Advertisment

আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলাৰ বাবে কাজিৰঙাত প্ৰস্তুতি তুংগত

আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলালৈ দেশী-বিদেশী পৰ্যটন কৰ্মীক আদৰিবলৈ কাজিৰঙাত প্ৰস্তুতি তুংগত হৈ উঠিছে৷গোলাঘাটৰ জিলাৰ আয়ুক্ত, জিলা উন্নয়ন বিষয়া, পৰ্যটন বিভাগৰ শীৰ্ষ বিষয়াকে ধৰি বিভিন্ন শীৰ্ষ নেতৃত্বই প্ৰস্তুতিৰ তদাৰক কৰি আছে৷

author-image
Asomiya Pratidin
New Update
কাজিৰঙা

ডিজিটেল সংবাদ কাজিৰঙাঃ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলালৈ দেশী-বিদেশী পৰ্যটন কৰ্মীক আদৰিবলৈ কাজিৰঙাত প্ৰস্তুতি তুংগত হৈ উঠিছে৷গোলাঘাটৰ জিলাৰ আয়ুক্ত, জিলা উন্নয়ন বিষয়া, পৰ্যটন বিভাগৰ শীৰ্ষ বিষয়াকে ধৰি বিভিন্ন শীৰ্ষ নেতৃত্বই প্ৰস্তুতিৰ তদাৰক কৰি আছে৷

Advertisment

বছৰ বছৰ ধৰি অৱহেলিত হৈ থকা কঁহৰা চাৰিআলি সম্প্ৰতি ষ্ট্ৰীট লাইটৰ পোহৰত উজ্জ্বলি উঠিছে৷ দিন-ৰাতি একাকাৰ কৰি কাজিৰঙাত বিভিন্ন নিৰ্মাণকাৰ্য কৰা থকা হৈছে৷

আনকি, গোলাঘাটৰ আয়ুক্তৰ ধমক খাই গোলাঘাট পশ্চিম উন্নয়ন খণ্ড, বোকাখাতৰ খণ্ড উন্নয়ন বিষয়া বিহংগী ভাগৱতী দাসেও কামকাজৰ চোৱাচিতা কৰিবলৈ বাধ্য হৈছে৷ আনহাতে, আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলাত অংশগ্ৰহণ কৰিবলগীয়া অতিথি সকলক আপ্যায়নৰ ব্যৱস্থা কৰা আয়’ৰা ৰিজ'ৰ্টখনতো নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে৷

কাজিৰঙা

উল্লেখ্য যে অহা ২৬ নৱেম্বৰৰ পৰৰ কাজিৰঙাত তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে দ্বাদশ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলা-২০২৪৷ দেশ-বিদেশৰ বিভিন্ন প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিবলগীয়া এই আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলা ২৭ নৱেম্বৰত আনুষ্ঠানিকভাৱে মুকলি কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷

উল্লেখ্য যে ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰালয়ে ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় উভয় পৰ্যটকৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটনৰ সম্ভাৱনাক আলোকপাতৰ উদ্দেশ্যে বছৰি আন্তঃৰাষ্ট্ৰীয় টুৰিজিম মাৰ্ট অনুষ্ঠিত কৰি আহিছে। এই অনুষ্ঠানে উত্তৰ-পূৰ্বাঞ্চলৰ আঠোখন ৰাজ্য যথা— অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা আৰু ছিকিমৰ পৰ্যটন ব্যৱসায়ী আৰু উদ্যোগীসকলক একত্ৰিতকৰণেৰে ক্ৰেতা, বিক্ৰেতা, সংবাদ মাধ্যম, চৰকাৰী সংস্থা আৰু আন-আন অংশীদাৰসকলৰ মাজত সহযোগিতা আৰু সমন্বয়ৰ বৰ্ধনৰ ক্ষেত্ৰত এখনি গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে কাম কৰি আহিছে।

বৈচিত্ৰ্যময় ভূ-প্ৰকৃতি, চহকী উদ্ভিদ আৰু প্ৰাণীকূল, স্পন্দনশীল নৃগোষ্ঠীয় সমাজ, প্ৰাচীন পৰম্পৰা, উৎসৱ আৰু প্ৰচুৰ কলা আৰু শিল্পকৰ্মৰ বাবে বিখ্যাত এটি অঞ্চলত দ্বাদশ আইটিএম অনুষ্ঠিত হ’ব। ইউনেস্ক’ ক্ষেত্ৰ আৰু এটা খড়্গ থকা গঁড়ৰ বাসস্থান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে এই অনুষ্ঠানৰ আকৰ্ষণ অধিক বৃদ্ধি কৰিব।

এই মাৰ্টৰ দ্বাদশ সংস্কৰণৰ বিষয়ে সংবাদ মাধ্যমক অৱগত কৰি আজি ইয়াত পৰ্যটনৰ মহা নিৰ্দেশক (DG) মুগ্ধা সিনহাই অৱগত কৰে যে, এই অনুষ্ঠানত প্ৰায় ৪০০ অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণৰ সম্ভাৱনা আছে। ইয়াৰ ভিতৰত আছে আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা ট্যুৰ অপাৰেটৰ, হোটেলাৰ আৰু হোমষ্টেৰ গৰাকী, পৰ্যটন সেৱা প্ৰদানকাৰী, ইনফ্লুয়েন্সাৰ আৰু অপিনিয়ন মেকাৰ, ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰসমূহৰ জ্যেষ্ঠ বিষয়া, সংবাদ মাধ্যম আৰু আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ-ছাত্ৰী আদি।

ডিজিয়ে লগতে জনায় যে উক্ত তিনি-দিনীয়া মাৰ্টত ৰাজ্য চৰকাৰসমূহৰ প্ৰেজেনটেচন, বি টু বি মিটিং, পেনেল আলোচনা, খাদ্য-সম্ভাৰ প্ৰদৰ্শন, সাংস্কৃতিক সন্ধিয়া, লাইভ মিউজিক, এখন নৰ্থ-ইষ্ট বজাৰ আৰু উল্লেখযোগ্য ক্ষেত্ৰ যথাঃ চৰাইদেউৰ মৈদাম (ভাৰতৰ নতুন আৰু ৪৩ সংখ্যক ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ), কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (ৰাষ্ট্ৰীয় উদ্যান হিচাপে ৫০ বছৰ উদযাপন), হাতীখুলি চাহ বাগিচা তথা অৰ্কিড আৰু জৈৱ-বৈচিত্ৰ্য উদ্যান কাৰিকৰীভাৱে দৰ্শনকে প্ৰমুখ্য কৰি একাধিক অনুষ্ঠান অনুষ্ঠিত হ’ব।

লগতে উত্তৰ-পূৰ্বাঞ্চলত অধ্যয়নৰত আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ-ছাত্ৰী আৰু সমগ্ৰ বিশ্বৰ ইনফ্লুয়েন্সাৰসকলক জড়িতকৰণেৰে তেওঁলোকক অঞ্চলটোৰ চহকী সংস্কৃতিৰ প্ৰত্যক্ষ অন্তৰ্দৃষ্টি প্ৰদান কৰিব। কাজিৰঙাত এই মাৰ্টৰ আয়োজনে পৰ্যটন মন্ত্ৰালয়ৰ ট্ৰেভেল ফৰ লাইফ পদক্ষেপৰে সংগতিপূৰ্ণ বহনক্ষমতাৰ প্ৰতি গভীৰ অংগীকাৰক প্ৰতিফলিত কৰিব বুলি উল্লেখেৰে ডিজিয়ে কয় যে পাৰিপাৰ্শ্বিক প্ৰভাৱ হ্ৰাস, শক্তি-দক্ষ পন্থাৰ প্ৰয়োগ আৰু এবাৰ-ব্যৱহৃত প্লাষ্টিক নিৰ্মূলৰ লক্ষ্যৰে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

মাৰ্টৰ সময়ছোৱাত পৰিবহণ ব্যৱস্থা সমৰ্পিত শ্বাটল সেৱাৰ জৰিয়তে সহজ কৰি তোলা হ’ব, যিয়ে পৰ্যটনক প্ৰকৃতিৰ সৈতে সামঞ্জস্যকৰণ আৰু এটি স্থায়ী, ইতিবাচক লিগেছী নিশ্চিতকৰণৰ অৰ্থে মন্ত্ৰালয়ৰ নিষ্ঠাকে প্ৰতিফলিত কৰিব বুলিও তেওঁ লগতে কয়৷

কাজিৰঙা