ডিজিটেল সংবাদ,চিলাপথাৰঃ 'কেৱল ভাল নম্বৰৰ এখন প্ৰমাণ পত্ৰই শেষ কথা নহয়। আজিৰ প্ৰজন্মক মানুহ হ'বলৈ মূল্যবোধৰ শিক্ষাৰেও শিক্ষিত কৰাব লাগিব'- এই মন্তব্য ঘিলামৰা নৰ্থ বেঙ্ক কলেজৰঘিলামৰা নৰ্থ বেঙ্ক কলেজ অৱসৰপ্ৰাপ্ত সহকাৰী অধ্যাপক ড০ লবৰাম সোণোৱাল অৱসৰপ্ৰাপ্ত সহকাৰী অধ্যাপক ড০ লবৰাম সোণোৱালৰ। আজি চিলাপথাৰত সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ এক সাংগঠনিক আৰু শৈক্ষিক সভাত তেওঁ এইদৰে কয়।
সংগঠনটোৰ চিলাপথাৰ আঞ্চলিক উদ্যোগত খ্ৰীং খ্ৰীং বাইথ' মন্দিৰত সংগঠনটোৰ কেন্দ্ৰীয় মুখ্য সাংগঠনিক সম্পাদক চন্দন সোণোৱালৰ সঞ্চালনত অনুষ্ঠিত সভাৰ উদেশ্য ব্যাখ্যা কৰে জিলা উপসভাপতি চন্দন কছাৰীয়ে। অনুষ্ঠানত অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ লবৰাম সোণোৱাল পুনৰ কয় যে, আমি কেৱল ডাক্টৰ, ইঞ্জিনিয়াৰ তৈয়াৰীত জোৰ দিছোঁ। পিছে মানৱীয় জ্ঞান সম্পন্ন মানুহ তৈয়াৰীত গুৰুত্ব দিয়া নাই। ফলত ইটোৰ পিছত সিটোকৈ সমাজত মানৱতাৰ দ্ৰুত অবক্ষয়ৰ ঘটনা সুলভ হৈ পৰিছে।
তেওঁ ৰগীয়াল দ্ৰব্য সেৱনৰ পৰা যুৱ সমাজক ৰক্ষা কৰাত অভিভাৱকৰ লগতে জাতীয় সংগঠনে গুৰুত্বপূৰ্ণ ভূমিকা ল'ব লাগিব বুলি কয়। অনুষ্ঠানত উপস্থিত থকা সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱালে কয়, পঢ়িবলৈ সমস্যা নাই। আৰ্থিক সমস্যাৰ বাবে অধ্যয়নত যাতে কাৰো ব্যাঘাত নজন্মে তাৰ বাবে চৰকাৰৰ লগতে সোণোৱাল কছাৰী স্বায়ত্ব পৰিষদেও যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে বুলি কয়।
ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে মত বিনিময় কৰি আগন্তুক পাঁচ বছৰত স্বায়ত্ব পৰিষদৰ তৰফৰ পৰা জাতিটোৰ ছাত্ৰ-ছাত্ৰী সকলৰ শৈক্ষিক দিশ আগুৱাই নিয়াৰ বাবে বহু পদক্ষেপ গ্ৰহণ কৰিব বুলি মন্তব্য কৰি পৰিষদে জাতিটোৰ উন্নয়নৰ স্বাৰ্থত কোনোদিনে হেমাহি নকৰে বুলি বিভিন্ন আঁচনিৰ সন্দৰ্ভত বক্তব্য প্ৰদান কৰে। সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ-সন্থাৰ চিলাপথাৰ আঞ্চলিকৰ উদ্যোগত অনুষ্ঠিত সাংগঠনিক কৰ্মশালা আৰু শিক্ষা সাজাগতা সভাখনাত সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সম্পাদক পৰীক্ষিত সোণোৱাল,পদ্ম স্বৰস্বতি বিদ্যা মন্দিৰৰ সঞ্চালক জোন্তি সোণোৱাল, সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সম্পাদক পৰীক্ষিত সোণোৱাল,উপ সভাপতি ৰাজু সোণোৱাল, সংগঠনটোৰ ধেমাজি জিলাৰ সভাপতি মৃদুপবন সোণোৱাল, স্থানীয় শিক্ষক ব্ৰজেন বাগলাৰী, জিলা সম্পাদক দুলেন সোণোৱাল, জান্তু সোণোৱাল,ৰবীন্দ্ৰ কছাৰী, বিপুল সোণোৱাল, সমাজ কৰ্মী পূৰ্ণকান্ত সোণোৱাল, হোমেন সোণোৱাল,জোন হাজৰিকা আদিৰ লগতে অঞ্চলটোৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক,অৱৰসৰপ্ৰাপ্ত শিক্ষাবিদ,সমাজকৰ্মী আৰু জনপ্রতিনিধি উপস্থিত থাকি গুৰুত্বপূৰ্ণ আলোচনাত ভাগ লয়। নিশাৰ ভাগত অনুষ্ঠিত হয় এক সাংস্কৃতিক কাৰ্য্যসূচী।