Advertisment

অসমৰ ভৰ আৰু ৰাজভৰ সম্প্ৰদায়ক OBC শ্ৰেণীৰ তালিকাভুক্তঃ চৰকাৰক কৃতজ্ঞতা

অসমৰ বহু পুৰণি আৰু বছৰ বছৰ ধৰি অৱহেলিত হৈ অহা ভৰ আৰু ৰাজভৰ সম্প্ৰদায়ক শেহতীয়াভাৱে ৰাজ্য চৰকাৰে অন্যান্য পিছপৰা জাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰাত চৰকাৰক ধন্যবাদ জনালে অখিল ভাৰতীয় ভৰ, ৰাজভৰ সংগঠনৰ অসম ৰাজ্যিক সমিতিয়ে।

author-image
Asomiya Pratidin
New Update
অসমৰ ভৰ আৰু ৰাজভৰ সম্প্ৰদায়ক OBC শ্ৰেণীৰ তালিকাভুক্তঃ চৰকাৰক কৃতজ্ঞতা

অসমৰ ভৰ আৰু ৰাজভৰ সম্প্ৰদায়ক OBC শ্ৰেণীৰ তালিকাভুক্তঃ চৰকাৰক কৃতজ্ঞতা

ডিজিটেল সংবাদ,কলিয়াবৰঃ অসমৰ বহু পুৰণি আৰু বছৰ বছৰ ধৰি অৱহেলিত হৈ অহা ভৰ আৰু ৰাজভৰ সম্প্ৰদায়ক শেহতীয়াভাৱে ৰাজ্য চৰকাৰে অন্যান্য পিছপৰা জাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰাত চৰকাৰক ধন্যবাদ জনালে অখিল ভাৰতীয় ভৰ, ৰাজভৰ সংগঠনৰ অসম ৰাজ্যিক সমিতিয়ে। বৃহস্পতিবাৰে কলিয়াবৰ প্ৰেছ ক্লাবত অখিল ভাৰতীয় ভৰ, ৰাজভৰ সংগঠনৰ অসম ৰাজ্যিক সমিতিয়ে এই সন্দৰ্ভত এক সংবাদ মেল সম্বোধন কৰে।

Advertisment

সমিতিৰ ৰাজ্যিক সভাপতি জনাৰ্দন ৰাজভৰে চৰকাৰখনক এনেদৰে ধন্যবাদ জনোৱাৰ লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকো অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ লগতে কয় যে, জাতিটোৱে চৰকাৰী স্বীকৃতি লাভ কৰাৰ লগে লগে অসমৰ বৰাক, ব্ৰহ্মপুত্ৰ উপত্যকা, পাহাৰ, ভৈয়ামত বসবাস কৰা ৭ লাখ ভৰ-ৰাজভৰৰ পৰিয়ালৰ সদস্য উপকৃত হ'ব।

ভৰ-বাজভৰ সমাজখনৰ য'ত একোৱে অস্তিত নাছিল সেই অস্তিতহীন জাতিটোক আজি স্বীকৃতি  প্রদান কৰাৰ বাবে আমি গৌৰাৱান্বিত বুলিও উল্লেখ কৰে। এই চেগতে তেওঁ মন্ত্রী ৰণোজ পেণ্ড, বিভাগীয় মন্ত্রী  পীযুষ হাজৰীকা, মন্ত্রী কেশৱ মহন্ত, অতুল বৰা, পৰিমল শুক্লবৈদ্য, ৰঞ্জিত দাস, জয়ন্ত মল্ল বৰুৱা, কাৰ্বি আংলং পাৰ্বত্য জিলাৰ চি ই এম তুলিৰাম ৰাংহাং প্ৰমুখ্যে সকলোলৈকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে।

আজিৰ সংবাদ মেলত অখিল ভাৰতীয় ভৰ, ৰাজভৰ সংগঠনৰ মুখ্য উপদেষ্টা কৈলাশ ৰাজভৰ, সংগঠনৰ সচিব লাল বাহাদুৰ ৰাজভৰ, সুবল ৰাজভৰ, সংগঠনৰ কোষাধ্যক্ষ বিৰজু ৰাজভৰ আদি  উপস্থিত থাকে ।

ড০ হিমন্ত বিশ্ব শৰ্মা কলিয়াবৰ obc