ডিজিটেল ডেস্কঃ বৰ্ষীয়ান ৰাজনৈতিক নেতা কবীন্দ্ৰ পুৰকায়স্থ অসুস্থ। মঙ্গলবাৰে প্ৰবীণ ৰাজনৈতিক নেতাগৰাকীক শিলচৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ৯৩ বছৰ অতিক্ৰম কৰা এইগৰাকী প্ৰবীণ ৰাজনৈতিক নেতা বাৰ্ধক্য জনিত ৰোগত আক্ৰান্ত।
বিজেপি দলৰ সাংগঠনিক কামত বৰাক উপত্যকা ভ্ৰমণ কৰা মন্ত্ৰী পীযুষ হাজৰীকাই আজি পুৱাই শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ গৈ কবীন্দ্ৰ পুৰকায়স্থৰ স্বাস্থ্যৰ বুজ লয়। মন্ত্ৰী হাজৰীকাৰ সৈতে এই সময়ত আছিল আন এগৰাকী মন্ত্ৰী কৌশিৰ ৰায়, বিধায়ক দিপায়ন চক্ৰৱৰ্তী আৰু ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ৰাতুল শৰ্মা।
১৯৩৩ চনত জন্মগ্ৰহণ কৰা কবীন্দ্ৰ পুৰকায়স্থ অসমত বিজেপিৰ ভেটি গঢ়োঁতাসকলৰ ভিতৰত অন্যতম। ১৯৯১ চনত প্ৰথমবাৰৰ বাবে শিলচৰৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈছিল কবীন্দ্ৰ পুৰকায়স্থ। পৰৱৰ্তী সময়ত ১৯৯৮ চনত তেওঁ পুনৰবাৰ লোকসভালৈ নিৰ্বাচিত হয় আৰু ১৯৯৮ ৰ পৰা ১৯৯৯ চনলৈ অটল বিহাৰী বাজপেয়ীৰ মন্ত্ৰীসভাত তেওঁ স্থান লাভ কৰিছিল।
২০০৯ চনত তেওঁ কংগ্ৰেছৰ শক্তিশালী প্ৰাৰ্থী সন্তোষ মোহন দেৱক পৰাস্ত কৰি পুনৰবাৰ লোকসভালৈ নিৰ্বাচিত হৈছিল। ২০১৪ ত তেওঁ সন্তোষ মোহন দেৱৰ কন্যা সুস্মিতা দেৱৰ হাতত পৰাস্ত হয়। অতি শেহতীয়াকৈ তেওঁ যোৱা ছেপ্টেম্বৰ মাহত সমাজলৈ আগবঢ়োৱা অৱদানৰ বাবে সন্মানীয় ডক্টৰেট ডিগ্ৰীও প্ৰদান কৰা হৈছিল।
এইগৰাকী প্ৰবীণ ৰাজনৈতিক নেতা অসুস্থ হৈ পৰাত স্বাভাৱিকতে তেওঁৰ অনুৰাগীসকলৰ মাজত উদ্বিগ্নতা বৃদ্ধি পাইছে। আজি মন্ত্ৰী পীযুষ হাজৰীকাই হাস্পতালত উপস্থিত হৈ তেওঁৰ স্বাস্থ্যৰ বুজ লোৱাৰ কথা সামাজিক মাধ্যমৰ জৰিয়তে অৱগত কৰিছে।
তেওঁ ফেচবুকত লিখিছে এইদৰে- ভাৰতীয় জনতা পাৰ্টিৰ প্ৰবীণ নেতা, অসমত বিজেপিৰ অন্যতম ভেটি গঢ়োঁতা, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সন্মানীয় শ্ৰী কবীন্দ্ৰ পুৰকায়স্থ ডাঙৰীয়া অসুস্থ হৈ কালিৰ পৰা শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে। আজি সতীৰ্থ মন্ত্ৰী শ্ৰী কৌশিক ৰায় ডাঙৰীয়া, বিধায়ক শ্ৰী দিপায়ন চক্ৰৱৰ্তী ডাঙৰীয়া আৰু ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য শ্ৰী ৰাতুল শৰ্মা ডাঙৰীয়াৰ সৈতে হাস্পতালত উপস্থিত হৈ শ্ৰী পুৰকায়স্থ ডাঙৰীয়াৰ স্বাস্থ্যৰ বুজ লওঁ। জ্যেষ্ঠ ৰাজনীতিবিদগৰাকী যাতে শীঘ্ৰে সুস্থ হৈ উঠে, তাৰেই কামনা কৰোঁ।
Veteran politician, one of the founders of @BJP4India in Assam and former Union Minister Hon'ble Shri Kabindra Purkayastha Dangoriya, has been undergoing treatment at SMCH since yesterday. This morning, I visited the hospital to take stock of his health condition.
— Pijush Hazarika (@Pijush_hazarika) December 18, 2024
Wishing the… pic.twitter.com/hXpoTDJEoS