মৰণোত্তৰ অংগ দানৰ সজাগতা বৃদ্ধিৰ বাবে কাম কৰা জুবলি ফাউণ্ডেশ্যনক কেন্দ্ৰীয় চৰকাৰৰ প্ৰশংসা…

মৰণোত্তৰ অংগ দানৰ সজাগতা বৃদ্ধিৰ বাবে কাম কৰা জুবলি ফাউণ্ডেশ্যনক কেন্দ্ৰীয় চৰকাৰৰ প্ৰশংসা…

ডিজিটেল ডেস্কঃ জনপ্ৰিয় কন্ঠশিল্পী জুবলি বৰুৱাই নিজৰ গীতেৰে দৰ্শকৰ মৰম বুটলিবলৈ সক্ষম হোৱাৰ লগতে তেওঁৰ নেতৃত্বত চলা জুবলি ফাউণ্ডেশ্যন নামৰ এন জি অ'টোৱে গ্ৰহণ কৰা এক বিশেষ পদক্ষেপৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা লাভ কৰিছে প্ৰশংসা পত্ৰ। জুবলি ফাউন্ডেশ্যন নামৰ এই এন জি অ'টোৰ জৰিয়তে কৰি অহা কামৰ বাবে সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰাম দাস আথৱালেয়ে এই বঁটা প্ৰদান কৰে কণ্ঠশিল্পীগৰাকীক।

উল্লেখ্য যে, উক্ত এন জি অ'টোৱে উত্তৰ-পূৰ্বাঞ্চলত মৰণোত্তৰ অংগ দান সন্দৰ্ভত সজাগতা বৃদ্ধিৰ দৰে এক পূণ্য কামৰ সৈতে জড়িত হৈ সমাজ মংগলৰ বাবে বিশেষ অৱদান আগবঢ়াই আহিছে। বৃহস্পতিবাৰে এন জি অ'টোৰ অধ্যক্ষা কণ্ঠশিল্পী জুবলি বৰুৱাক কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে মুম্বাইত প্ৰদান কৰে এই প্ৰশংসা পত্ৰ।

উল্লেখ্য যে, গুৱাহাটী মহানগৰীৰ ৰাজগড়ৰ আইকন একেডামীৰ সমীপৰ ৩ নংবাইলেনত জুবলি ফাউণ্ডেশ্যনৰ কাৰ্যালয়। এই কাৰ্যালয়ৰ জৰিয়তে এনে মহান কামৰ সৈতেআগবাঢ়িবলৈ যোগাযোগ কৰিব পাৰে ৮৮৭৬৩৬৫২৫৬ নম্বৰ। অথবা ই-মেইল কৰিব পাৰে info@zubleefoundation.com ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in