Advertisment

নৱপ্ৰজন্মক কৃষি কৰ্মৰ আদৰ্শ দেখুৱাইছে 'প্ৰজন্ম'ই...

কৃষি-কৰ্মৰ জৰিয়তে নৱপ্ৰজন্মৰ বাৱে অনুকৰনীয় আদৰ্শৰ বীজ ৰোপন কৰিছে 'প্ৰজন্ম'ই ৷ 'প্ৰজন্ম'ৰ জৰিয়তে কলিয়াবৰৰ হাতীমূৰাৰ ব্ৰহ্মপুত্ৰৰ চৰ- চাপৰি অঞ্চলত বহু নিবনুৱা শিক্ষিত যুৱকে প্ৰশস্ত কৰিছে স্বাৱলম্বিতাৰ পথ।

author-image
Asomiya Pratidin
New Update
প্ৰজন্ম

ডিজিটেল সংবাদ কলিয়াবৰঃ কৃষি-কৰ্মৰ জৰিয়তে নৱপ্ৰজন্মৰ বাৱে অনুকৰনীয় আদৰ্শৰ বীজ ৰোপন কৰিছে 'প্ৰজন্ম'ই ৷ 'প্ৰজন্ম'ৰ জৰিয়তে কলিয়াবৰৰ হাতীমূৰাৰ ব্ৰহ্মপুত্ৰৰ চৰ- চাপৰি অঞ্চলত বহু নিবনুৱা শিক্ষিত যুৱকে প্ৰশস্ত কৰিছে স্বাৱলম্বিতাৰ পথ।

Advertisment

আজিৰ পৰা প্ৰায় সাত বছৰ পূৰ্বে কলিয়াবৰৰ বিভিন্ন প্ৰান্তৰ কেইবাগৰাকীও শিক্ষিত নিবনুৱা যুৱকে এচেৰেঙা সপোন বুকুত বান্ধি স্ব-নিয়োজনৰ পৰিকল্পনাৰে গঢ় দিছিল স্বেচ্ছাসেৱী অনুষ্ঠান 'প্ৰজন্ম'ৰ ৷ আৰু সেই দিন ধৰি পিছলৈ উভতি চোৱা নাই প্ৰজন্মৰ সংগ্ৰামী দলটিয়ে।

যোৱা কেইবাবছৰৰ পৰা প্ৰজন্মৰ সদস্যসকলে ব্ৰহ্মপুত্ৰৰ চাপৰিত অবহেলিত, অনাদৃত হৈ ছনে ৰোৱা বহু বিঘা মাটিত সৰিয়হ আৰু মটৰ খেতি কৰি লাভৱান হৈ আহিছে। এইবাৰো প্ৰজন্মৰ পোন্ধৰজনীয়া গোটটোৱে সাজু কৰি তুলিছে প্ৰায় নব্বৈ বিঘা মাটি।

য'ত মূলত সৰিয়হ খেতি কৰিব যদিও মটৰ, ৰঙালাউ, লাও, বেঙেনাৰ খেতিৰ পুলি আৰু বীজ ৰোপণ কৰিছে। প্ৰজন্মই দেওবাৰে আনুষ্ঠানিকভাৱে সৰিয়হৰ বীজ সিঁচা কাৰ্যৰ আৰম্ভণি কৰে।

প্ৰজন্মৰ কৃষি কাৰ্যত পূৰ্বৰে পৰা দিহা-পৰামৰ্শ, সহযোগিতা আগবঢ়োৱা ৰাজ্য চৰকাৰৰ দ্বাৰা সন্মানিত আদৰ্শ কৃষক মথুৰা চাহুয়ে এইবেলিও প্ৰজন্ম গোটক সহায় আগবঢ়াইছে। এই বেলি বতৰৰ বিধি-পথালিৰ বাবে সৰিয়হৰ বীজ সিঁচাৰ লগতে আন খেতি আৰম্ভ কৰাত কিছু পলম হ'লেও, আগৰ দৰে এইবাৰো ফচলৰ উৎপাদন আশাপ্ৰদ হ'ব বুলি প্ৰজন্ম গোটৰ কৈলাশ বৰকাকতিয়ে মন্তব্য কৰিছে।

লগতে বৰকাকতিয়ে উঠি অহা প্ৰজন্মক কৃষিমুখি হৈ স্বাৱলম্বী হ'বলৈও আহ্বান জনাই। ইয়াৰোপৰি প্ৰজন্মই উলুৱনিত দুগ্ধ উৎপাদনৰ পৰিকল্পনাৰে উন্নত প্ৰজাতিৰ গৰু আনি এখনি বৃহৎ ফাৰ্মৰ আৰম্ভনি কৰিছে ৷

উল্লেখযোগ্য যে, স্থানীয় কৃষকসকলে ব্ৰহ্মপুত্ৰৰ চাপৰিত পৃথকে-পৃথকে গঠন কৰা গোটসমূহে আৰম্ভ কৰিছে এই কৃষি কৰ্ম। য'ত শিক্ষিত যুৱকৰ সংখ‍্যাই অধিক।

কলিয়াবৰৰ ব্ৰহ্মপুত্ৰ বহুমুখী কৃষি পাম সমবায় সমিতি লিমিটেডৰ জৰিয়তে প্ৰায় ডেৰ হাজাৰ বিঘা কৃষি ভূমিত দুই শতাধিক কৃষকে নিৰবিচ্ছিন্ন ভাৱে চলাই গৈছে কৃষি বিপ্লৱ। জখলাবন্ধাৰ পৰা পূবে হাতীমূৰা অঞ্চলৰ পৰা কুকুৰাকটা পাহাৰলৈকে ব্ৰহ্মপুত্ৰৰ চাপৰিৰ প্ৰায় দুই হাজাৰ বিঘা কৃষি ভূমিত বিভিন্ন প্ৰজাতিৰ মাহ, সৰিয়হ, আলু, পিয়াঁজ, নহৰু, বিলাহী, ফুলকবি, বন্ধাকবি, মটৰ, বেঙেনা, লাই শাক, পালেং, ধনীয়া, মূলা, গোমধান আদিৰ বিভিন্ন শাক-পাচলিৰে খেতি কৰি স্বাৱলম্বী হৈছে কৃষকসকল।

এই ক্ষেত্ৰত কৃষি বিভাগেও উন্নত জাতৰ বীজ প্ৰদান কৰি কৃষকসকলক সহায় কৰি আহিছে। এইবেলি বিশেষকৈ উন্নত জাতৰ সৰিয়হৰ বীজ যোগান ধৰিছে কৃষকসকলক।

ইতিমধ্যে কৃষকসকলক স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই খেতি কৰা অঞ্চলটোৰ চৌপাশ চ'লাৰ ফেঞ্চিং সংস্থাপনৰ ব্যৱস্থা কৰি সহায় আগবঢ়াইছে। ফলত বনৰীয়া হাতী, ম'হ, গাহৰি, পহু আদিয়ে কৃষি শস্য অনিষ্ট কৰাৰ সমস্যাৰ পৰা বহু পৰিমাণে মুক্ত হৈছে খেতিয়কসকলে।

কলিয়াবৰ