সংকটমুক্ত জুবিন গাৰ্গ… VIDEO

সংকটমুক্ত জুবিন গাৰ্গ… VIDEO
  • গুৱাহাটী মহানগৰস্থিত নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন জুবিন গাৰ্গ।
  • বৰ্তমান তেওঁ সুস্থ বুলি জনালে চিকিৎসকে।
  • স্নায়ুজনিত ৰোগত আক্ৰান্ত হৈ হঠাতে ঢলি পৰিছিল জুবিন।
  • তেওঁৰ আত্মীয় তথা যথেষ্ট অনুৰাগীয়ে ভিৰ কৰিছেহি নেমকেয়াৰ হাস্পতালত।
  • টাউন ক্লাৱত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত ঢলি পৰিছিল তেওঁ।
  • মাটিত বাগৰি পৰাৰ পূৰ্বেই কাষত থকা লোকসকলে সাৱতি ধৰে জুবিন গাৰ্গক।
  • তাৰপাছতেই লগে লগে নেমকেয়াৰ হাস্পতাললৈ লৈ যায় তেওঁক।
  • মন্ত্ৰী নৱ কুমাৰ দলেয়ে নেমকেয়াৰত উপস্থিত হৈ জুবিনৰ স্বাস্থ্যৰ।
  • বৰ্তমান সংকটমুক্ত বুলি চিকিৎসকে জনোৱাৰ কথা সংবাদমাধ্যমৰ আগত অৱগত কৰিলে মন্ত্ৰীগৰাকীয়ে।
  • একেৰাহে কামত ব্যস্ত থকাৰ বাবে এনেধৰণৰ সমস্যাৰ সন্মুখীন হোৱা বুলি চিকিৎসকে জনাইছে।
  • বৰ্তমান নেমকেয়াৰৰ আই চি ইউতে আছে শিল্পীগৰাকী।
  • উল্লেখ্য যে, শিল্পী অনুৰাগ শইকীয়াৰ 'বৰগীত' নামৰ এলবামটিৰ উন্মোচনী অনুষ্ঠানত উপস্থিত আছিল জুবিন গাৰ্গ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in