Advertisment

কাজিৰঙা ফুটবল একাডেমী গঠনঃ ফুটবল,জাৰ্চি প্ৰদান...

কাজিৰঙাৰ প্ৰীতম মুণ্ডা, কৃষ্ণ কিলিং আদি কেইজনমান উদীয়মান যুৱকৰ উদ্যোগত আজি গঠন হ’ল কাজিৰঙা ফুটবল একাডেমী৷ এই উপলক্ষে আজি গেলেকী খেলপথাৰত এক অনুষ্ঠান অনুষ্ঠিত হয়৷

author-image
Asomiya Pratidin
New Update
কাজিৰঙা ফুটবল একাডেমী গঠনঃ ফুটবল,জাৰ্চি প্ৰদান...

কাজিৰঙা ফুটবল একাডেমী গঠনঃ ফুটবল,জাৰ্চি প্ৰদান...

ডিজিটেল সংবাদ কাজিৰঙাঃ কাজিৰঙাৰ প্ৰীতম মুণ্ডা, কৃষ্ণ কিলিং আদি কেইজনমান উদীয়মান যুৱকৰ উদ্যোগত আজি গঠন হ’ল কাজিৰঙা ফুটবল একাডেমী৷ এই উপলক্ষে আজি গেলেকী খেলপথাৰত এক অনুষ্ঠান অনুষ্ঠিত হয়৷

Advertisment

বৃহত্তৰ কাজিৰঙা সংবাদ মঞ্চৰ কাৰ্যকৰী সভাপতি তথা কাজিৰঙা অধ্যয়ন চক্ৰৰ অধ্যক্ষ, সাংবাদিক ধ্ৰুৱজ্যোতি সাহাই আঁত ধৰা অনুষ্ঠানত কাজিৰঙা নিৱাসী সমাজকৰ্মী দেৱপ্ৰদীপ বৰাই কয় যে খেলুৱৈসকলে ৰাগীয়াল বস্তুৰ পৰা আঁতৰত থাকি দৈনিক কচৰৎ কৰিব লাগিব৷ খেলুৱৈসকলে দীঘলীয়া সপোন দেখিব লাগিব বুলিও তেওঁ উল্লেখ কৰে৷

অনুষ্ঠানত অৱসৰপ্ৰাপ্ত শিক্ষক তথা দবা খেলৰ জ্যেষ্ঠ ৰাষ্ট্ৰীয় আৰবিটাৰ দায়েৰী প্ৰসাদ উপাধ্যায়, জ্যেষ্ঠ ফুটবল খেলুৱৈ দশৰথ মুণ্ডা উপস্থিত থকা অনুষ্ঠানত সমাজকৰ্মী দেৱপ্ৰদীপ বৰাই কাজিৰঙা ফুটবল অকাডেমীৰ ৩০ গৰাকী খেলুৱৈক ফুটবল-জাৰ্চি প্ৰদান কৰে৷ 

ফুটবল কাজিৰঙা