১০ বছৰ পিছত সংগীত জগতৰ পৰা সন্যাস ল’মঃ জুবিন গাৰ্গ…

১০ বছৰ পিছত সংগীত জগতৰ পৰা সন্যাস ল’মঃ জুবিন গাৰ্গ…

ডিজিটেল ডেস্ক, শালবাৰীঃ "আৰু দহ বছৰ ৷ দহ বছৰ পিছতে সন্যাস ল'ম সংগীত জগতৰ পৰা৷ থাকিম জংঘলত৷"- এই মন্তব্য ৰাজ্যৰ জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গৰ ৷ দহ বছৰ পিছেতে হাৰ্টথ্ৰৱ জুবিন গাৰ্গে সংগীত জগতৰ পৰা সন্যাস ল'ব ৷ বাক্সা জিলাৰ জালাহত অনুষ্ঠিত ৰঙালী বিহুৰ সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰি বুধবাৰে নিশা জুবিন গাৰ্গে কয় যে- দহ বছৰ পিছত তেওঁ জংঘললৈ যাব ৷ জংঘলত বাস কৰিব তেওঁ ৷

সাংস্কৃতিক সন্ধিয়াত এটাৰ পিছত আনটো জনপ্ৰিয় গীত পৰিৱেশন কৰি দৰ্শকক আপ্লুত কৰি জুবিন গাৰ্গে কয় যে- সংস্কৃতি ৰক্ষা কৰাৰ বাবে এতিয়া পুৰণি শিল্পীসকলক টানি আনিব নোৱাৰি৷ একলগ হৈ নতুন প্ৰজন্মটোৱেহে সংস্কৃতি ৰক্ষা কৰিব লাগিব৷

জনপ্ৰিয় কন্ঠ শিল্পীগৰাকীয়ে কয় যে- সদায় সংস্কৃতি ৰক্ষাৰ নামত যুঁজ কৰি থাকিব নোৱাৰিম৷ দহ বছৰ পিচত মই জংঘলত গৈ জীৱ-জন্তুৰ লগত থাকিম ৷ য'ত মোক কোনেও বিচাৰি নাপাব ৷ উল্লেখ্য যে, জালাহ আঞ্চলিক ৰঙালী বিহু উদযাপন উপলক্ষে অনুষ্ঠিত সাংস্কৃতিক সন্ধিয়াত দৰ্শকক নিয়ন্ত্ৰণ কৰিবলৈ অনুষ্ঠানৰ সময়ত সামান্যভাৱে আৰক্ষীয়ে লাঠিচাৰ্জ কৰিবলগীয়াও হয়৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in