Advertisment

কেন্দ্রীয় মন্ত্রী ড° বীৰেন্দ্ৰ কুমাৰৰ কাৰ্বি আংলং ভ্ৰমণ...

আজি কাৰ্বি আংলং জিলাত উপস্থিত হয় কেন্দ্ৰীয় ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী বীৰেন্দ্ৰ কুমাৰ। তেওঁ জিলাখনৰ বিভিন্ন প্ৰান্তত ৰূপায়িত কেন্দ্রীয় চৰকাৰৰ উন্নয়ন মূলক আঁচনিসমূহৰ বুজ লয়। 

author-image
Asomiya Pratidin
New Update
কেন্দ্ৰীয় মন্ত্ৰীৰ কাৰ্বি আংলং ভ্ৰমণ

ডিজিটেল সংবাদ হাওৰাঘাটঃ আজি কাৰ্বি আংলং জিলাত উপস্থিত হয় কেন্দ্ৰীয় ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী বীৰেন্দ্ৰ কুমাৰ। তেওঁ জিলাখনৰ বিভিন্ন প্ৰান্তত ৰূপায়িত কেন্দ্রীয় চৰকাৰৰ উন্নয়ন মূলক আঁচনিসমূহৰ বুজ লয়। 

Advertisment

জিলাখন ভ্ৰমণ কৰি কেন্দ্ৰীয় চৰকাৰৰ এই আঁচনিসমূহৰ জৰিয়তে গঞা ৰাইজে উপকৃত হৈছে নে নাই আৰু উক্ত আচঁনিসমূহ সফল ভাৱে ৰূপায়ণ হৈছে নে নাই ইত্যাদি বিষয়সমূহো নিৰীক্ষণ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

আজি তেওঁ কাৰ্বি আংলঙ জিলাৰ ছামেলাংছু উন্নয়ন খণ্ডৰ অন্তৰ্গত থকা লাংটুক ৰংফাৰ গাওঁ ভ্ৰমণ কৰে। ইয়াত তেওঁ সকলো চৰকাৰী আঁচনিৰ নিৰীক্ষণ কৰি গঞা ৰাইজৰ সৈতে এক সভাতো অংশগ্ৰহন কৰে।

 কেন্দ্রীয় মন্ত্রী গৰাকীৰ লগত সংগ দিয়ে ডিফু লোকসভা সমষ্টিৰ সাংসদ অমৰছিং তিছ', কাৰ্বি আংলঙ স্বায়ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য লুনছিং টেৰণ, সদস্য পৱন কুমাৰ ৰায়, জিলা আয়ুক্ত নিৰলা ফাংচপী'কে আদি কৰি বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত থাকে ।

কেন্দ্ৰীয় চৰকাৰ চৰকাৰী আঁচনি