Advertisment

নগাঁৱৰ কবি, অনুবাদক পৰাণ কুমাৰ বৰুৱাক 'মুকুতাৰ মালা' বঁটা প্ৰদান

বিশিষ্ট সাহিত্যিক, নিবন্ধকাৰ পৰাণ কুমাৰ বৰুৱাক আজি প্ৰদান কৰা হয় 'মুকুতাৰ মালা' বঁটা । নগাঁৱৰ মলিন বৰা মেম'ৰিয়েল সংগীত সাধনালয়ে কবি-অনুবাদক গৰাকীক প্ৰদান কৰে এই বঁটা ।

author-image
Asomiya Pratidin
New Update
মলিন বৰা

ডিজিটেল সংবাদ নগাঁও: বিশিষ্ট সাহিত্যিক, নিবন্ধকাৰ পৰাণ কুমাৰ বৰুৱাক আজি প্ৰদান কৰা হয় 'মুকুতাৰ মালা' বঁটা । নগাঁৱৰ মলিন বৰা মেম'ৰিয়েল সংগীত সাধনালয়ে কবি-অনুবাদক গৰাকীক প্ৰদান কৰে এই বঁটা ।

Advertisment

'ইমান ধুনীয়া মুকুতাৰ মালা' শীৰ্ষক গীতৰ স্ৰষ্টা গীতিকবি মলিন বৰাৰ সোঁৱৰণত যোৱাটো বৰ্ষৰ পৰা প্ৰদান কৰি অহা হৈছে এই বঁটা। আজি বিয়লি নগাঁও জিলা পুথিভঁৰালত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত পৰাণ কুমাৰ বৰুৱাক এই বিশেষ বঁটাৰে সন্মানিত কৰা হয়।

বঁটাটিৰ অংশৰূপে সাহিত্যিক গৰাকীক গামোচা, চেলেং, শৰাই, সম্বৰ্ধনা পত্ৰ, জনজাতীয় বস্ত্ৰ আৰু নগদ ধন প্ৰদান কৰা হয়। সাংবাদিক, নাট সমালোচক জ্যোতিপ্ৰসাদ বৰাৰ সঞ্চালনাত অনুষ্ঠিত এই বঁটা প্ৰদানৰ অনুষ্ঠানটিত লেখক চন্দ্ৰমোহন কাকতি, গীতিকাৰ-সুৰকাৰ সূৰ্য কুমাৰ ৰাজা, মলিন বৰা মেম'ৰিয়েল সংগীত সাধনালয়ৰ সভাপতি গৌতম বৰবৰা, অধ্যক্ষা মনমনা বৰা, পৰাণ কুমাৰ বৰুৱাৰ পত্নী ৰুবী বৰুৱা আদি উপস্থিত থাকে।

বঁটা গ্ৰহণ কৰি কবি পৰাণ কুমাৰ বৰুৱাই মলিন বৰাৰ কালজয়ী গীতসমূহ বাংলা ভাষালৈ অনুবাদ কৰাৰ পোষকতা কৰাৰ লগতে তেওঁৰ স্বদেশপ্ৰেমক লৈ গৱেষণা কৰাৰ কথা প্ৰকাশ কৰে । লগতে তেওঁ অসমৰ বৌদ্ধিক মহলত মলিন বৰাৰ গীতক লৈ পৰ্যাপ্ত চৰ্চা হোৱা নাই বুলিও আক্ষেপ প্ৰকাশ কৰে ।

মলিন বৰাৰ জীয়ৰী গীতাশ্ৰী বৰাই বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰা অনুষ্ঠানটিত প্ৰতীক গীত পৰিৱেশন কৰে সংগীত সাধনালয়খনৰ শিক্ষাৰ্থীসকলে। নগাঁও মহাবিদ্যালয়ৰ ছাত্ৰী দৰ্শিতা বৰাৰ ধ্ৰুপদী সংগীত পৰিৱেশনে অনুষ্ঠানটিক অন্য এক মাত্ৰা প্ৰদান কৰে ।

বঁটা প্ৰদানৰ পিছতেই মলিন বৰা মেম'ৰিয়েল সংগীত সাধনালয়ৰ বিংশতম সন্মিলন অনুষ্ঠিত হয়। এই সন্মিলনত মাহাশ্বেতা বৰা, সমীক্ষা ভূঞা, কৃপালিম কৃষ্ণাণী দাস, দীক্ষিতা দেৱনাথ, সিদ্ধান্ত গৌতম বৰবৰা আদিয়ে গীত পৰিৱেশন কৰাৰ বিপৰীতে তালিম সংগীত কাননৰ শিক্ষাৰ্থীসকলে তবলাবাদনৰ অনুষ্ঠান পৰিৱেশন কৰে।

আজিৰ এই অনুষ্ঠানটিত মলিন বৰাৰ পুত্ৰ আশীষ কুমাৰ বৰা, জোঁৱাই দুৰ্লভ চন্দ্ৰ বৰা, বোৱাৰী দ্বীপশিখা বৰা আদিৰ উপৰিও পৰিয়ালৰ সদস্যসকলৰ লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে । ১৯০৬ চনৰ পহিলা জানুৱাৰীত নগাঁও জিলাৰ দক্ষিণপাটৰ বৰজহাত জন্মগ্ৰহণ কৰা মলিন বৰাই বহু কালজয়ী গীত আৰু কেইবাখনো উপন্যাস লিখি সৃষ্টিশীলতাৰ পৰিচয় দাঙি ধৰিছিল ।

গীতিকাৰ গৰাকীৰ সৃষ্টিক জীয়াই ৰাখিবৰ বাবেই এই 'মুকুতাৰ মালা বঁটা' একো একোগৰাকী সমাজ বৰেণ্য ব্যক্তিক প্ৰদান কৰি অহা হৈছে। ২০২৩ বৰ্ষত এই বঁটা প্ৰদান কৰা হৈছিল বৰ্ষীয়ান গীতিকাৰ সূৰ্য কুমাৰ ৰাজাক।

বঁটা প্ৰদান অনুষ্ঠান