/asomiyapratidin/media/media_files/2025/05/05/nWyuUKfyxL2HbLAv3Hsl.jpg)
ডিজিটেল সংবাদ,নগাঁওঃ ৰোগীক চিকিৎসা সাহায্য প্ৰদানৰ বাবে হোমেন বৰগোহাঞিয়ে জন্ম দিয়া কৰুণাধাৰাৰ নগাঁও সহায়ক সমিতিৰ এখনি সভা ৩ মে’ ত নগাঁও কল্লোল ভৱনত অনুষ্ঠানৰ স্থায়ী সভাপতি ডা০ মুকুট গোস্বামীৰ সঞ্চালনাত অনুষ্ঠিত হৈ যায়। সভাপতিক সহায় কৰে মুৰুলী শৰ্মা আৰু উৎপল বৰাই।
আৰম্ভণিতে পেহেলগামত নিহত হোৱা সকলৰ আত্মাৰ সদ্গতিৰ বাবে এক মিনিট মৌন প্ৰাৰ্থনা কৰা হয়।
তাৰ পাছতে সহায়ক সমিতিৰ সদস্য আৰু কল্লোল গোষ্ঠীৰ কিংবদন্তী স্বৰূপ নৌচাদ আখটাৰ হাজৰিকাই অলপতে ক্ৰান্তিকাল সন্মান পোৱাৰ বাবে হৰ্ষধ্বনি কৰাৰ লগতে এখনি ফুলাম গামোছাৰে অভিনন্দন জনোৱা হয়।
এই সভাতেই সাহায্যপ্ৰাপক আমোলাপট্টিৰ ৰাধিকা ৰজকক ১৫ হেজাৰ কপিলী নাৰ্চিংহোমৰ কাষৰ আখটাৰা বেগমক ১০ হেজাৰ ডবকাৰ যমুনাগাঁৱৰ নজৰুল ইছলামক ২০ হেজাৰ ম'হখুলিৰ ওমৰ আলীক ২০হেজাৰ আৰু মম' চৰকাৰক ৯ হেজাৰ টকাৰ চিকিৎসা সাহায্যৰ চেক প্ৰদান কৰা হয়।
সভাৰ শেষৰ ফালে সভাপতি মুকুট গোস্বামীয়ে সভাৰ নিৰসতা ভাঙিবলৈ দুটা সঁচা ঘটনাৰ উদাহৰণেৰে মানুহৰ খং ৰিপুটো কেনেকৈ কমাব পাৰি তাৰ ওপৰত সৰস বৰ্ণনা দিয়ে।এই সমিতিৰ প্ৰতিষ্ঠাকালৰ সম্পাদিকা গীতা ভুঞাইও তেওঁৰ স্বভংগীৰ মোহনীয় কথাৰে সকলোৰে দৃষ্টি আকৰ্ষন কৰে। সভাত কাৰুণ্য ভট্টাচাৰ্য,নানু দাস, ৰীণা দেৱী,ৰঞ্জিতা শৰ্মা,অমিয়া বৰা,জোনালী শৰ্মা,জ্যোতি প্ৰসাদ ভূঞাকে প্ৰমূখ্য কৰি কেবাজনো সদস্য উপস্থিত থাকে।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us