Advertisment

চিত্ৰ পৰিচালক হেমচন্দ্ৰ বৰাৰ অভিনন্দন গ্ৰন্থ "জীৱন বৈভৱ" উন্মোচন

কাজিৰঙাৰ হেমচন্দ্ৰ বৰাৰ অভিনন্দন গ্ৰন্থ আজি কাজিৰঙাত উন্মোচন কৰা হয়৷ ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত চিত্ৰ পৰিচালক, গল্পকাৰ, নাট্যকাৰ, সমাজ সচেতন তথা কাজিৰঙা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ হেমচন্দ্ৰ বৰাৰ অভিনন্দন গ্ৰন্থ "জীৱন বৈভৱ" দুলাল ৰয়ে উন্মোচন কৰে।

author-image
Asomiya Pratidin
New Update
গ্ৰন্থ উন্মোচন

ডিজিটেল সংবাদ কাজিৰঙাঃ কাজিৰঙাৰ সমাজ জীৱনৰ বাবে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা হেমচন্দ্ৰ বৰাৰ এখন অভিনন্দন গ্ৰন্থ আজি কাজিৰঙাত উন্মোচন কৰা হয়৷ কাজিৰঙাৰ সুসন্তান ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত চিত্ৰ পৰিচালক, গল্পকাৰ, নাট্যকাৰ, সমাজ সচেতন তথা কাজিৰঙা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ হেমচন্দ্ৰ বৰাৰ অভিনন্দন গ্ৰন্থ "জীৱন বৈভৱ" আজি কাজিৰঙাৰ চেৰেনিটি পুখুৰীৰ পাৰত নটসূৰ্য ফণীশৰ্মা বঁটা প্ৰাপক দুলাল ৰয়ে এক গম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰে।

Advertisment

 

মনোজ কুমাৰ ভট্টাচাৰ্য আৰু হেমন্ত কুমাৰ দাসে সম্পদনা কৰা তথা শিল্পীৰ পৃথিৱী গোষ্ঠীয়ে প্ৰকাশ কৰি উলিওৱা গ্ৰন্থখন আজি কাজিৰঙাৰ গেলেকীত অৱস্থিত চেৰেনিটি পুখুৰী পাৰত হেমচন্দ্ৰ বৰাৰ ৫০ সংখ্যক বিবাহ বাৰ্ষিকী অনুষ্ঠানত বিশিষ্ট অভিনেতা সঞ্জীৱ হাজৰিকা, অসম নাট্য সন্মিলনৰ প্ৰাক্তন সভাপতি কৰুণজিৎ শইকীয়া, বোকাখাত পুৱতি সাহিত্য সভাৰ সভাপতি অপূৰ্ব বৰদলৈ, গায়ক সদানন্দ গগৈ, সমাজকৰ্মী দেৱপ্ৰদীপ বৰা, বেংগলুৰৰ লিখক জয়ন্ত শৰ্মা, আবৃত্তিকাৰ বিদ্যুৎ কুমাৰ ভূঞা, বেহাৰবাৰী আউট প'ষ্টৰ দীপক কুমাৰ ৰয়, বোকাখাত মহকুমা সাংবাদিক সন্থাৰ সভাপতি বুবুল দত্ত, পৰিচালক প্ৰবীণ হাজৰিকা, টেনিছ খেলুৱৈ সুৰজিৎ বৰুৱা, বৃহত্তৰ কাজিৰঙা সংবাদ মঞ্চৰ সভাপতি স্বপন নাথ, কাৰ্যকৰী সভাপতি ধ্ৰুৱজ্যোতি সাহা, উপ সভাপতি বিতোপন মাজি, ৰাজ্যিক বঁটা প্ৰাপক শিক্ষক যতীন বৰদলৈ, সমাজকৰ্মী বিপন গগৈ, কবি জিনা গগৈ,  কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সাহিত্য সভাৰ সভাপতি তৰুণ ৰাজখোৱা, বোকাখাত প্ৰেছ ক্লাৱৰ সভাপতি ভবানন্দ কলিতা, সম্পাদক উত্তম শইকীয়া, কাজিৰঙা চাইক্লিং ক্লাবৰ সভাপতি হৰিপ্ৰসন্ন গগৈ, কাজিৰঙা চিত্ৰ কলা বিদ্যালয়ৰ সম্পাদক ডায়েৰী প্ৰসাদ উপাধ্যায়, কাজিৰঙা টুৰিজিম ডেভেলপমেন্ট চচাইটিৰ সভাপতি তৰুণ গগৈকে ধৰি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শুভাকাংক্ষীৰ উপস্থিতিত অভিনন্দন গ্ৰন্থখন উন্মোচন কৰা হয়৷

কাজিৰঙাত গ্ৰন্থ উন্মোচন

উল্লেখ্য যে কাজিৰঙা অঞ্চলৰ প্ৰথমজন বিজ্ঞান স্নাতকোত্তৰ ডিগ্ৰীধাৰী হেমচন্দ্ৰ বৰাই দহটা বছৰে কোনো পাৰিতোষিক নোলোৱাকৈ কাজিৰঙা মহাবিদ্যালয়ৰ অধ্যক্ষৰ দায়িত্ব পালন কৰাৰ লগতে চৰকাৰীকৰণ কৰি বৃহত্তৰ কাজিৰঙা অঞ্চলৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান গঢ়ি তুলিবলৈ সক্ষম হৈছিল। হেমচন্দ্ৰ বৰা এজন ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত চিত্ৰ পৰিচালক হিচাপে পৰিচিত।

তেখেত ইতিমধ্যে সন্ধান, নিয়তি, নিশাৰ চকুলো, সংকল্প, চকুলো,দিবাস্বপ্ন, হাৰিকেন কথাছবিৰ উপৰি কেইবাখনো ধাৰাবাহিক, চুটি তথ্যচিত্ৰ নিৰ্মাণ কৰি দেশ-বিদেশত প্ৰশংসিত হৈছে৷ বৰ্তমান ঝংকাৰ নামৰ এখন চিনেমা নিৰ্মাণৰ কামত ব্যস্ত হৈ আছে ৭৮ বছৰীয়া কাজিৰঙাৰ তৰুণ হেমচন্দ্ৰ বৰা।

 

ইয়াৰ উপৰি ১৯৭৯ চনত একেবাৰে নিজ আৰু নতুন ধাৰণা তথা পৰিকল্পনাৰে শিল্প-সাহিত্য-সংস্কৃতি বিষয়ক "শিল্পীৰ পৃথিৱী" নামকৰণেৰে এখন মাহেকীয়া আলোচনীৰ জন্ম দি নিজৰ তত্বাৱধানত সুদীৰ্ঘ ২৫ টা বছৰ সম্পাদনা কৰি পঢ়ুৱৈ সমাজলৈ আগবঢ়াই দিছিল৷ অতি গুৰুত্বপূৰ্ণ কথা যে বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰী লোৱাৰ পাছতেই ফিলিপাইনৰ ৰাজধানী মেনিলাত বিশ্ব স্বাস্থ্য সংস্থাত চাকৰি লাভ কৰাৰ পাছতো নিজৰ ঠাইত কিবা এটা কৰাৰ হেঁপাহত চাকৰি প্ৰত্যাখ্যান কৰিছিল। 

অন্যহাতে নিজৰ দৃষ্টিধৰ্মী তাড়নাৰ বাবে গুৱাহাটীৰ কমাৰ্চ কলেজৰ প্ৰবক্তাৰ চাকৰি ত্যাগ কৰি শিল্পীৰ পৃথিৱীত নিয়োজিত হৈ পৰিছিল৷ হেমচন্দ্ৰ বৰাই কেৱল ছবি নিৰ্মাণ কৰি ক্ষান্ত থকা নাই৷ "সপোনৰ শুকুলা ঘোঁৰা" আৰু "স্তব্ধ প্ৰহৰ" নামৰ দুখন সুন্দৰ উপন্যাস লিখি অসমীয়া সাহিত্যৰ ভৰাৰ চহকী কৰিছে।

কাজিৰঙাত গ্ৰন্থ উন্মোচন

আজিৰ গ্ৰন্থ উন্মোচন তথা ৫০ সংখ্যক বিবাহ বাৰ্ষিকী অনুষ্ঠানত কাজিৰঙা তথা ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিশিষ্ট লোকে বক্তব্য আগবঢ়োৱাৰ লগতে গীত, নৃত্য, কবিতা পাঠ আদিৰে অনুষ্ঠান মুখৰিত কৰি তোলা পৰিলক্ষিত হয়৷ বিশিষ্ট সাংবাদিক তথা হেমচন্দ্ৰ বৰাৰ জী, জোঁৱাই অভিজিৎ গগৈৰ লগতে পৰিয়ালৰ প্ৰতিগৰাকী লোকে হেমচন্দ্ৰ বৰা আৰু তেখেতৰ সহধৰ্মিনী জলি বৰাক উষ্ম সম্ভাষণ জনায়৷

 শতাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত হোৱা বিশেষ অনুষ্ঠানটিত উপস্থিত থাকি আপ্লুত হৈ পৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা উপস্থিত হোৱা অতিথিসকল৷

কাজিৰঙা গ্ৰন্থ উন্মোচন