Advertisment

গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ জন্ম দিনটোক ৰেষ্ট্ৰিকটেড হলিডে' ঘোষণা

আজি অসম চৰকাৰে কেবিনেটত গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত অনুসৰি ১৮ এপ্ৰিলত গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ জন্ম দিনটো গুৰুদেৱ কালীচৰণ ব্ৰহ্ম জয়ন্তী হিচাপে ঘোষণা কৰা হৈছে।

author-image
Asomiya Pratidin
New Update
গুৰুদেৱ কালিচৰণ ব্ৰহ্ম

ডিজিটেল সংবাদ হাওৰাঘাটঃ আজি অসম চৰকাৰে কেবিনেটত গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত অনুসৰি ১৮ এপ্ৰিলত গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ জন্ম দিনটো গুৰুদেৱ কালীচৰণ ব্ৰহ্ম জয়ন্তী হিচাপে ঘোষণা কৰা হৈছে। চৰকাৰৰ এই সিদ্ধান্তৰ বাবে গুৰুদেৱ কালীচৰণ ব্ৰহ্ম টাষ্ট্ৰৰ সভাপতি ড° আজিত বড়োই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিৰ জৰিয়তে অসম চৰকাৰলৈ ধন্যবাদ জ্ঞাপন কৰিছে ।

Advertisment

এই সন্দৰ্ভত বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু, কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম আৰু বি টি আৰৰ মুৰব্বী প্ৰমোদ বড়োক গুৰুদেৱ কালীচৰণ ব্ৰহ্ম টাষ্ট্ৰৰ সভাপতিগৰাকীয়ে অশেষ ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ভৱিষ্যতে আৰু গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ আদৰ্শক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্থান দিয়াৰ ক্ষেত্ৰত সহায় সহযোগ কৰিব বুলি আশা প্ৰকাশ কৰে। 

উল্লেখযোগ্য যে গুৰুদেৱ কালীচৰণ ব্ৰহ্ম কেৱল ধৰ্ম গুৰুৱেই নাছিল, তেওঁ আছিল আধ্যাত্মিক গুৰু, সমাজ সংস্কাৰক আৰু দাৰ্শনিক। ১৯০৬ চনৰ পৰা ব্ৰহ্ম ধৰ্মক প্ৰচাৰ কৰাৰ লগতে বড়ো জাতিৰ ভাষা-সাহিত্য, সংস্কৃতি জীয়াই ৰখাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিছিল ।

আনহাতে অসমীয়া ভাষাক ৰক্ষাৰ ক্ষেত্ৰতো কাম কৰিছিল কালীচৰ ব্ৰহ্মই। পশ্চিম বংগৰ বিভাজনৰ সময়ত গোৱালপাৰা জিলাখন অসমতে ৰাখিবলৈ বিশেষ ভূমিকা গ্ৰহণ কৰিছিল।  

গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ ভূমিকা আৰু তেওঁৰ অৱদান অপৰিসীম। এই ক্ষেত্ৰত অসম চৰকাৰে গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ প্ৰতি যি সন্মান প্ৰদান কৰিলে সেয়া আদৰণীয় বুলি ড° অজিত বড়োই সংবাদ মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰে ।

১৮৬০ চনৰ ১৮ এপ্ৰিলত জন্ম গ্ৰহণ কৰা গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ আদৰ্শ বচাই ৰখাৰ বাবে গুৰুদেৱ কালীচৰণ ব্ৰহ্ম টাষ্ট্ৰে অসম চৰকাৰৰ সৈতে কাম কৰি যাব বুলিও মত প্ৰকাশ কৰে সভাপতিগৰাকীয়ে ।

গুৰুদেৱ কালীচৰণ ব্ৰহ্ম