Advertisment

কাজিৰঙা অধ্যয়ন চক্ৰৰ উদ্যোগত সংবিধান দিৱস উদ্‌যাপন

কাজিৰঙা অধ্যয়ন চক্ৰৰ উদ্যোগত আজি কাজিৰঙা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত সংবিধান দিৱস উদ্‌যাপন কৰা হয়৷ এই অনুষ্ঠানটিৰ আঁত ধৰে কাজিৰঙা অধ্যয়ন চক্ৰৰ সাংগঠনিক সচিব জোনমণি কৰ্মকাৰে৷

author-image
Asomiya Pratidin
New Update
কাজিৰঙা অধ্যয়ন চক্ৰৰ উদ্যোগত সংবিধান দিৱস উদ্‌যাপন

ডিজিটেল সংবাদ কাজিৰঙাঃ কাজিৰঙা অধ্যয়ন চক্ৰৰ উদ্যোগত আজি কাজিৰঙা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত সংবিধান দিৱস উদ্‌যাপন কৰা হয়৷ চৰকাৰী আদৰ্শ মহাবিদ্যালয়, কাজিৰঙা আৰু কাজিৰঙা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহযোগত আয়োজন কৰা অনুষ্ঠানটিৰ আঁত ধৰে কাজিৰঙা অধ্যয়ন চক্ৰৰ সাংগঠনিক সচিব জোনমণি কৰ্মকাৰে৷

Advertisment

কাজিৰঙা অধ্যয়ন চক্ৰই বিগত দুটা বছৰে বৃহত্তৰ কাজিৰঙা অঞ্চলৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত কৰি অহা বিভিন্ন সামাজিক, সাংস্কৃতিক, শৈক্ষিক বিষয় সন্দৰ্ভত স্পষ্ট কৰে জোনমণি কৰ্মকাৰে৷ অনুষ্ঠানৰ আৰম্ভণিতে অসম সংগীত পৰিৱেশন কৰা হয়৷

ইয়াৰ পাছতেই সংগঠনটোৰ আন এগৰাকী সাংগঠনিক সচিব তৰালি শইকীয়াই সংবিধান দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে৷ ১৯৪৯ চনৰ ২৬ নৱেম্বৰত বিশ্বৰ আটাইতকৈ দীৰ্ঘতম আমাৰ দেশৰ সংবিধান গৃহীত হোৱা দিনৰ পৰা আজি পৰ্যন্ত কি কি পৰ্যায়ৰ মাজেৰে সংবিধানে গতি লৈছে সেই সম্বন্ধে তৰালি শইকীয়াই বক্তব্য আগবঢ়ায়৷

কাজিৰঙা অধ্যয়ন চক্ৰৰ উদ্যোগত সংবিধান দিৱস উদ্‌যাপন

অনুষ্ঠানত কাজিৰঙা অধ্যয়ন চক্ৰৰ অধ্যক্ষ তথা সাংবাদিক ধ্ৰুৱজ্যোতি সাহাই আদৰণি ভাষণৰ যোগেদি সম্প্ৰতি চৰকাৰী পৃষ্ঠপোষকতাতে যে সংবিধান অসুৰক্ষিত হৈ পৰিছে সেই সম্বন্ধে বক্তব্য আগবঢ়ায়৷ সাহাই কয় যে চৰকাৰে যিবোৰ সা-সুবিধা সাধাৰণ জনগণক দিয়ে সেয়া লাভ কৰাটো জনগণৰ অধিকাৰ৷

চৰকাৰে যদি দয়া কৰিছোঁ বুলি ভাবে, সেয়া প্ৰকৃততে চৰকাৰী পক্ষক ৰাইজে বুজাই তুলিব লাগে যে কল্যাণকামী ৰাষ্ট্ৰ হিচাপে সেয়া চৰকাৰৰ দায়িত্ব৷ উঠি অহা প্ৰজন্মই সংবিধানৰ বিষয়বোৰ বুজি উঠি এখন সুস্থ সমাজ আগবাঢ়ি আহিব লাগে বুলিও ধ্ৰুৱজ্যোতি সাহাই আদৰণি ভাষণযোগে স্পষ্ট কৰে৷

কাজিৰঙা অধ্যয়ন চক্ৰৰ উদ্যোগত সংবিধান দিৱস উদ্‌যাপন

ইপিনে, অনুষ্ঠানত বিশিষ্ট অতিথিৰ আসনৰ পৰা কাজিৰঙা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰাজুমণি শইকীয়া, বৃহত্তৰ কাজিৰঙা সংবাদ মঞ্চৰ সভাপতি তথা জ্যেষ্ঠ সাংবাদিক স্বপন নাথ, চৰকাৰী আদৰ্শ মহাবিদ্যালয়, কাজিৰঙাৰ সহকাৰী অধ্যাপক মনজিৎ গগৈয়ে সাৱলীল বক্তব্য আগবঢ়ায়৷ সাংবাদিক স্বপন নাথে সংবিধান দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকল উপকৃত হোৱাকৈ কেইবাটাও প্ৰাসংগিক বিষয় তুলি ধৰে৷

অনুষ্ঠানত সহকাৰী অধ্যাপক মনজিৎ গগৈয়ে কাজিৰঙা অধ্যয়ন চক্ৰৰ প্ৰয়াসক ভূয়সী প্ৰশংসা কৰে৷ তেখেতে সাংবিধানিক বিষয়বোৰ সম্বন্ধেও সাৱলীলভাৱে সকলোৰে সন্মুখত প্ৰকাশ কৰে৷

অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকি চৰকাৰী আদৰ্শ মহাবিদ্যালয়, কাজিৰঙাৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড° পৰিমিতা ভূঞা সাংবিধানিক চৰকাৰ আৰু সংবিধান দিৱসৰ তাৎপৰ্য সন্দৰ্ভত বিশদ ব্যাখ্যা আগবঢ়ায়৷ তেখেতে কয় যে, চৰকাৰী ব্যৱস্থাটোৱে যাতে যিহকে ইচ্ছা সেয়াই কৰিব নোৱাৰে তাৰ বাবেই নাগৰিকক সুৰক্ষা দিবলৈ সংবিধানৰ প্ৰয়োজন৷

আমাৰ দেশৰ সাংবিধানিক ব্যৱস্থাই নাগৰিকৰ অধিকাৰ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত অহোপুৰুষাৰ্থ কৰিছে৷ আনহাতে, কোনোবা চৰকাৰে নাগৰিকৰ অধিকাৰৰ বিপৰীতে গ'লেই সৰ্বোচ্চ ন্যায়ালয়ে কি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে, সেই সম্বন্ধেও বিস্তৃত ব্যাখ্যা আগবঢ়ায়৷

চৰকাৰী আদৰ্শ মহাবিদ্যালয়, কাজিৰঙা আৰু কাজিৰঙা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শতাধিক শিক্ষাৰ্থীৰ উপস্থিতিত অনুষ্ঠানত শলাগৰ শৰাইৰ জৰিয়তে কাজিৰঙা অধ্যয়ন চক্ৰৰ সাংগঠনিক সচিব অজানিতা হাজৰিকাই কয় যে, আমি স্বাধীনভাৱে চিন্তা কৰিব পৰাৰ মূলতেই হ'ল আমাৰ সংবিধান৷ সেয়ে সকলো স্তৰৰ লোকে সংবিধানৰ বিষয়বোৰ শিকি বুজি লৈ এখন সুস্থ সমাজ গঢ়াত অগ্ৰসৰ হোৱা উচিত৷

সংবিধান দিৱস 'কাজিৰঙা অধ্যয়ন চক্ৰ'