প্ৰলোভনৰ টোপ গিলিলে নেকি অজয় ফুকনে? ঘনিষ্ঠ অজয়ক নিষিদ্ধ কৰিলে জুবিন গাৰ্গে…

প্ৰলোভনৰ টোপ গিলিলে নেকি অজয় ফুকনে? ঘনিষ্ঠ অজয়ক নিষিদ্ধ কৰিলে জুবিন গাৰ্গে…

'কা' বিৰোধী আন্দোলনত জড়িত হৈ থকা আৰু জুবিন গাৰ্গৰ অতিকৈ ঘনিষ্ঠ বুলি পৰিচিত অজয় ফুকনৰ বিৰুদ্ধে অৱশেষত জুবিন গাৰ্গেই বিহিত ব্যৱস্থা ল'বলৈ বাধ্য হ'ল। অজয় ফুকন নামৰ এই যুৱকজনৰ শেহতীয়া কৰ্মৰাজিত অতীষ্ঠ হৈ শিল্পীগৰাকীয়ে ছ'চিয়েল মিডিয়াযোগে ঘোষণা কৰিলে যে অজয় ফুকনৰ সৈতে তেওঁৰ সমস্যা আছে।

এক নিৰ্ভৰযোগ্য সূত্ৰ অনুসৰি 'কা' আন্দোলনৰ গইনা লৈ অজয় ফুকন নামৰ তথাকথিত শিল্পীজনে কৰা শেহতীয়া কিছু কাম কাজক লৈ সন্দেহৰ সৃষ্টি হৈছে। যি সময়ত ৰাজ্যবাসীয়ে এই আইনখনৰ বিৰুদ্ধে স্বতঃস্ফূৰ্তভাৱে ৰাজপথলৈ ওলাই আহিছিল সেই সময়ত অজয় ফুকনে কৰা কিছু কাম কাজক লৈ অতীষ্ঠ হৈ পৰা জুবিন গাৰ্গে ফেচবুকত মুকলিকৈ লিখিলে যে মিষ্টাৰ অজয় ফুকন নামৰ যুৱক জনৰ সৈতে কাম কাজ কৰাত তেওঁৰ অসুবিধা আছে।

লগতে এই কথা স্পষ্ট কৰি দিয়ে যে অসমৰ শিল্পী সমাজ কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনৰ দ্বাৰাই পৰিচালিত। এই আন্দোলনৰ গইনা লৈ কোনো ৰাজনীতি নকৰিবলৈ সকীয়াই দি অজয় ফুকন জুবিন ফেন ক্লাৱৰ সৈতেও কোনো সম্পৰ্ক নাই বুলি ঘোষণা কৰে জুবিন গাৰ্গে। আমাৰ হাতত পৰা তথ্য মতে, চৰকাৰী পক্ষৰ প্ৰলোভনৰ জালত বন্দী হৈ পৰাৰ বাবেই জুবিন গাৰ্গে এই পদক্ষেপ ল'বলৈ বাধ্য হ'ল।

আছু তথা আন সংগঠনৰ নেতৃত্বকো উদ্দেশ্যি জুবিন গাৰ্গে কয়, 'যদি কোনোবাই ইয়াত ৰাজনীতি কৰাৰ চেষ্টা কৰে, তেনেহ'লে মই ইয়াত বাধা দিম।' জুবিন গাৰ্গে সেই ফেচবুক পোষ্টত লিখিলে- 'It's a special announcement.i have sm problems wth mr.ajay Phukan .pls don't come to any event calld by him.assam artiste association is directed by Kalaguru Artiste Foundation. i m there to declare everything while discussing wth Aasu n other organisations n senior artists.ASSAM artiste association is a unified group.there is no politics in it.n if someone tries to do it I wl smash him .ajay is no longer associated wth Z.G. Fan club '

মন কৰিবলগা যে, শেহতীয়া 'কা' বিৰোধী আন্দোলনৰ সময়ত অজয় ফুকনক প্ৰায়ে দেখা গৈছিল মঞ্চত। বহু গীতৰ কথা চুৰি কৰাৰ অভিযোগত অভিযুক্ত আছিল এইগৰাকী যুৱক। তৎস্বত্বেও জুবিন ফেন ক্লাৱৰ নাম লৈ বিভিন্ন সময়ত অজয় ফুকনে সংঘটিত কৰা কাৰ্যক লৈও বিতৰ্কৰ সূত্ৰপাত হৈছিল। তাৰ পাছত শেহতীয়াকৈ জুবিন গাৰ্গৰ এই স্থিতিয়ে 'কা' বিৰোধী আন্দোলনৰ নামত চৰকাৰী পক্ষৰ সৈতে সনা পিটিকা কৰি জাতীয় স্বাৰ্থৰ নামত অসমীয়াৰ আবেগক লৈ খেলা কৰা এনে তথাকথিত শিল্পীসকলৰ বিৰুদ্ধে জুবিন গাৰ্গে গ্ৰহণ কৰা ব্যৱস্থাক লৈ সন্তুষ্টি ব্যক্ত কৰিছে বিভিন্নজনে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in