Advertisment

এসপ্তাহৰ ভিতৰত পুনৰ নিৰ্মাণ আৰম্ভ হ'ব মাজুলী-যোৰহাট সংযোগী দলঙৰ !

মাজুলী-যোৰহাট সংযোগী দলঙৰ নিৰ্মাণ কাৰ্য পুনৰ আৰম্ভ হ’ব। কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে এই সন্দৰ্ভত প্ৰতিশ্ৰুতি প্ৰদান কৰিলে উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীক।

author-image
Asomiya Pratidin
New Update
মাজুলী দলং

ডিজিটেল সংবাদ মাজুলীঃ মাজুলী-যোৰহাট সংযোগী দলঙৰ নিৰ্মাণ কাৰ্য পুনৰ আৰম্ভ হব। কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে এই সন্দৰ্ভত প্ৰতিশ্ৰুতি প্ৰদান কৰিলে উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীক।

নিৰ্মাণ বন্ধ হৈ থকা মাজুলী-যোৰহাট সংযোগী দলং খনৰ নিৰ্মাণ কাৰ্য পুনৰ আৰম্ভ কৰাক লৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সংযোগত আজি সন্ধিয়া প্ৰায় ৫ বজাত নতুন দিল্লীত কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰে সত্ৰাধিকাৰগৰাকীয়ে। এই সাক্ষাতৰ সময়ত প্ৰায় ২০ মিনিট ধৰি দুয়োৰে মাজত মাজুলী-যোৰহাট সংযোগী দলংখনৰ নিৰ্মাণকাৰ্যৰ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা হয়। 

কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীয়ে সত্ৰাধিকাৰগৰাকীক অহা এটা সপ্তাহৰ ভিতৰতে দলং খনৰ নিৰ্মাণ কাৰ্য আকৌ আৰম্ভ হ'ব বুলি অৱগত কৰিছে বুলি জানিব পৰা গৈছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰাৰ সময়ত সত্ৰাধিকাৰ জনাৰ্দন গোস্বামীক সংগ দিয়ে মাজুলীৰ বিধায়ক ভূৱন গাম, সাংসদ প্ৰদান বৰুৱা, ৰামেশ্বৰ তেলী, জিলা সভাপতি বীৰেন শইকীয়া আৰু বৈষ্ণৱ অজিত বৰুৱাই। 

উল্লেখ্য যে, যোৱা প্ৰায় ৩ মাহ ধৰি বন্ধ হৈ আছে মাজুলী-যোৰহাট সংযোগী দলং খনৰ নিৰ্মাণ কাৰ্য। এই দলং খন মাজুলীৰ প্ৰায় দুই লাখ জনতাৰ সপোন। দলংখনৰ নিৰ্মাণ আৰম্ভ হোৱাৰে পৰা বাৰে বাৰে ইয়াৰ নিৰ্মাণ বিভিন্ন কাৰণ স্থগিত হৈ অহাৰ সমান্তৰালকৈ বিতৰ্কৰো সূচনা হৈ আহিছে। 

দলংখনক লৈ সৃষ্টি হোৱা এনে অনিচ্ছয়তাক লৈ মাজুলীবাসীৰ মাজত যথেষ্ট ক্ষোভৰো সৃষ্টি হৈছে। এই দলংখন নিৰ্মাণৰ ঠিকা লাভ কৰিছিল ইউ পি ষ্টেট ব্ৰীজ কৰ্প'ৰেছনে। কিন্তু পৰৱৰ্তী সময়ত এই ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে দলংখনৰ নিৰ্মাণৰ বাবে উপ ঠিকা দিয়ে বি আৰ চি কোম্পানীক।

কিন্তু শেহতীয়াকৈ এই দুই প্ৰতিষ্ঠানৰ মাজত সৃষ্টি হোৱা সংঘাতৰ পৰিণতিতে দুই ম'হৰ যুঁজত বিৰিণাৰ মৰণৰ দৰে অৱস্থা হৈছে মাজুলীবাসীৰ। এনে প্ৰেক্ষাপটতত শেহতীয়াকৈ দলং খন নিৰ্মাণৰ বাবে পুনৰ নিবিদা আহ্বানৰো ইংগিত দিছিল কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰীগৰাকীয়ে।

অৱশ্যে দলং খন নিৰ্মাণৰ ক্ষেত্ৰত মূল ঠিকাদাৰী প্ৰতিষ্ঠান সলনি নহয়। বৰঞ্চ উপ ঠিকাদাৰী প্ৰতিষ্ঠানহে সলনি হ'ব বুলি মাজুলীত ৰাজহুৱাকৈ মন্তব্য কৰিছিল ৰাষ্ট্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ বিভাগৰ অসমৰ মুখ্য অভিযন্তা দেৱজিত দাসে। 

উল্লেখ্য, দুবাৰকৈ আধাৰশিলা স্থাপন হোৱা মাজুলী-যোৰহাট সংযোগী এই দলংখনৰ নিৰ্মাণৰ বাবে নিৰ্ধাৰণ কৰা হৈছিল ৯২৫ কোটি টকা। দলংখনৰ দৈৰ্ঘ ৮ কিলোমিটাৰ। ইয়াৰ মুঠ খুঁটাৰ সংখ্যা হৈছে ৭১ টা। ইয়াৰে ২২ টা খুঁটাৰ নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হৈছে।

দিল্লী মাজুলী দলং নীতিন গাডকাৰী