Advertisment

বটদ্ৰৱাৰ ৫০০ বছৰীয়া পুৰণি সত্ৰীয়া সংস্কৃতিক গতিশীল কৰাৰ প্ৰচেষ্টা...

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থান আৰু ইয়াৰ চৌপাশৰ সত্ৰসমূহৰ ৫০০ বছৰীয়া পুৰণি সত্ৰীয়া সংস্কৃতিৰ প্ৰবাহ স্থবিৰ হৈ যোৱাৰ বিপৰীতে পুনৰ গতিশীল কৰি ৰাখিবলৈ প্ৰচেষ্টা হাতত লৈছে শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানে।

author-image
Asomiya Pratidin
New Update
বটদ্ৰৱা

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থান আৰু ইয়াৰ চৌপাশৰ সত্ৰসমূহৰ ৫০০ বছৰীয়া পুৰণি সত্ৰীয়া সংস্কৃতিৰ প্ৰবাহ স্থবিৰ হৈ যোৱাৰ বিপৰীতে পুনৰ গতিশীল কৰি ৰাখিবলৈ প্ৰচেষ্টা হাতত লৈছে শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানে। শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানৰ তত্বাৱধানত সত্ৰ মণ্ডলী বটদ্ৰৱাৰ দ্বাৰা আৰম্ভ হৈছে গীত নৃত্য আৰু বাদ্যৰ প্ৰশিক্ষণ।

Advertisment

বটদ্ৰৱা

উল্লেখ্য যে, গীত নৃত্য আৰু বাদ্যৰ প্ৰাচীন ৰূপটোক আদি পৰ্ব বোলা হয়। এই প্ৰাচীন পৰম্পৰা অক্ষুন্ন ৰাখি, সাংস্কৃতিক সম্পদসমূহ জীয়াই ৰখাৰ সংকল্প লৈ বিশিষ্ট সত্ৰীয়া শিল্পী ৰঞ্জিত মহন্তই ছাত্ৰ, ছাত্ৰী তথা নতুন প্ৰজন্মক প্ৰশিক্ষণ দি উজ্জ্বীৱিত কৰি আজিৰ পৰা আৰম্ভ কৰিছে, এই কাৰ্যসূচী।

মংগল উৰুলিৰ মাজেৰে বটদ্ৰৱা শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানৰ সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱাই এই প্ৰশিক্ষণৰ শুভাৰম্ভ কৰে। ১০ বছৰ উৰ্ধৰ সকলো লোকৰ বাবে মুকলি এই প্ৰশিক্ষণ বিনামূলীয়াকৈ প্ৰদান কৰা হ'ব।

বটদ্ৰৱা

প্ৰতি দেওবাৰে পুৱা ১০ বজাৰ পৰা চলিবলগীয়া এই প্ৰশিক্ষণ বটদ্ৰৱা শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানত চলিব বুলি জানিবলৈ দিছে বটদ্ৰৱা শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানৰ সহকাৰী সম্পাদক তুৱাৰাম বৰুৱাই।

গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানটিত গৱেষণা প্ৰতিষ্ঠানৰ উপ সভাপতি অতুল মহন্ত, মোহন বৰুৱা, জীতেন বৰদলৈ, সুৰুজ হাজৰিকাৰ লগতে শিল্পী দিপাংক গিৰি দেৱ গোস্বামী, লক্ষ্যধৰ তালুকদাৰ, দিব্যজ্যোতি বৰুৱা, নন্দেশ্বৰ হাজৰিকাকে আদি কৰি শতাধিক লোক উপস্থিত থাকে।

বটদ্ৰৱা

বটদ্ৰৱা