ডিজিটেল ডেস্কঃ মাজুলীৰ দলং নিৰ্মাণস্থলীত সংঘটিত হোৱা এক দুৰ্ঘটনাত এগৰাকী শ্ৰমিকৰ মৃত্যু হোৱা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে। মাজুলীৰ ধূনাগুৰিৰ পৰা লখিমপুৰক সংযোগ কৰা এই দলংখনত কৰ্মৰত অৱস্থাতেই এগৰাকী শ্ৰমিক ওপৰৰ পৰা তললৈ বাগৰি পৰে। ফলত তেওঁৰ কৰুণ মৃত্যু হয়।
জানিব পৰা মতে এছ পি ছিংগলা নামৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠানে নিৰ্মাণ কৰি থকা এই দলংখনৰ আজি পুৱা প্ৰায় ৯ বজাত চাটাৰিং খুলি আছিল অশোক সিং নামৰ শ্ৰমিকজনে। সেই সময়তে তেওঁ তললৈ বাগৰি পৰে।
দুৰ্ঘটনাৰ পাছতেই তেওঁৰ মৃতদেহ ততাতৈয়াকৈ গড়মূৰস্থিত পীতাম্বৰ দেৱ জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। মৃত শ্ৰমিকজনৰ বাসগৃহ পশ্চিমবংগত বুলি জানিব পৰা গৈছে।
মন কৰিবলগীয়া যে, অসম মালা আঁচনিৰ অধীনত নিৰ্মাণৰত এই দলংখনৰ নিৰ্মাণ কাৰ্য প্ৰায় ৭৫ শতাংশ সম্পূৰ্ণ হৈছে। কিছু দিন পূৰ্বে এই দলংখনৰ নিৰ্মাণৰ কামত নিয়োজিত আন এগৰাকী শ্ৰমিকৰো ইয়াৰ পূৰ্বে দুৰ্ঘটনাজনিত কাৰণত মৃত্যু হৈছিল।
এইদৰে বাৰে বাৰে দলংখনৰ নিৰ্মাণৰত শ্ৰমিকৰ মৃত্যুৰ ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে। সমান্তৰালকৈ শ্ৰমিকৰ সুৰক্ষাৰ ক্ষেত্ৰত নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৰ দায়িত্ববোধক লৈয়ো প্ৰশ্ন উত্থাপন হৈছে।