Advertisment

মৰিগাঁৱত বন বিভাগৰ পৃষ্ঠপোষকতাত অবৈধ বালি খনন: কোটি কোটিৰ ৰাজহ লোকচান

বৈধ মহল তথা অনুজ্ঞাপত্ৰ নথকাকৈ মৰিগাওঁ জিলাত কলং আৰু কপিলীৰ বুকুত অৰ্ধ শতাধিক বালিৰ মহল বন বিভাগৰ পৃষ্ঠপোষকতাত চলি থকাৰ গুৰুতৰ অভিযোগ উঠিছে।

author-image
Asomiya Pratidin
New Update
মৰিগাঁৱত বন বিভাগৰ পৃষ্ঠপোষকতাত অবৈধ বালি খনন: কোটি কোটিৰ ৰাজহ লোকচান

ডিজিটেল সংবাদ জাগীৰোডঃ বৈধ মহল তথা অনুজ্ঞাপত্ৰ নথকাকৈ মৰিগাওঁ জিলাত কলং আৰু কপিলীৰ বুকুত অৰ্ধ শতাধিক বালিৰ মহল বন বিভাগৰ পৃষ্ঠপোষকতাত চলি থকাৰ গুৰুতৰ অভিযোগ উঠিছে। পৰিৱেশ সম্পৰ্কীয় সকলো নীতি, নিয়ম জলাঞ্জলি দি নদীৰ বুকু মেচিনৰে খনন কৰি ৰমৰমীয়া বালিৰ ব্যৱসায় চলাই থকা ৰাজনৈতিক আশীৰ্বাদ পুষ্ট এটা চক্ৰই প্ৰতি মাহে বৃহৎ ধন উদৰষ্ঠ কৰাৰ ফলত বন বিভাগৰ পৰা অৰ্জন হ'বলগীয়া বৃহৎ ৰাজহ চৰকাৰে হেৰুৱাইছে।  

Advertisment

অভিযোগ মতে মৰিগাওঁ জিলাত অবৈধ বালিখননৰ নামত চৰকাৰে ডেৰ কোটিৰ ৰাজহ হেৰুৱাইছে। আনহাতে বন বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীৰ হাতলৈ গৈছে মাহেকীয়া হিচাবত কমেও ২৫ ৰ পৰা ৩০ লাখ টকা।

মৰিগাঁৱত বন বিভাগৰ পৃষ্ঠপোষকতাত অবৈধ বালি খনন: কোটি কোটিৰ ৰাজহ লোকচান

বন বিভাগৰ পৰোক্ষ পৃষ্ঠপোষকতাতে মৰিগাওঁ জিলাৰ দক্ষিন আৰু পশ্চিমাঞ্চলৰ কলং, কপিলী নৈত অবৈধ বালি খনন কৰি একাংশ বালি মাফিয়াই চৰকাৰক বৃহৎ ৰাজহ ফাকি দিয়াৰ লগতে পৰিৱেশৰ প্ৰতিও বৃহৎ ভাবুকি আনিছে। বহাৰ পৰা দিপ্ৰাং পৰ্যন্ত ৩৯ টা বালিৰ মহল খুলি শ-শ মেচিনৰে কলংঅৰ বক্ষত খনন চলাই অবৈধভাৱে বালি মাফিয়াই দৈনিক লাখ লাখ টকা উপাৰ্জন কৰাৰ লগতে বন বিভাগৰ বিষয়া, কৰ্মচাৰীলৈয়ো এই ধনৰ ভাগ যোৱাৰ অভিযোগ উত্থাপন হৈছে। 

দুৰ্নীতিৰ বিৰুদ্ধে অভিযান চলাই চমক সৃষ্টি কৰি অহা বৰ্তমানৰ ৰাজ্য চৰকাৰখনৰ অস্তিত্ব মৰিগাওঁ জিলাৰ পশ্চিমাঞ্চলত বিচাৰি পাবলৈ নাই বুলিয়েই এতিয়া চৰ্চা চলিছে। মৰিগাওঁ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয় আৰু একাংশ ৰাজনৈতিক নেতাৰ পৃষ্ঠপোষকতাতে দিনে নিশাই বালিৰ খনন কৰি বৃহৎ ট্ৰাক আৰু ডাম্পাৰৰ জৰিয়তে বালিৰ অৱৈধ খনন চলি থকাত বন বিভাগে মাহে কোটিৰ ঘৰত ৰাজহ হেৰুৱাইছে যদিও পকেট গৰম হৈছে বনবিভাগৰ বিষয়াৰ।

মৰিগাঁৱত বন বিভাগৰ পৃষ্ঠপোষকতাত অবৈধ বালি খনন: কোটি কোটিৰ ৰাজহ লোকচান

এহাতে অবৈধ বালি মহল খুলিবলৈ মৌখিক অনুমতি দি একাংশ যুৱকৰ পৰা আগধন লোৱাৰ লগতে বন বিভাগৰ লোকে গধুৰ যান-বাহন সমূহৰ পৰা প্ৰতিটো ট্ৰিপত এক হাজাৰৰ পৰা ডেৰ হাজাৰ টকা পৰ্যন্ত ধন সংগ্ৰহ কৰা বুলি স্থানীয় এক সূত্ৰই জানিবলৈ দিছে। সেয়েহলে দৈনিক লাখৰ ওচৰাওচৰি ধন বন বিভাগৰ বিষয়াৰ হাতলৈ যায়।

অন্য হাতে প্ৰতিটো বালি মহলৰ পৰা মাহিলী হিচাবত ধন সংগ্ৰহ কৰে মৰিগাওঁ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীয়ে নিয়োজিত কৰা এজন যুৱকে। এক কথাত বালিৰ বৃহৎ অবৈধ বজাৰখনৰ পৃষ্ঠপোষকতা কৰি আহিছে বন বিভাগেই। 

এই বালি খননত নামি পৰিছে বিজেপিৰ একাংশ পালি নেতাও। কংগ্ৰেছ চৰকাৰৰ দিনত গুৰু গোসাঁই নমনাকৈ বনজ সম্পদ লুণ্ঠন কৰাৰ কথাই ৰাইজক অতিষ্ঠ কৰাৰ ধাৰাবাহিকতা বৰ্তমানেও চলি আছে মৰিগাওঁ জিলাৰ পশ্চিমাঞ্চলত।  

মৰিগাঁৱত বন বিভাগৰ পৃষ্ঠপোষকতাত অবৈধ বালি খনন: কোটি কোটিৰ ৰাজহ লোকচান

মহল তথা অনুজ্ঞাপত্ৰ নথকাকৈ বালি খনন কৰা মহল সমূহ বহাৰ পৰা পশ্চিম দিশলৈ থকাৰ লগতে চনুৱাবড়ী, পদুমপুখু্ৰী আদিতো গঢ় লৈ উঠিছে। ৰাজ্য চৰকাৰক বৃহৎ ৰাজহ ফাঁকি দি মৰিগাওঁ জিলাৰ পশ্চিমাঞ্চলত কলং নৈত চলি আছে ৩৯টা বালি মহল।

অনুৰূপভাৱে পদুমপুখুৰীত কেইবাটাও মহল চলি আছে। মৰিগাওঁ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অধীনস্থ বহাৰ পৰা দিপ্ৰাংঅলৈ বালি মহলৰ নাই কোনো বৈধ অনুমতি। দৈনিক শ শ মেচিনৰে কলঙৰ বুকু খান্দি বালি বিক্ৰী কৰি আছে এই অবৈধ বালি খননকাৰী সকলে।

উল্লেখ্য যে বহা বৰপাক, ঠেংভঙা অঞ্চলৰ পৰা দৈনিক শ শ ট্ৰাক ডাম্পাৰৰে মৰিগাওঁ,জাগীৰোড আৰু গুৱাহাটীলৈ বালি সৰৱৰাহ কৰা হয়। এই বালি মহলসমূহ পবিতৰা অভয়াৰণ্যৰ নিচেই কাষতে আৰু উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা থকাৰ পিছতো এই বিষয়টো লৈ প্ৰশাসন নীৰৱ নিৰ্বিকাৰ হৈ থকাটোৱেই ৰাজ্যৰ বনবিভাগৰ চূড়ান্ত ব্যৰ্থতা বুলি সমালোচন হৈছে।

মৰিগাঁৱত বন বিভাগৰ পৃষ্ঠপোষকতাত অবৈধ বালি খনন: কোটি কোটিৰ ৰাজহ লোকচান

অতিৰিক্ত ওজন কঢ়িওৱা ব্যৱসায়ীক বাহনৰ ক্ষেত্ৰত চৰকাৰী বিভাগে ফাইন কাটি নগুৰ নাকটি কৰি আহিছে যদিও বালি ব্যৱসায়ী সকললৈ দেখা গৈছে দৰদ। ফলত বৃহৎ ডাম্পাৰ আৰু ট্ৰাকত বালি কঢ়িওৱাৰ ফলত মায়ং,কমাৰপুৰ বহা, জাগীভকত গাওঁ অঞ্চলৰ পকী পথ বখলা বখলে এৰিবলৈ ধৰিছে।

ইয়াৰ সমান্তৰালকৈ কলঙৰ আনটো দিশত অৰ্থাৎ কামৰূপ জিলাৰ মালৈবাৰীত আৰম্ভ হৈছে খহনীয়া। দিনে নিশাই বালি সৰৱৰাহ কৰা বাহন সমূহে পথাচাৰীৰ প্ৰতি ভাবুকি আনিছে। তীব্ৰ গতিৰে চলা বাহন সমূহক নাকী লগাবলৈ প্ৰশাসনৰ সময় নাই।  

মৰিগাঁৱত বন বিভাগৰ পৃষ্ঠপোষকতাত অবৈধ বালি খনন: কোটি কোটিৰ ৰাজহ লোকচান

মালয়বাৰীত কলং নৈৰ বাঢ়নি পানীৰ পৰা ৰক্ষা কৰিবলৈ নিৰ্মাণ কৰা মথাউৰিৰ কাষতে প্ৰতিদিনে শ শ ট্ৰাক বালি মেচিনৰে খনন কৰাত মথাউৰিটোত আৰম্ভ হৈছে খহনীয়া। মালৈবাৰী অঞ্চলত বহু সংখ্যক মহিলাই নদীৰ পাৰত সমবেত হৈ কলঙত চলি থকা অবৈধ বালি মহল বন্ধ কৰাৰ বাবে দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰিছে যদিও এই বালি মাফিয়া বা বন বিভাগৰ গা লৰা নাই।

দিনে-নিশাই বালি সৰবৰাহ কৰা বাহন সমূহে পথাচাৰীৰ প্ৰতি ভাবুকি আনিছে। তীব্ৰ গতিৰে চলা বাহন সমূহক নাকী লগাবলৈ প্ৰশাসনৰ সময় নাই। এনে সময়ত স্থানীয় ৰাইজে বালি মহল বন্ধ কৰাৰ বাবে চৰকাৰক তৎকালে ব্যৱস্থা ল'বলৈ দাবী জনাইছে।

বন বিভাগ অবৈধ বালি খনন