাৰ নিৰ্বাচনত ইভিএম ব্যৱহাৰ কৰি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত গণতান্ত্ৰিক চেতনাৰ বিকাশ ঘটাবলৈ এক উদ্ভাৱনমূলক পদক্ষেপ গ্ৰহণ কৰা হয়। ভোটাধিকাৰৰ গুৰুত্ব আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ স্বচ্ছতাৰ বিষয়ে শিক্ষাৰ্থীসকলক অৱগত কৰাই আছিল এই পদক্ষেপৰ প্ৰধান উদ্দেশ্য।

শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি ৰাজহ চক্ৰৰ অন্তৰ্গত পানবাৰী চাহ বাগিচা আদৰ্শ বিদ্যালয়ত আজি পুৱাৰ পৰা পৰিলক্ষিত হয় ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ গণতান্ত্ৰিক পৰিৱেশ। ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলে পুৱা ১০ বজাৰ পৰা দিনৰ ২ বজালৈ ছাত্ৰ সংসদৰ এই নিৰ্বাচনত অংশগ্ৰহণ কৰে।

শিক্ষক ৰাজা সৰকাৰে বিশেষভাৱে প্ৰস্তুত কৰা ইভিএম ব্যৱহাৰৰ ফলত ছাত্ৰ-ছাত্ৰীসকলে ইভিএমৰ গঠন, কাৰ্যপদ্ধতি আৰু ব্যৱহাৰৰ অভিজ্ঞতা লাভ কৰে। শিক্ষক ৰাজা চৰকাৰে তৈয়াৰ কৰা ইভিএমত নাছিল ভিভিপেড মেচিন৷

ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ স্বচ্ছতা আৰু নিয়ম-শৃংখলা নিশ্চিত কৰিবলৈ বিদ্যালয়খনে শিক্ষকসকলৰ মাজতে প্ৰিজাইডিং অফিচাৰ, পুলিং বিষয়া আৰু ছাত্ৰ-ছাত্ৰী সকলৰ মাজৰ পৰা পুলিং এজেন্ট নিযুক্ত কৰে। নিৰ্বাচনৰ প্ৰথম ভোটদানকাৰীক বিদ্যালয়ৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।

এই বিশেষ দৃষ্টান্তই শিক্ষাৰ্থীসকলৰ মাজত ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ বাবে উদ্দীপনা আৰু আগ্ৰহ বঢ়াই তোলে। ইভিএমকলৈ বিভিন্ন বিতৰ্ক তথা অভিযোগ উত্থাপন হৈ থকাৰ সময়তে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত ইভিএম ব্যৱহাৰেৰে গণতান্ত্ৰিক চেতনাৰ বিকাশ আৰু সজাগতা বৃদ্ধিৰ বাবে বিদ্যালয়খনে ৰাজ্যখনৰ ভিতৰতে এক দৃষ্টান্ত দাঙি ধৰিলে। 

EVM ঢেকীয়াজুলি