Advertisment

কাৰ্বি আংলঙত চলি আছে অবৈধ ৰেট হল মাইনিংঃ গৰাকীৰ নাম শুনি ঘূৰি আহিল আৰক্ষীৰ দল...

চৰকাৰীভাৱে কাৰ্বি আংলং জিলাত নাই এটাও কয়লাখনি। তাৰ পাছতো জিলাখনৰ ভিন্ন স্থানত গঢ় লৈ উঠিছে অবৈধ কয়লা খনি। এনে কয়লাখনিত চলি আছে অবৈধ ৰেট হল মাইনিং, মুকলিকৈ চলিছে সৰবৰাহ।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
কাৰ্বি আংলঙত চলি আছে অবৈধ ৰেট হল মাইনিংঃ গৰাকীৰ নাম শুনি ঘূৰি আহিল আৰক্ষীৰ দল...

ডিজিটেল ডেস্কঃ

Advertisment

 

অবৈধ কয়লাখনিৰ ৰেট হল মাইনিং বন্ধ কৰাৰ বাবে অসম আৰক্ষীয়ে সিংহৰ দৰে গৰ্জন দিলেও কাৰ্যত সেই গৰ্জনে এনে অবৈধ, অসাধু ব্যৱসায়ীৰ যে নোম এডালো লৰাব নোৱাৰে সেয়া পুনৰ এবাৰ প্ৰমাণ হৈছে পূব কাৰ্বি আংলং জিলাত। জিলাৰ নাকৰ তলতে বছৰ বছৰ ধৰি কেইবাটাও কয়লাখনিত খনন আৰু ইয়াৰ পৰা মুক্তভাৱে সৰবৰাহ হৈ আহিছে। 

কিন্তু আশ্চৰ্যজনকভাৱে জিলাখনত চৰকাৰী ভাৱে নাই এটাও কয়লাখনি। এনে পৰিস্থিতিত নিশ্চয়কৈ কাৰো বুজিবলৈ বাকী নাই এই কয়লাখনিকেইটাত যে অবৈধভাৱে গঢ় লৈ উঠিছে আৰু ইয়াত অবৈধভাৱে খনন অব্যাহত আছে। 

শেহতীয়াকৈ ডিমা হাচাও জিলাত অবৈধ কয়লাখনিত ৰেট হল মাইনিং কৰাৰ সময়তে বহু কেইজন শ্ৰমিকৰ জীৱনলৈ অমানিশা নামি আহিছিল। ইয়াৰ পাছতে ৰাজ্যজুৰি হোৱা প্ৰতিক্ৰিয়া আৰু প্ৰতিবাদৰ বাবেই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সকলো ৰেট হল মাইনিং বন্ধ কৰাৰ লগতে এইসমূহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ হুংকাৰ দিছিল।

মুখ্যমন্ত্ৰীয়ে এনে কঠোৰ বাৰ্তা দিয়াৰ পিছতে ৰাজ্যৰ বিয়োগাম আৰক্ষী বিভাগটোও সাৰ পাই উঠিছিল। আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে সকলো অবৈধ খনিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ হুংকাৰ দিয়াৰ লগতে অভিযান আৰম্ভ কৰাৰ নিৰ্দেশ দিছিল। ৭ দিনৰ ভিতৰত অবৈধ কয়লাখনি বন্ধৰ কঠোৰ নিৰ্দেশ দিয়া জি পি সিঙে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ আগলৈকে যেন সকলো দেখিও চকু বন্ধ কৰি আছিল।

সেয়ে হয়তো এতিয়া মুখ্যমন্ত্ৰীৰ কথাক অনুসৰণ কৰিয়েই মুকলিকৈ কয়লাখনিৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিও চূড়ান্ত ব্যৰ্থ হোৱাই নহয়, অবৈধ কয়লাখনিত আৰক্ষীৰ বৃহৎ দল উপস্থিত হৈয়ো ভিজা মেকুৰিৰ দৰে ঘূৰি আহিবলৈ বাধ্য হৈছে। প্ৰাপ্ত খবৰ মতে, পূব কাৰ্বি আংলং জিলাত অব্যাহত আছে কয়লাৰ ৰেট হল মাইনিং। কাৰ্বি আংলং আৰক্ষীৰ জ্ঞাতেই চলি আছে এই অবৈধ খনন। 

জানিব পৰা মতে এনে তিনিটা অবৈধ কয়লাখনি বন্ধ কৰিবলৈ ডিফুৰ পৰা বৃহস্পতিবাৰে যোৱা আৰক্ষী বাহিনীয়ে কেৱল ক্ষেত্ৰ পৰিদৰ্শন কৰিয়েই ঘূৰি আহিবলৈ বাধ্য হয়। তেওঁলোকে সম্পূৰ্ণ অবৈধ বুলি জানিও এই কয়লা খনিৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাকৈ ঘূৰি আহিবলৈ বাধ্য হৈছে।

পূব কাৰ্বি আংলং জিলাৰ ডিলাই থানাৰ অন্তৰ্গত কয়লাজানত আছে এই কয়লাখনি কেইটা। অভিযানকাৰী আৰক্ষীৰ দলটোক  কয়লাখনি কেইটাত নিয়োজিত হৈ থকা লোকসকলে জনোৱা অনুসৰি ইয়াৰ সৈতে কাৰ্বি আংলং জিলাৰ খোদ চি ই এম গৰাকী জড়িত হৈ আছে। তেওঁৰ দ্বাৰা নিয়োজিত কৰা একাংশ এজেণ্টৰ জৰিয়তে এই অবৈধ কয়লাখনিত খনন চলি আহিছে।সেয়ে আৰক্ষীৰ দলটোৱে কোনো ব্যৱস্থা গ্ৰহণ নকৰাকৈ কয়য়া খনি কেইটা পৰিদৰ্শন কৰিয়েই ঘূৰি আহিবলৈ বাধ্য হয়। 

সম্পূৰ্ণ বেআইনী ভাৱে চলি থকা এই কয়লাখননৰ বাবে যিদৰে অনুমতি নাই সেইদৰে ইয়াৰ সৰবৰাহৰ বাবেও ব্যৱহাৰ নহয় চালান। ফলত চৰকাৰেও ইয়াৰ সম্পূৰ্ণ ৰাজহ হেৰুৱাইছে। ডিমা হাছাওৰ উমৰাংছুত যদিও বেআইনী ভাৱে অবৈধ খনন চলিছিল তথাপিও ইয়াত অবৈধভাৱে হ'লেও এক প্ৰক্ৰিয়া অনুসৰণ কৰা হৈছিল।

এই বেআইনী কয়লাখনিৰ পৰা কয়লা সৰবৰাহৰ বাবে এ এম ডি চিৰ পৰা চালান সংগ্ৰহ কৰিছিল। কিন্তু ইয়াত তেনে কোনো ব্যৱস্থাই নাই। 

এই কয়লাখনি কেইটাই অঞ্চলটোৰ জন জীৱনো বিপৰ্যস্ত কৰি তোলাৰ অভিযোগ কৰিছে স্থানীয় লোকে। অঞ্চলটোৰ এগৰাকী যুৱকে মুকলিকৈয়ে সংবাদ মাধ্যমৰ আগত এই অবৈধ কয়লাখনি কেইটাই অঞ্চলটোৰ লোকসকলৰ মাজত বিভিন্ন ৰোগৰ সৃষ্টি কৰাৰ লগতে ইয়াৰ প্ৰদূষণে অঞ্চলটোক বেয়াকৈ প্ৰভাৱিত কৰিছে বুলি অভিযোগ কৰিছে।

কয়লাৰ দ্বাৰা প্ৰদূষিত বায়ু গ্ৰহণ কৰি অঞ্চলটোৰ শিশুৰ পৰা বৃদ্ধলৈকে মানুহবোৰ অসুস্থ হৈ পৰিছে। চকুত বিভিন্ন ৰোগে দেখা দিছে। এগৰাকী জ্যেষ্ঠ নাগৰিক তথা কৃষকে আকৌ অভিযোগ কৰি কয়, এই কয়লাখনি কেইটা বন্ধ কৰিব লাগে।

কয়লাখনি কেইটাৰ বাবেই তেওঁলোকে পানী খাব নোৱাৰা হৈ পৰিছে। অঞ্চলটোৰ খোৱা পানীৰ সোৱাদ টেঙা আৰু পানীৰ ওপৰত তেলৰ প্ৰলেপ পৰিছে। শাক-পাচলিৰ কথা বাদেই বাঁহ, তামোল আদিও মৰিবলৈ আৰম্ভ কৰিছে।

তেওঁলোকৰ উশাহ লোৱাত কষ্ট হোৱাৰ লগতে ডিঙি আৰু বুকুৰ বিষ অনুভৱ কৰিছে বুলি জনাইছে। কয়লাখনি কেইটাৰ পৰা মুক্তভাৱে খনন কৰাৰ পূৰ্বে অঞ্চলটোত এনে সমস্যা নাছিল বুলিও জনাইছে।

তেওঁলোকে বিচাৰিছে শীঘ্ৰেই এই খনন বন্ধ হ’ব লাগে। এতিয়া লক্ষ্যণীয় বিষয় হ’ব এক্স, সংবাদ মাধ্যমৰ আগত গৰ্জন দিয়া অসম আৰক্ষীৰ বৰমূৰীয়াই ৰাজনৈতিক ভাৱে প্ৰচুৰ ক্ষমতাশালী তথা কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুৰব্বী গৰাকী নিজেই এই খননৰ সৈতে জড়িত হৈ থকা বুলিও জনোৱাৰ পাছত তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব পাৰিবনে?

তেওঁ নিয়োগ কৰা এজেণ্টসকলক স্পৰ্শ কৰিব পাৰিবনে? মুখ্যমন্ত্ৰীয়ে ইয়াৰ সৈতে জড়িত ক্ষমতাশালী ৰাজনৈতিক নেতাৰ মুখাৰ আঁৰৰ মুখাখন খুলিব পাৰিবনে? পাৰিবনে তেওঁলোকক এই অবৈধ কাম-কাজৰ বাবে কাৰাগাৰৰ বন্ধ কোঠালিলৈ প্ৰেৰণ কৰিবলৈ? সৰ্বসাধাৰণৰ মাজত এতিয়া উত্থাপন হৈছে এই প্ৰশ্ন। 
 

 

অবৈধ কয়লাখনন কয়লাখনি