বজ্ৰনীনাদঃ গান নহয়, এইবাৰ জুবিনৰ প্ৰতিবাদ

বজ্ৰনীনাদঃ গান নহয়, এইবাৰ জুবিনৰ প্ৰতিবাদ

ডিজিটেল ডেস্কঃ 'কেন্দ্ৰক কৈছো, আমি গৰু-ছাগলী নহয়। আমাক বুজি পাব লাগে।' বুধবাৰে আছুৰ শ্বহীদ ন্যাসত উপস্থিত হৈ কেন্দ্ৰীয় চৰকাৰক এই সকীয়নি প্ৰদান কৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গে। বিধেয়কখনৰ সন্দৰ্ভত শিল্পীজনে এসপ্তাহৰ পূৰ্বে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৈ প্ৰেৰণ কৰিছিল এখন পত্ৰ। পত্ৰখনত জুবিনে স্পষ্টৰূপত বিধেয়কখন বিৰোধিতা কৰা লগতে উচিত ব্যৱস্থা নললে ব্যাপক প্ৰতিবাদ আৰম্ভ হ'ব বুলিও উল্লেখ কৰিছিল। নিজৰ কথা ৰাখিয়েই জুবিনে বুধবাৰে সদৌ অসম ছাত্ৰসন্থাক নেতৃত্বক সাক্ষাৎ কৰি বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰে।

কাইলৈ অৰ্থাৎ বৃহস্পতিবাৰে বিধেয়কখনৰ বিৰুদ্ধে তেজপুৰত প্ৰতিবাদ সাব্যস্ত কৰিব জুবিনে। জুবিনক সহযোগ কৰিব আছুৰ সদস্যসকলে। বিধেয়ক খনৰ বিৰুদ্ধে অহা ২২ জানুৱাৰীত তেজপুৰত এটা গীতো মুক্তি দিয়া হ'ব। আছুৰ নেতৃত্বক সাক্ষাৎ কৰি জুবিনে প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰাৰ লগতে প্ৰতিবাদী কাৰ্যসূচীটোৰ নাম 'বজ্ৰনীনাদ' বুলি ঘোষণা কৰে। সংবাদ মাধ্যমৰ সন্মুখত জুবিনে কয়- 'কেন্দ্ৰই আমাক বুজি পাব লাগে,আমি গৰু-ছাগলী নহয়।আমি উৎপাত নকৰো ।সৰুৰে পৰা বাংলাদেশীক লৈ ৰাজনীতি কৰা দেখিছো ।ইমান উৎপাত কৰাতকৈ বাংলাদেশখনকে লওক, সকলো সমস্যা সমাধান হৈ যাব।' জুবিনৰ এই প্ৰতিবাদী কাৰ্যসূচীত আছুৰ তৰফৰ পৰা সম্পূৰ্ণ সমৰ্থন থাকিব বুলিও ঘোষণা কৰে আছুৰ নেতৃবৃন্দই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in