ডিজিটেল ডেস্ক: শীতকালত অধিকাংশ লোকক ফটা গোৰোহাৰ সমস্যাই বাৰুকৈয়ে আমনি দিয়ে।এই সময়ছোৱাত ছাল অধিক শুকান আৰু খহটা হৈ পৰে। অৱশ্যে, সঠিক যত্নেৰে আপুনি আপোনাৰ গোৰোহা কোমল আৰু মসৃণ কৰিব ৰাখিব পাৰে। ইয়াৰ বাবে আপোনাক কোনো ব্যয়বহুল সৌন্দৰ্য চিকিৎসাৰ প্ৰয়োজন নাই। কেৱল কিছুমান ঘৰুৱা প্ৰতিকাৰ ব্যৱহাৰ কৰি আপুনি আপোনাৰ ফটা গোৰোহা আকৰ্ষণীয় কৰি ৰাখিব পাৰে।
ফটা গোৰোহা কোমল কৰিবলৈ আপোনাক প্ৰয়োজনীয় উপাদানবোৰ হৈছে-
ভেচেলিন - ১ টেবল চামুচ
নাৰিকল তেল - ১/২ চাহ চামুচ
ভিটামিন ই কেপচুল - ২টা
গলি যোৱা মম - কম পৰিমাণে
এই সকলোবোৰ উপাদান এটা বাটিত সঠিক অনুপাতত মিহলি কৰক। আপুনি মাইক্ৰ'ৱেভত অথবা আন উপায়ৰে এই উপাদানবোৰ কমকৈ গৰম কৰিব। মন কৰিব যাতে মিশ্ৰণটো কুহুমীয়া হৈ থাকে আৰু অত্যাধিক গৰম নহয়। এই মিশ্ৰণটো প্ৰস্তুত কৰাৰ পিছত ইয়াক আপোনাৰ ফাটি যোৱা গোৰোহাত প্ৰয়োগ কৰি ২০ মিনিটৰ বাবে এৰি দিব। নিৰ্দিষ্ট সময়ৰ পিছত গোৰোহাটো চাফা পাতল কাপোৰ এখনৰে মচি পেলাব। এই ঘৰুৱা প্ৰতিকাৰে ছালৰ শুষ্কতা হ্ৰাস কৰি আৰ্দ্ৰতা প্ৰদান কৰিব।ইয়াৰ নিয়মীয়া ব্যৱহাৰে আপোনাৰ ভৰিৰ ছাল স্বাস্থ্যৱান আৰু কোমল কৰি ৰাখিব।
Also Read: ছালক বয়সৰ চাপৰ পৰা বচাই ৰখাৰ সহজ উপায়