নমাটিত সাৰ্বজনীন ত্ৰয়োদশ বাৰ্ষিক অখণ্ড ভাগৱত পাঠ আৰু ব্য়াখ্যাৰ সামৰণি

নমাটি গাঁৱৰ যুৰীয়া নামঘৰত ৪ এপ্ৰিলৰ পুৱা প্ৰাতঃপ্ৰসংগ, পৰিবেশ নিকাকৰণ, ধৰ্মধ্বজা উত্তোলন, খোল প্ৰসঙ্গ, পাঠ প্ৰসংগ, নাম প্ৰসঙ্গ, ভাগৱত স্থাপন, শ্ৰৱন কীৰ্ত্তনৰ পাছত আজি পুৱা ভাগৱত পাঠ সামৰণি পৰে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
xx

ডিজিটেল সংবাদ,বটদ্ৰৱাঃ নগাঁও জিলাৰ হাতীচোং নমাটি গাঁৱৰ যুৰীয়া নামঘৰত ৪ এপ্ৰিলৰ পৰা তিনিদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত সাৰ্বজনীন দশম বাৰ্ষিক অখণ্ড ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানৰ আজি সামৰণি পৰে। নমাটি গাঁৱৰ যুৰীয়া নামঘৰত ৪ এপ্ৰিলৰ পুৱা প্ৰাতঃপ্ৰসংগ, পৰিবেশ নিকাকৰণ, ধৰ্মধ্বজা উত্তোলন, খোল প্ৰসঙ্গ, পাঠ প্ৰসংগ, নাম প্ৰসঙ্গ, ভাগৱত স্থাপন, শ্ৰৱন কীৰ্ত্তনৰ পাছত আজি পুৱা ভাগৱত পাঠ সামৰণি পৰে।

Advertisment

ইয়াৰ পাছতে ভাগৱত ভ্ৰমণ কাৰ্য্যসূচীত গায়ন বায়ন, আইমাতৄ, কনকন শিশুৰ কৃষ্ণ, ৰাম, শিৱ, আদি বিভিন্ন সাংস্কৃতিক বেশভূষাৰে অনুষ্ঠান পৰিবেশ সুন্দৰ কৰি তোলে। উল্লেখ্য যে, অসমীয়াৰ বাপতি সাহোন সাত বিহুৰ প্ৰাকমুহূৰ্তত এই বৃহত্তৰ অঞ্চলৰ ভকত বৈষ্ণৱ মত্ত হৈ পৰিছে মহাভাগৱত শ্ৰৱণ কীৰ্তনত। বিগত দিনকেইটাত গাঁৱত মহাভাগৱত পাঠৰ মধুৰ গুঞ্জনত আকাশ বতাহ মুখৰিত হৈ পৰিছে।

বটদ্ৰৱা