যোৰহাটত লগ পাওতে আমি বহু কথা পাতিছিলোঃ তৰুণ গগৈৰ খবৰ লৈ আৱেগিক জুবিন…

যোৰহাটত লগ পাওতে আমি বহু কথা পাতিছিলোঃ তৰুণ গগৈৰ খবৰ লৈ আৱেগিক জুবিন…

ডিজিটেল ডেস্কঃ শনিবাৰে মাজ নিশা অসুস্থ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ খবৰ লবলৈ জি এম চি এইচত উপস্থিত হৈছিলগৈ জুবিন গাৰ্গ। গগৈৰ খবৰ লৈ জুবিনে সংবাদমাধ্যমৰ আগত কয় যে, অৱস্থা সংকটজনক যদিও চমৎকাৰৰ আশাৰে বাট চাইছোঁ ।

তৰুণ গগৈৰ সৈতে সম্পৰ্কৰ কথা ৰোমন্থন কৰি তেওঁ কয়, "ছাৰ" বুলি সম্বোধন কৰিছিলো তেওঁক। ৰাজনৈতিক নেতা হলেও তৰুণ গগৈয়ে কেতিয়াও জুবিনৰ সৈতে ৰাজনীতিৰ কথা পতা নাছিল বুলি ব্যক্ত কৰে জুবিনে।

জুবিনে কয়, কেৱল সাহিত্য সংস্কৃতিৰ কথা আলোচনা কৰিছিল। অন্তিমবাৰৰ বাবে যোৰহাটত লগ পাই গগৈৰ সৈতে কি কথা পাতিছিল তাকো সুৱঁৰিলে জুবিনে। দিহে তেখেতক চমৎকাৰী শক্তিয়ে ঘূৰাই আনিব নোৱাৰে তেন্তে সেয়া বৃহৎ ক্ষতি হব অসমৰ বাবে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in