শেহতীয়া খবৰ
নগাঁৱত অবৈধ মাৰণাস্ত্ৰৰ উজান! ধিঙত সুৰাৰ আড্ডাত গুলীচালনাত এজন আহত  •  বাক্সাৰ বগামাটিত বন্যহস্তীৰ আক্ৰমণত ২জন আহত  •  'এমাজন'ত অক্টোবৰৰ পৰা পাব আৰ এছ এছৰ গোমূত্ৰ-গোবৰৰ চাবোন, টুথপেষ্ট  •  'এমাজন'ত অক্টোবৰৰ পৰা পাব আৰ এছ এছৰ গোমূত্ৰ-গোবৰৰ চাবোন, টুথপেষ্ট  •  ঘৰলৈ ওভতাৰ পথত অন্ধ্ৰপ্ৰদেশৰ ৰেল ষ্টেশ্যনত অসমৰ যুৱকক হত্যা  •  গুৰুজনাৰ ৫৭০ সংখ্যাক আৱিৰ্ভাৱ তিথিত পুৱাৰে পৰা হৰিনামৰ ধ্বনিৰে মুখৰিত ৰাজ্যৰ চৌদিশ  •  দুৰ্বল হংকঙৰ বিৰুদ্ধে ২৬ ৰানত ভাৰতৰ কষ্টকৰ জয়, আজি সমুখত পাকিস্তান  •  ভৰলুত ছুইফট ডিজায়াৰে মহতিয়ালে শিশুসহ ৮জনক  •  তিতাবৰত মাতৃক ঘপিয়াই হত্যা সুৰামত্ত পুত্ৰৰ  •  ত্ৰিপুৰাত আগতীয়া পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ বৃহৎ সাফল্য

এতিয়া কিয় ভীষণ ব্যস্ত জুবিন গাৰ্গ?

494

ডিজিটেল ডেস্কঃ মিছন চাইনাৰ অভুতপূৰ্ব সফলতাৰ পাছতে অচিৰেই ছবিঘৰলৈ আহিব জুবিন গাৰ্গৰ বহু অপেক্ষিত ছবি ‘কাঞ্চনজংঘা’। ইতিমধ্যেই ৯০ শতাংশ কাম সম্পূৰ্ণ হৈছে ছবিখনৰ।

অহা ১৫-১৬ ছেপ্তেম্বৰৰ ভিতৰতে বাকী থকা কামখিনিও সম্পূৰ্ণ কৰা হ’ব বুলি জানিবলৈ দিয়ে জুবিনে। তেজপুৰৰ ডিপোটা নদীৰ পাৰৰ মনোমোহা স্থানত ছবিখনৰ এটা গীতৰ শ্বুটিঙত ব্যস্ত থকাৰ সময়ত জুবিনে জনায় যে, অহা ১৮ ছেপ্তেম্বৰত ছবিখনৰ তিনিটা গীত মুক্তি দিয়া হ’ব।

খবৰ অনুসৰি ছবিখনৰ মাথোঁ তিনিটা গীতৰ শ্বুটিঙহে বাকী আছে। তেজপুৰৰ ভিন্ন প্ৰান্তৰ গ্ৰাম্য পটভূমিত শ্বুটিং কৰা ছবিখনত ৰূপকোঁৱৰৰ কালজয়ী কবিতা ‘কাঞ্চনজংঘা’ৰ সৰ্ম্পূণ আবৃত্তি কৰা হ’ব। মাঘ বিহুৰ পূৰ্বে মুক্তি পাবলগীয়া ‘কাঞ্চনজংঘা’ৰ পূৰ্বে অহা ৫ অক্টোবৰত ছবিঘৰলৈ আহিব জুবিনৰ আন এখন ছবি ‘আণ্ডাৰৱৰ্ল্ড’।

এই ছবিখনৰ প্ৰচাৰৰ পাছতে কাঞ্চনজংঘাৰ অন্তিম কামখিনিৰ বাবে জুবিন উৰা মাৰিব মুম্বাইলৈ। উল্লেখ্য যে, ‘আণ্ডাৰৱৰ্ল্ড’ ছবিখনত এটি মুখ্য চৰিত্ৰ ৰূপায়ণ কৰিছে প্ৰয়াত বিশিষ্ট অভিনেতা বিজু ফুকনেও। যি কি নহলেও, এতিয়া মাত্ৰ সাজু হওঁক, আহি আছে জুবিনৰ দুখনকৈ ছবি।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি