ডিজিটেল ডেস্কঃ নিশা কাছাৰৰ বৰখলা ৰায়পুৰত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই বৰাক নৈত বাগৰি পৰিল এখন অল্টো বাহন । ভয়ংকৰ এই দুৰ্ঘটনাত পানীত নিখোঁজ বাহনখনত থকা মাতৃ আৰু এবছৰীয়া কন্যা শিশুৰ ।
জানিব পৰা মতে নিখোঁজ হেলিনা বেগম বৰভূঞা আৰু তেওঁৰ এবছৰীয়া কন্যা জন্নতাৰা বেগম ৷ উল্লেখ্য যে,মঙ্গলবাৰে সন্ধিয়া বৰখলা মোহনপুৰৰ ৰইছ উদ্দিন নামৰ এজন লোকে নিজ অল্টো বাহনেৰে পত্নী আৰু এবছৰীয়া কন্যা শিশুক লগত লৈ শিলচৰ চহৰলৈ চিকিৎসকৰ কাষলৈ গৈছিলৈ।
নিশা চিকিৎসকৰ কাষৰ পৰা বৰখলা মোহনপুৰস্থিত নিজ ঘৰলৈ উভতি যোৱাৰ সময়তে বৰখলা ৰায়পুৰত হঠাৎ বাহনখন নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে পথৰ কাষতে থকা বৰাক নৈত। বাহনখন নৈত পৰি যোৱাৰ পাছত বাহনৰ চিচা ভাঙি কোনোমতে নিজৰ প্ৰাণ ৰক্ষা কৰি ৰইছ উদ্দিন ওলাই আহে যদিও বাহনখনত থকা তেওঁৰ পত্নী আৰু কন্যা শিশু বাহনসহ পানীত ডুব যায় ।
ভয়ংকৰ এই দুৰ্ঘটনাৰ খবৰ পাই নিশাই ঘটনাস্থলীত উপস্থিত হয় কাছাৰ আৰক্ষী অধীক্ষক নোমাল মাহাত্তাসহ আৰক্ষী আৰু SDRF বাহিনীৰ লগতে শ শ লোক। স্থানীয় ৰাইজসহ SDRF বাহিনীয়ে গোটেই নিশা নৈত মাতৃ কন্যাক বিচাৰি অভিযান চলায় যদিও বৰ্তমান লৈকে বাহনসহ মাতৃ কন্যাৰ সন্ধান লাভ কৰিব পৰা নাই অভিযানকাৰী দলে।
ইপিনে ভয়ংকৰ এই দুৰ্ঘটনাত ৰইছ উদ্দিন নামৰ লোকজনো আহত হৈছে। বৰ্তমান তেওঁ শিলচৰ মেডিকেল কলেজত চিকিৎসাধীন ৷ মৰ্মান্তিক এই দুৰ্ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি এক শোকাকুল পৰিবেশৰ সৃষ্টি হৈছে।