ডিজিটেল সংবাদ,বোকাজানঃ কাৰ্বি আংলং জিলাৰ ২২ নং সৰুপথাৰ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত জপৰাজান ক্ৰীড়া সন্থা খেল পথাৰত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ ৰাজহ বিভাগৰ তৰফৰ পৰা কাৰ্বি আংলং স্বায়ত শাসিত পৰিষদৰ বোকাজান, বৰজান, সৰুপথাৰ, নীলিপ, দুৱাৰবাগৰি আৰু দেওপানী পৰিষদিয় সমষ্টিৰ অন্তৰ্গত থকা জনজাতীয় গঞা ৰাইজৰ মাজত মাটিৰ পট্টা বিতৰণ কৰা হয়।
উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাবে উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য ড০ তুলিৰাম ৰংহাং, ডিফু লোক সভা সমষ্টিৰ প্ৰাক্তন সাংসদ হৰেনছিং বে' প্ৰমুখ্যে পৰিষদৰ সদস্যৰ লগতে মাটি পট্টা বিতৰণ সভাত উপস্থিত থাকে অসম বিধানসভাৰ উপাধ্যক্ষ নোমল মুমিন আৰু ৰাজহ বিভাগৰ বিষয়াসকল।